Home উত্তৰ-পূব ২২ বছৰীয়া নগা শান্তি আলোচনা সমাপ্তিৰ দিশতঃ তিনি মাহৰ ভিতৰত চূড়ান্ত সিদ্ধান্ত...

২২ বছৰীয়া নগা শান্তি আলোচনা সমাপ্তিৰ দিশতঃ তিনি মাহৰ ভিতৰত চূড়ান্ত সিদ্ধান্ত ল’বলৈ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ

36
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ ১৯৯৭ ৰ পৰা নাগালেণ্ডত উগ্ৰবাদী সংগঠন এনএছচিএন-আইএমৰ সৈতে ভাৰত চৰকাৰে চলাই থকা শান্তি আলোচনা আগন্তুক তিনিমাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এই আলোচনাই ২২ বছৰ অতিক্ৰম কৰাৰ বাবে বিষয়টো যথেষ্ট লেহেমীয়া হোৱাটো পৰিলক্ষিত হৈছে।

উল্লেখ্য যে শান্তি আলোচনাৰ চৰকাৰী মধ্যস্থতাকাৰী আৰএন ৰবি বৰ্তমান নাগালেণ্ডৰ ৰাজ্যপাল। এপষেক পূৰ্বে নাগালেণ্ডৰ সাংবিধানিক মূৰববী পদত অধিষ্ঠিত ৰবিয়ে নিজ মুখে প্ৰধানমন্ত্ৰীক নিৰ্দেশৰ কথাটো অৱগত কৰিছে। প্ৰণিধানযোগ্য এয়ে যে বৃহত্তম নাগালিমৰ দাবীৰে নাগা উগ্ৰবাদী সংগঠনটোৱে অসম, মণিপুৰ আৰু অৰুণাচলৰ ভূমি চামিল কৰাৰ দাবী কৰি আহিছে।

কিন্তু তিনিওখন ৰাজ্যৰ জনগণে নাগালিমত চামিল হোৱাৰ বিৰোধিতা কৰিছে। ইফালে শান্তি আলোচনা দীঘলীয়া হৈ যোৱাৰ বাবে নাগালেণ্ডত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ আৰু অসন্তুষ্টি বিয়পি পৰিছে। সেয়েহে ৰাজ্যপাল গৰাকীয়ে নাগালেণ্ডৰ স্থানীয় দল সংগঠনৰ সৈতে মত-বিনিময় কৰাৰ সময়ত এই কথা প্ৰকাশ কৰিছে। তেওঁ কয় যে সংবিধানৰ পৰা ৩৭০ অনুেচ্ছদ বাতিল কৰি জম্মু-কাশ্মীৰক বিশেষ কাৰ্যৰ মৰ্যদাৰ পৰা বঞ্চিত কৰা হৈছে।

কিন্তু নগালেণ্ডত বলবৎ হোৱা সংবিধানৰ ৩৭১ (ক) অনুেচ্ছদ বাতিলৰ পদক্ষেপ নলয় কেন্দ্ৰই। এই অনুেচ্ছদৰ দ্বাৰা নগালেণ্ডৰ থলুৱা জনগোষ্ঠীয়ে বিশেষ প্ৰাধান্য লাভ কৰিছে। সেয়েহে আগন্তুক বৰদিনৰ পূৰ্বে নাগা শান্তি আলোচনা সমাপ্ত কৰাৰ ইংগিত দিয়া হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here