Home অসম অসম লোকসেৱা আয়োগ দুৰ্নীতি মুক্ত হ’লেই অসম দুৰ্নীতি মুক্ত নহয়

অসম লোকসেৱা আয়োগ দুৰ্নীতি মুক্ত হ’লেই অসম দুৰ্নীতি মুক্ত নহয়

113
11

-লীলাকান্ত পায়েং –

‘চাকৰি আৰু কৰ্ম সংস্থাপন’ৰ আশাত লোকসভা আৰু বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰ গঠনত এক মুখ্য ভূমিকা পালন কৰিছিল নৱ-প্ৰজন্মই। কিন্তু আজি পৰ্যন্ত শিক্ষিত নিৱনুৱা যুৱক-যুৱতীৰ বাবে তেনে ধৰণৰ কোনো পদক্ষেপ লোৱা দেখা পোৱা ন’গল। বিজেপি চৰকাৰ গঠন হ’লে নিযুক্তি প্ৰক্ৰিয়াও নিকা আৰু স্বচ্ছ হ’ব বুলি আশা দিছিল নিৱনুৱা যুৱক-যুৱতীক। সম্পৰ্ণভাবে দুৰ্নীতিৰ অন্ত পেলাব বুলি সাধাৰণ ৰাইজক আশাও দিছিল। কিন্তু বৰ্তমান নিযুক্তি প্ৰক্ৰিয়াত হৈ থকা খেলি-মেলিবোৰ বাৰে বাৰে প্ৰমাণ দিয়ে যে নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতিৰ অন্ত পৰা নাই। কেতিয়াও হোৱা নাই আৰু হয়তো ভৱিষ্যতেও নহ’ব যেন অনুমান এটি পোৱা গৈছে। বৰ্তমান অসম চৰকাৰে নিজকে শূন্য সহনশীলতাৰ চৰকাৰ বুলি দাবী কৰে। প্ৰকৃততে আজিৰ তাৰিখত এই কথাত কিমান সত্যতা আছে। কিন্তু বৰ্তমানৰ পৰিস্থিতি লক্ষ্য কৰিলে শূন্য সহনশীলতাৰ কথা সহজে মানি ল’ব নোৱাৰি।

বিশেষকৈ আমাৰ নিচিনা দেশ তথা ৰাজ্যত দুৰ্নীতি মুক্ত কৰাটো অসম্ভৱ যেন লগা হৈ পৰিছে। কাৰণ দুৰ্নীতি আৰু বিদেশৰ বেংকত ক’লা ধন জমা কৰা ভাৰতীয়ৰ তালিকাখন সৰ্বাধিক। ক’লা ধন আৰু দুৰ্নীতিৰ বিপক্ষে আন্না আজাৰেৰ আন্দোলন আৰু নৰেন্দ্ৰ মোদীৰ বিমুদ্ৰাকৰণে দেশত তেনে বিশেষ পৰিৱৰ্তন আনিব নোৱাৰিলে। বিশেষকৈ কিছু বছৰ ধৰি আমাৰ অসমত বাতৰি কাকত তথা দূৰদৰ্শনৰ শীৰ্ষত থকা বিষয় আছিল অসম লোকসেৱা আয়োগৰ দুৰ্নীতি। কংগ্ৰেছৰ শাসন কালত অসম লোকসেৱা আয়োগৰ দুৰ্নীতি ইমানেই বাঢ়িল যে অৱশেষত অধ্যক্ষকে ধৰি সকলোবোৰ সদস্য আৰক্ষীৰ জালত পৰিল। কিন্তু অসম লোকসেৱা আয়োগৰ দুৰ্নীতি বন্ধ হ’লে জানো অসম দুৰ্নীতি মুক্ত অসম বুলিব নোৱাৰি।

