Home অসম কংগ্ৰেছ দলৰ অন্তঃকলহ

কংগ্ৰেছ দলৰ অন্তঃকলহ

35
0

ভাৰতৰ জাতীয় কংগ্ৰেছ দলটো মুৰববী বিহীন হিচাপে চলিছে বুলি ধৰিব পাৰি। যোৱা নিৰ্বাচনত বিজেপিৰ হাতত ধৰাশায়ী হোৱা ১৩৫ বছৰ পুৰণি দলটোৱে অৱশেষত মূৰ নত কৰিবলৈ বাধ্য হৈ পৰিল। স্বাধীনতাৰ আগেয়ে জন্ম লাভ কৰা দলটোৱে ক্ৰমান্বয়ে নিজৰ শক্তি হ্ৰাস কৰি অৱশেষত বিজেপিৰ হাতত ধৰাশায়ী হৈ ৫০ টাতকৈও কম আসন লাভ কৰি বিৰোধী দলৰ সন্মানীয় আসনখনো হেৰুৱালে।

উল্লেখযোগ্য কথাটো হ’ল স্বাধীনতাৰ আগত মহাত্মা গান্ধীৰ নেতৃত্বত দলটোৱে ভাৰতৰ জনসাধাৰণৰ অফুৰন্ত সমৰ্থন লাভ কৰিছিল। ব্ৰিটিছেও অৱশেষত ভাৰতীয় জাতীয় কংগ্ৰেছ দলটোৰ হাতত শাসনভাৰ গটাই দিবলৈ ইচ্ছুক হৈছিল। কিন্তু ব্ৰিটিছ চৰকাৰে এই সময়তে ভাৰতবৰ্ষক দিখণ্ডিত কৰিবলৈ পৰিকল্পনা ৰচনা কৰিলে। যাৰ কাৰণে অৰ্থনৈতিক, ৰাজনৈতিক আদি সকলো ক্ষেত্ৰতেই ভাৰতবৰ্ষই যেন বিশ্বৰ আন ৰাষ্ট্ৰৰ দৰে আগবাঢ়ি যাব নোৱাৰে।

অৱশেষত তাৰ পৰিণতি আৰু কূট কৌশলৰ বাবে বৃহৎ ভাৰতবৰ্ষখনত আন এখন ৰাষ্ট্ৰ পাকিস্তান নামেৰে গঠিত হ’ল। ফলত দুয়োখন ৰাষ্ট্ৰই অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে বহুক্ষেত্ৰত দুৰ্বল বুলি পৰিণত। স্বাধীনতাৰ পিছত ভাৰতত কংগ্ৰেছ দলটোৱে যিমান দিন শাসন কৰিলে ভাৰতত অইন দলে ইমানদিন শাসন কৰিবলৈ সমৰ্থ হোৱা নাই। দুৰ্ভাগ্য ক্ৰমে ভাৰতত গণতান্ত্ৰিক দেশ হিচাপে বিজেপিৰ দলটোৱে কংগ্ৰেছ দলতকৈ নিৰ্বাচনত অধিক জনসাধাৰণক আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈ পৰিল।

যাৰ পৰিণতিত এই দলটোৱে তিনিবাৰকৈ শাসনৰ গাদীত বহিবলৈ সমৰ্থ হ’ল। কংগ্ৰেছ দলৰ বিফলতাৰ প্ৰধান কাৰণটোৱে হ’ল এই দলটোৰ পৰিয়াল কেন্দ্ৰিক ব্যৱস্থাৰ বাবেই লাহে লাহে জনসাধাৰণৰ আস্থা কমি আহিল। তাৰ ফলত যোৱাটো নিৰ্বাচনত বেয়াকৈ আঘাত পাই জয়ী হ’ব নোৱাৰা দলটোৰ মুৰববী অধ্যক্ষ ৰাজীৱ গান্ধীয়ে তাৰ বাবে নিজকে দোষী সাব্যস্ত কৰি দলটোৰ পৰা অধ্যক্ষ পদ ত্যাগ কৰিছিল। দলটোত এনে এগৰাকী নিৰ্বাচিত প্ৰাৰ্থী নোলাল যাৰ কাৰণে দলটোৰ নতুন এগৰাকী অধ্যক্ষ নিৰ্বাচিত হৈ পৰিব।

এই ক্ষেত্ৰত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে নেহৰু পৰিয়ালক বাদ দি সমৰ্থবান জ্যেষ্ঠ এজনক নিৰ্বাচিত কৰিবলৈ ইচ্ছুক নহয়। যাৰ কাৰণে দলটোৱে অৱশেষত ৰাজনীতিৰ পৰা একৰকম অৱসৰ লোৱা ছোনিয়া গান্ধীকে পুনৰবাৰ অধ্যক্ষৰ পদত অধিষ্ঠিত কৰিলে। অৱশ্যে দলটোৱে গান্ধী পৰিয়ালক বাদ দি দলটোক আগুৱাই নিবলৈ অপৰাগ।

কাৰণ এইসকল কংগ্ৰেছ নেতাই গান্ধী পৰিয়ালৰ নাম লৈ দেশখনত দুৰ্নীতিৰ বেহা পাতিছিল। যাৰ কাৰণে জ্যেষ্ঠ নেতাসকলৰ কাম-কাজত ভাৰতৰ জনসাধাৰণ অতিষ্ঠ হৈ পৰিছিল। এই ক্ষেত্ৰত দলটোৰ একনায়কত্ববাদৰ কথাও ইতিমধ্যে প্ৰচাৰ নোহোৱাকৈ থকা নাছিল। তাৰ পৰিণতিতেই ভাৰতৰ জনসাধাৰণে কংগ্ৰেছ দলৰ বিকল্প দল এটা বিচাৰিবলৈ ইচ্ছুক হৈ পৰিছিল।

যোৱা দুটা এই নিৰ্বাচনত বিজেপি দলটোৱে কংগ্ৰেছ দলৰ দুৰ্বলতাখিনি জনসাধাৰণৰ সন্মুখত উদঙাই দিয়াত দলটো ভালকৈয়ে শলঠেকত পৰিছিল। জনসাধাৰণেও কংগ্ৰেছৰ বিকল্প হিচাপে বিজেপিকেই আগ স্থান দি নিৰ্বাচনত এই দলটোক অভাৱনীয় সাফল্যৰ দিশে আগবঢ়াই দিয়াত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দলটোৱে পুনৰবাৰ ভাৰতৰ জনসাধাৰণৰ হৈ শাসনভাৰ হাতত লয়। দলটোৱে ৰাইজৰ অভাৱ-অভিযোগ পুৰণ কৰাৰ প্ৰতিশ্ৰুতিৰে দেশখন আগুৱাই নিয়াত প্ৰতিজ্ঞাবদ্ধ হয়। ইফালে কংগ্ৰেছ দলটো অন্তঃকলহ দিনক দিনে বাঢ়ি যোৱাত অৱশেষত দলটো নিঃচিহ্ন হোৱাৰ দিশত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here