Home মুখ্য পৃষ্ঠা বানপানীঃ ৰাষ্ট্ৰীয় সমস্যাৰ স্বীকৃতিকৰণ আৰু দুৰ্দশা

বানপানীঃ ৰাষ্ট্ৰীয় সমস্যাৰ স্বীকৃতিকৰণ আৰু দুৰ্দশা

36
0

-লিংকন কলিতা-

বিশিষ্ট অৰ্থনীতিবিদ মনমোহন সিং ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈ থকা সময়ৰে পৰা আজি নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যকাললৈকে এক বৃহৎ পৰিক্ৰমা পাৰ হৈ গ’ল কিন্তু আজিকোপতি বানপানীক ৰাষ্ট্ৰীয় সমস্যাৰূপে স্বীকৃতি দিয়াৰ বাবে যি প্ৰচেষ্টা তাক আজিকোপতি সফল কৰিব পৰা নগ’ল। এইবেলিও সদনত দুগৰাকী সাংসদেও ৰাষ্ট্ৰীয় সমস্যা হিচাপে বানপানীক স্বীকৃতি দিয়াৰ বাবে দাবী কৰিছে যদিও সফল যে নহ’ব তাক বিগত বৰ্ষকেইটিৰ কথা পঢ়িলে ক’ব পাৰি।

আজি অসম বাঢ়নী পানীৰে ডুব গৈ আছে। মহানগৰীৰ কিছু কিছু অংশৰ পৰা আৰম্ভ কৰি চৰ-চাপৰিলৈকে সৰ্বত্ৰতে কেৱল ঘোলা-লেতেৰা পানী। তাৰোপৰি অসমৰ প্ৰায়কেইখন নৈ-উপনৈয়ে ধাৰণ কৰিছে কালৰূপ। আকৌ জীৱ-জন্তুৰ দুৰ্দশাৰ কাহিনীটো নতুনকৈ কোৱাৰ দৰকাৰ নাই। বহু লাখ লাখ জনগণ বাঢ়নী পানীৰ বাবে জীয়াতু ভুগিব লগা হৈছে, হাহকাৰ কৰিব লগা হৈছে এটুপি খোৱা পানীৰ অভাৱত, আত্মীয়ৰ মৃত্যুত শ্ৰাদ্ধকণ পাতিবলৈও ঠাই নাই, খোৱাৰ বাবে পৰ্যাপ্ত পৰিমাণে খাদ্যৰ অভাৱ, থাকিবলৈও নিৰাপদ আশ্ৰয়ৰ অভাৱ, পশুধনৰ সুৰক্ষাৰ অভাৱ আদি নান ধৰণৰ সমস্যাই ভাৰাক্ৰান্ত কৰি তুলিছে। তদুপৰি নিবনুৱা সমস্যাক প্ৰত্যাহবান হিচাপে লৈ পশুধনেৰে স্বাবলম্বী হ’ব খোজা লোকসকলেও সুৰক্ষাৰ অভাৱত ভুগিছে পশুধনসকলকলৈ। আকৌ আন এটা দুখঃজনক খবৰ এয়ে যে বানপানীৰ বাবে ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বন্য জন্তুসমূহৰ হাহাকাৰ। সিদিনা ৰাষ্ট্ৰীয় সম্পদৰূপে গণ্য কৰা দুষ্প্ৰাপ্য গড় এটি নিৰাপদ স্থানলৈ বুলি যাত্ৰা কৰোতে শিলৰ ফাকত সোমাই ওলাব নোৱাৰি পাঁচঘণ্টা ধৰি মৃত্যুৰ স’তে যুঁজি অৱশেষত মৃত্যুক আকোৱালি লয়। যিটো আমাৰ বাবে নিঃসন্দেহে দুখঃজনক।

বাতৰি খবৰত পঢ়িবলৈ পোৱা মতে অসমৰ বানপানীৰ নামত যিমানখিনি ধন আৱন্টিত হয় তাৰ অতি কম সংখ্যকহে হেনো খৰচ কৰে। নিশ্চিতভাৱে ই এটা কুৰুচিপূৰ্ণ কাৰ্য। বানপীঢ়িত অঞ্চলৰ জনগণৰ লগত এনেদৰে খেল খেলাটোও অশোভনীয়, এয়া মানৱীয় প্ৰমূল্যৰ পৰা কোটি কোটি দূৰত্বত। উল্লেখযোগ্য যে বানপীঢ়িত ঠাইৰ কষ্টটো বাদেই বানৰ বাবে বছৰি আঠ-দহ হাজাৰ কোটি টকাৰ সম্পদৰ লোকচান ভৰিব লগা হৈছে তাৰোপৰি বানপানী শেষ হোৱাৰ পাছটো ভুগিব লগা হয় নান ধৰণৰ কালৰূপী সমস্যাৰ।

ইমানবোৰ দা-দুৰ্দশাৰে অসমৰ জনগণে জীয়াতু ভুগিব লগা সত্বেও বানক ৰাষ্ট্ৰীয় সমস্যাৰূপে গণ্য নকৰাটোৱে যে অসমক মাহী আইৰ দৃষ্টিৰে চৰকাৰে চোৱা কথাটো বিশেষ দকৈ নাভাৱিলেও তাৰ উমান পাব পাৰি। আজিকোপতি কোনো এটা মথাউৰিৰে কাম ভালদৰে হৈ নুঠিল। হাজাৰ হাজাৰ বিঘা মাটিৰ শষ্য পানীৰ তলত প্ৰাণ গ’ল, অথলে গ’ল শ শ কৃষিজীৱী চহা পৰিয়ালৰ কপালৰ ঘাম। তাৰ পাছটো শিল হৈয়ে ৰল মন্ত্ৰী-বিষয়াৰ নিৰ্দয় বুকুবোৰ। সকলোৱে ৰাষ্ট্ৰীয় সমস্যা কৰাৰ বাবে চিঞৰে যদিও শেষত গৈ সকলো একে হয়গৈ। ইমানবোৰ দুৰ্দশাৰ পাছটো বানপানীক ৰাষ্ট্ৰীয় সমস্যা নকৰাটো দুখঃজনক।

ফোনঃ ৭৬৩৭৯-৫২০৩২

LEAVE A REPLY

Please enter your comment!
Please enter your name here