Home মুখ্য পৃষ্ঠা সংকটত অসমৰ আঞ্চলিকতাবাদী ৰাজনীতি…

সংকটত অসমৰ আঞ্চলিকতাবাদী ৰাজনীতি…

42
0

-জিতুল বৰা-

ঞ্চলিকতাবাদ ৰাজনীতি শেহতীয়াকৈ দেশৰ বিভিন্ন ৰাজনৈতিক ঘটনাক্ৰমে প্ৰাসংগিক হৈ পৰিছে। শেহতীয়াকৈ অন্ধ্ৰপ্ৰদেশৰ শক্তিশালী ৰাজনৈতিক দল তেলেগু দেশম পাৰ্টিৰ সমৰ্থন প্ৰত্যাহাৰ বিষয়টোৱে বৰ্তমান শাসনাধিষ্ঠ এনডিএ চৰকাৰক বাৰুকৈয়ে বিপাঙত পেলাই গৈছে। চন্দ্ৰবাবু নাইডু নেতৃত্বাধীন তেলেগু দেশম পাৰ্টিয়ে ২০১৪ চনৰে পৰা এনডিএৰ অংশীদাৰ হৈ আছিল যদিও শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে অন্ধ্ৰপ্ৰদেশে লাভ কৰি অহা বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰত্যাহাৰ কৰাৰ প্ৰতিবাদত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ তেলেগু দেশম পাৰ্টিৰ দুজন সাংসদে পদত্যাগ কৰে আৰু দলটোৱে শাসনাধিষ্ঠ কেন্দ্ৰ চৰকাৰে মৰ্চাৰ পৰা আঁতৰি আহে।

সেইদৰে আঞ্চলিকতাবাদী আন দলেবাৰৰ ভিতৰত মেঘালয়ৰ এনপিপি নাগালেণ্ডৰ এনডিপি আৰু এনপিএফ, উত্তৰ প্ৰদেশ আৰু বিহাৰৰ উপ-নিৰ্বাচনত সেইদৰে আঞ্চলিক দল সদৃশ এচপিবিএছপি আৰু আৰজেডিৰ প্ৰাৰ্থী বিজয়ী হৈছে। অসমৰ প্ৰেক্ষাপটত আঞ্চলিকতাবাদী দল বুলিলেই আমাৰ মনলৈ আহে অসম গণ পৰিষদ দলৰ কথা।

১৯৮৫ চনৰ ১৫ আগষ্টত ঐতিহাসিক অসম চুক্তি স্বাক্ষৰ হোৱাৰ পাছতেই সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই অসম গণ পৰিষদ দল গঠন কৰিছিল। উল্লেখযোগ্য যে সদৌ অসম ছাত্ৰ সন্থাই জন্ম দিয়া অসম গণ পৰিষদ দলে ১৯৮৫ চনৰ পৰা ১৯৮৯ চনলৈ আৰু ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ দুবাৰকৈ অসমত চৰকাৰ গঠন কৰিছিল।

কাৰ্যত কিন্তু যিমান সফল হ’ব বুলি আঞ্চলিক দলটোক ভবা হৈছিল সিমান একোৱেই নহ’ল। মূলতঃ অসম চুক্তিক কেন্দ্ৰ কৰি গঠন হোৱা এই দলটোৱে দুটাকৈ কাৰ্যকাল অসমত শাসন কৰিবলৈ পাইছিল যদিও বিদেশী সমস্যা, ভাৰত-বাংলা সীমান্ত সমস্যা, নিবনুৱা সমস্যা আদি একোৱেই যেন কাৰ্যক্ষেত্ৰত ৰূপায়ন নকৰিলে। কেৱল ক্ষমতা আৰু ব্যক্তি স্বাৰ্থক প্ৰাধান্য দি কাম-কাজহে কৰিবলৈ ধৰিলে।

সেয়েহে হয়তো তৃতীয়বাৰৰ বােব এই আঞ্চলিক দলটোক অসমত শাসন কৰিবলৈ অসমৰ জনসাধাৰণে সুবিধাকনো নিদিলে। বিগত কেইবাদশক ধৰি এই আঞ্চলিক দলটোত কোনো নতুন মুখ দেখা পোৱা নগ’ল। বিগত তিনিটা দশক একে কেইজন নেতাই একোেবাৰ ইচ্যু আৰু কম-বেছি পৰিমাণে আৱেগক বুকুত বান্ধি অগপ পৰিচালিত কৰি আহিছে আৰু তাৰ মাজতেই কেইজনমান সুবিধাবাদী জ্যেষ্ঠ নেতাই আঞ্চলিকতাবাদ জলাঞ্জলী দি কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ বােব ৰাষ্ট্ৰীয় ৰাজনৈতিক দলত যোগদান কৰিলে।