বিজেপি চৰকাৰ অধীনস্থ চৰকাৰ খনেই অসম লোকসেৱা আয়োগত হৈ থকা দুৰ্নীতিত নাকী লগাই অসম দুৰ্নীতি মুক্ত হ’ল বুলি প্ৰমাণ দিব বিচাৰে। সকলোৱে জানে যে অসম লোকসেৱা আয়োগে বিভিন্ন সময়ত অসম প্ৰশাসনিক বিষয়াৰ পৰা আদি কৰি বিভিন্ন বিভাগত নিযুক্তি হ’বলগীয়া পদৰ বাবে মৌখিক আৰু লিখিত সাক্ষাৎকাৰ পাতি আহিছে। বহুতেই ক’ব বিচাৰে যে বৰ্তমান অসম লোকসেৱা আয়োগে মেধাৰ ভিত্তিত বাছনি কৰি নিযুক্তি প্ৰদান কৰি আছে। কিন্তু ইমান বছৰে অসম চৰকাৰৰ বাবে পইচা ঘটাৰ ভঁৰাল হিচাপে জনাজাত অসম লোকসেৱা আয়োগে বৰ্তমান সঁচাকৈয়ে মেধাৰ ভিত্তিত নিযুক্তি দিয়া কথাত কিমান সত্যতা আছে কোনেও নাজানে। শেহতীয়াকৈ তাৰে প্ৰমান দিলে অসম লোকসেৱা আয়োগে।

অসম প্ৰশাসনিক বিষয়াৰ হৈ যোৱা প্ৰাৰম্ভিক পৰ্যায়ৰ পৰীক্ষাৰ উত্তৰ বহী দুবাৰকৈ উলিয়াই দিয়াই প্ৰমান কৰে যে আজিও অসম লোকসেৱা আয়োগে পূৰ্বৰ কলংকিত অধ্যয়ৰ পৰা মুক্ত হ’ব পৰা নাই। এনে ভুলে প্ৰমাণ কৰে যে আজিও অসম লোকসেৱা আয়োগৰ অধ্যক্ষকে ধৰি সদস্যই নিজৰ দায়িত্ব ভালদৰে পালন কৰা হোৱা নাই। তথাপিও বৰ্তমান অসম লোকসেৱা আয়োগে বিভিন্ন বিভাগৰ মৌখিক সাক্ষাৎকাৰ সমূহ ‘এপিএছচিশ্চপ্ৰচিডিউৰ এও কনডা’ বিজনেজগ্গ ৰুল, ২০১০ ৰ নীতিৰ আধাৰত অধ্যায় নম্বৰ-৩ ১ ডাইৰেক্ট ৰিকুইটমেণ্ট নিযুক্তি প্ৰক্ৰিয়াৰ যোগেদি বিভিন্ন বিভাগৰ কাৰিকৰী স্নাতকৰ বিষয়াক নিযুক্তি দি থকা হৈছে। ৰাকেশ পালৰ কাৰ্যকাল অৱস্থাত ২০১০ বৰ্ষৰ ২ আগষ্টত ফাইল নম্বৰ নং ১৬৫ পিএছচিযআৰআৰ-১য৮৭-৮৮ ভাৰতীয় সংবিধানৰ ৩২০ অনুচ্ছেদৰ আধাৰত পূৰ্বৰ সকলো নিযুক্তি প্ৰক্ৰিয়া উঠাই দি নতুনকৈ ‘এপিএছচি, প্ৰচিডিউৰ এও কনডা বিজনেজ ৰুল, ২০১০ নীতি গৃহীত কৰা হয় আৰু এই নিয়োগ প্ৰক্ৰিয়াৰ নীতিৰ আধাৰতে বৰ্তমান অসম লোকসেৱা আয়োগে বাছনি কৰি থকা হৈছিল যদিও কিছু দিনৰ আগতেই নতুনকৈ ‘এপিএছচি, প্ৰচিডিউৰ এও কনডা বিজনেজ ৰুল, ২০১৯’ প্ৰস্তুত কৰি উলিয়াইছে বুলি নিউজ চেনেল আৰু বাতৰি কাকতত প্ৰত্যক্ষ কৰা হয়।

বিশেষকৈ ‘এপিএছচি, প্ৰচিডিউৰ এও কনডা বিজনেজ ৰুল, ২০১০ যোগেদি ডাইৰেক্ট ৰিকুইটমেণ্ট নিযুক্তি প্ৰক্ৰিয়াটো বৰ্তমান সময়ত গ্ৰহণ যোগ্য নহয়। কিন্তু বিভিন্ন বিভাগে নিজাববীয়াকৈ বিভিন্ন সময়ত নিযুক্তি প্ৰদান কৰি আহিছে। কিন্তু এনে নিযুক্তি প্ৰক্ৰিয়াত এতিয়াও যে দুৰ্নীতি চলি আছে এইবোৰৰ স্পষ্ট ভাবে পৰিলক্ষিত হয়। বিজেপি চৰকাৰৰ আমোলত হোৱা কেইবাটাও নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰী হৈ আছে। অসম চৰকাৰে অসম লোকসেৱা আয়োগত ফ’কাচ কৰিলেও বাকী বিভাগীয় বাছনি পৰীক্ষাৰ খেলি-মেলিবোৰ পূৰ্বৰ দৰে অক্ষুন্ন আছে বুলিব পাৰি।