এতিয়া সেইসকল নেতাৰ ভাষ্য শুনিলে হয়তো আেপানাৰ বা মোৰ চকু কপালত উঠিব। শেহতীয়াকৈ ‘নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬’ ক লৈ অসমত আঞ্চলিক দলে যিখন নাটক ৰচনা কৰি শেহত পদত্যাগ কৰিলে তাক কিন্তু শেষ মুহূৰ্তত অসমৰ সৰ্বস্তৰৰ জনসাধাৰণে বিনাদ্বিধাই সমৰ্থন কৰিছিল আৰু এইটোৱেই আছিল অসমত অগপৰ ‘টাৰ্নিং পইন্ট’।

কিন্তু ৰাইজৰ আশা-আকাংক্ষাক জলাঞ্জলী দি কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ বােব শেহতীয়াকৈ পুনৰ অসমত শাসনাধীস্থ ভাৰতীয় জনতা পাৰ্টিৰ লগত মিত্ৰতা কৰি যেন অগপই তেওঁলোকে পোৱা সুৱৰ্ণ সুযোগটোও হাতৰ পৰা এৰি দিলে। নিজৰ ক্ষমতা আৰু স্বাৰ্থৰ বােব মিত্ৰতা কৰিবলৈ গৈ নিজৰ স্বৰূপ নিজেই হয়তো অগপই উদঙাই দিলে। অসমত আঞ্চলিকতাবাদ ৰাজনীতিৰ শেষ কফিনত যেন অগপই নিজেই গজাল মাৰিলে। হয়তো দ্বিতীয়বাৰ অসমৰ ৰাইজক আৰু বুৰ্বক সজাব নোৱাৰিব।

অগপৰ এতিয়াৰ নেতৃত্বই এইটো কথা মনত ৰখা উচিত যে ১৯৮৫ চনৰ অসম আৰু এতিয়াৰ অসমৰ মাজত আকাশ-পাতাল পাৰ্থক্য আছে। জনগাঁঠনি, ভৌগোলিক অৱস্থিতি, ভাষিক গোষ্ঠীৰ বিতৰণঃ এই সকলোতে এতিয়া পাৰ্থক্য আহি পৰিছে। আটাইতকৈ দুখৰ বিষয় এই যে, এতিয়াও অসমৰ আঞ্চলিক দল অগপই নতুন প্ৰজন্মক আকৰ্ষিত কৰিব পৰা নাই।

কিন্তু এতিয়াও অগপৰ তৃণমূল পৰ্যায়ত হাজাৰ হাজাৰ কৰ্মী আছে। যি সকলে মনে-প্ৰাণে আঞ্চলিকতাবাদত বিশ্বাসী, সেয়েহে অগপক বিনাদ্বিধাই সমৰ্থন কৰি আহিছে। বৰ্তমান বহুকেইগৰাকী অগপ কৰ্মীয়ে অগপ নেতৃত্বই আঞ্চলিকতাবাদৰ পথৰ পৰা আঁতৰি যোৱাৰ অভিযোগত বিদ্ৰোহী হৈ পৰিছে বা দল ত্যাগ কৰিছে সি কিন্তু শুভলক্ষণ নহয়।

সময় থাকোতেই অগপই নিজক সংস্কাৰ কৰাৰ প্ৰয়োজন। ভাৰতবৰ্ষৰ অন্য প্ৰদেশত ৰাষ্ট্ৰীয় দল সমূহে যেনেদৰে আঞ্চলিক দল সমূহক ক’ব নোৱাৰাকৈ গ্ৰাস কৰি নিঃশেষ কৰিছে সেইয়া হ’বলৈ যেন অগপৰ আৰু বেছি দিন নাই। সেয়ে, অসমত পুনৰ আঞ্চলিকতাবাদৰ প্ৰসঙ্গ বাৰে বাৰে উত্থাপন হ’বলৈ ধৰিছে।
ফোনঃ ৯১০১২৯৭৫৬৬

LEAVE A REPLY

Please enter your comment!
Please enter your name here