কিন্তু শেহতীয়াকৈ ৰাজ্য চৰকাৰে পতা কেইবাটাও নিযুক্তি প্ৰক্ৰিয়াৰ বাছনি পৰীক্ষাত বিশংখলতা আৰু বেমেজালিৰ সৃষ্টি হৈছে। শেহতীয়াকৈ বন বিভাগৰ বাছনি পৰীক্ষাত হোৱা ব্যাপক অনিয়ম আৰু বিশৃংখলতাই চাঞ্চল্যৰ সৃষ্টি হৈছিল। বন বিভাগৰ বাছনি পৰীক্ষাৰ খেলি মেলি মাৰ যাবলৈ নোপোৱাৰ আগতেই পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ভিন্ন পদৰ বাবে হোৱা বাছনি পৰীক্ষাত হোৱা চূড়ান্ত অৰাজকতাই আকৌ এবাৰ প্ৰমাণ কৰিলে যে শিক্ষিত নিৱনুৱা যুৱক-যুৱতীক লৈ বাছনি পৰীক্ষাৰ নামত অসম চৰকাৰে এখন নাটক ৰচিলে। আচলতে আজিকালি সাধাৰণ জনতাক দেখুৱাবলৈহে মাত্ৰ নামফাকিকে পৰীক্ষা অনুষ্ঠিত কৰা হয়। যোগ্যতা আৰু মেধাৰ ভিত্তিত বাছনি হোৱাহেঁতেন মেধাবী যুৱক-যুৱতীৰ কপাল ফুলিল হেঁতেন তাত কাৰো সন্দেহ নাছিল। কিন্তু আগতীয়াকৈ প্ৰশ্ন কাকত ফাদিল হোৱা, পৰীক্ষা কেন্দ্ৰত ম’বাইল ফোন ব্যৱহাৰ, হোৱাটআপ, প্ৰশ্ন কাকতৰ সৈতে ছিৰিজ নম্বৰ মিলাই উত্তৰ লৈ যোৱা, হেডফোন আৰু কেলকুলেটৰ ব্যৱহাৰ ইত্যাদি ইত্যাদি অসংখ্য বেমেজালিয়ে প্ৰমাণ কৰিলে যে বাছনি পৰীক্ষা ভেকোভাওনাৰ বাহিৰে আন একো নাছিল। ইতিমধ্য ভিন্ন পদ সমূহ মন্ত্ৰী, বিধায়কে নিজৰ নিজৰ হাতৰ মুঠিত ৰাখিছে আৰু কিছুমান দেখুৱাবলৈ নামমাত্ৰহে পৰীক্ষাত অবতীৰ্ণ হৈছিল।

কেন্দ্ৰত হোৱা বেমেজালি বাদেই দিছো কিন্তু প্ৰশ্নকাকত আগতীয়াকৈ কেনেকৈ পালে। এইয়া বহুত ডাঙৰ প্ৰশ্ন। কিন্তু ইমানবোৰ বেমেজালি হোৱাৰ পাছতো পঞ্চায়তৰ দায়িত্বত থকা মন্ত্ৰীয়ে স্বচ্ছ আৰু নিকাৰে পৰীক্ষা অনুষ্ঠিত হোৱা বুলি উল্লেখ কৰি জনতাই যেতিয়া পাহৰিবলৈ ধৰিলে তেতিয়া কোনো ধৰণৰ মৌখিক সাক্ষাৎকাৰ নপতাকৈ ডাইৰেক্ট নিযুক্তি পত্ৰ প্ৰদান কৰে। তাৰ কিছু দিনৰ পাছতেই অসম চৰকাৰে এপিডিচিএলৰ বিভিন্ন পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰি লিখিত পৰীক্ষা আয়োজন কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ নিযুক্তি প্ৰক্ৰিয়াৰ দৰে এই একে খেলি-মেলি।

আচলতে ৰাজ্য চৰকাৰেও জানে যে পৰীক্ষা খেলি-মেলি হ’লে জনতাই দুদিনমান চিঞৰ বাখৰ কৰিব, বাতৰি কাকতৰ হেড লাইন হ’ব, নিউজ চেনেলৰ ব্ৰেকিং নিউজ হ’ব, তাৰ পাছত মানুহবোৰ ভাগৰি পৰিব, মানুহে পাহৰিব আৰু লাহে লাহে চুপ হৈ যাব। তাৰ পাছত আকৌ সকলো ভাল অৱস্থালৈ আহিব।

পূৰ্বতেও আজিৰ অৱস্থাৰ সৃষ্টি হৈছিল, বৰ্তমানেও এনেদৰে চলি আছে আৰু ভৱিষ্যতেও চলি থাকিব। দুৰ্নীতি নিৰ্মূল হোৱা বুলি মানুহক অসম চৰাৰে অসম লোকসেৱা আয়োগত ফ’কাচ কৰি আহিছে কিন্তু এনে ক্ষেত্ৰত বাকী ভিন্ন বিভাগৰ ভিন্ন পদৰ বাবে আয়োজিত বাছনি পৰীক্ষাত নাকী লগাব পাৰিব নে। অকল অসম লোকসেৱা আয়োগ নিকা হ’লে অসম দুৰ্নীতি মুক্ত নহয়। এই একেই বিভাগ, এই একেই পৰীক্ষা, এই একেই চকীত বহা মানুহজন, এই একেই মন্ত্ৰী, এই একেই বিধায়ক, এই একেই নেতা আৰু এই একেখনেই নাটক। এই একেই পুৰণি চিষ্টেম আৰু দুৰ্নীতিৰ নামত এক দীঘলীয়া তদন্ত।
ফোনঃ ৮০১১৭৭৮০৩৮

11 COMMENTS

  1. you are really a just right webmaster. The website loading velocity is amazing.
    It sort of feels that you are doing any distinctive trick.
    In addition, The contents are masterwork. you’ve done a magnificent process on this
    matter!

  2. When I originally left a comment I appear to have clicked the -Notify me when new comments are added- checkbox and now
    every time a comment is added I get 4 emails with the exact same comment.
    Perhaps there is a way you can remove me from that service?
    Thanks!

  3. Great blog! Do you have any hints for aspiring writers?

    I’m planning to start my own site soon but I’m a little lost on everything.

    Would you suggest starting with a free platform like WordPress
    or go for a paid option? There are so many options out there that I’m totally confused ..
    Any tips? Kudos!

  4. Gakbling in fact is tempting as it appears gettting wonderful means to win Bucks.

    Everybody desires to get rich from gaming. Unfortunately,
    some peoople end up losing on everythin they own. Thiis is how come this fundamental to undedrstand when to play, what amopunt tto bet, and when you like too eliminate.

    A a valuable thing to note when happen to be considering playing an 918kiss slot
    gaame features is that the winnings may
    be greater purchase win. Is actually a because supported by the secretion oof
    online slots costs less ffor the establishment thazn only a traditional one of them.
    Thhe player does not have to know too so very much more about “how to win” online.
    This particular really is because the instructions for your online casino and slots aree
    very simple to looked over.

    So will have to be prepared to play for your
    long run, short term results may vary so avoid getting frustrated, its increasing your
    bankroll long term your pondering about.

    In comparison too itts ttip nujber one, knowing when inn order to is
    alwayss the answer to more funds. Control is historical past off thee
    of online game when referring to gambling, and internet casinos are the same from this.

    Slot machines become very entertaining and in order to play become more serious .

    you’ve reached your peak limit or even your emotions aare already heating up, the ideal thing tto do is in order to playing and let finding out
    continue some other day. Keep in mind there a lot more days that to win and
    gain profit. Don’t insist everything on onee blow.

    Setting a budget will help ptotect you whenever long losing streaks.
    Don’t gamble a lot moree you can afford to cut down. Setting a
    profit cut off a very good idera as most certainly.
    As soon ass your profits reach thius amount, stop betting
    and enjoy your profits.

    Online slot games could be a fun seleection for those who don’t put on a lot ofcash.
    It is really a relatively secfure choice. It’s an effortless game that doesn’t require any technique or guesswork.
    There are now not any “slot faces” like there are poker people.

    The above misconceptions are widespread and mopre than 100 yearss from
    knowing how thee RNG works, it is lady luck that determines the huge jacdkpot payback as far as you is concerned. http://lajollashoresinfo.com/__media__/js/netsoltrademark.php?d=win88.today%2F918-kiss-scr888-2018%2F

LEAVE A REPLY

Please enter your comment!
Please enter your name here