Home উত্তৰ-পূব দল ত্যাগী এছডিএফ বিধায়কৰ পদ খাৰিজৰ দাবীঃ ছিকিমত আৰম্ভ প্ৰতিবাদী কাৰ্যসূচী

দল ত্যাগী এছডিএফ বিধায়কৰ পদ খাৰিজৰ দাবীঃ ছিকিমত আৰম্ভ প্ৰতিবাদী কাৰ্যসূচী

41
0

ডিজিটেল ডেস্ক, গেংটকঃ ছিকিমৰ বিৰোধী ৰাজনৈতিক দল ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টৰ চমুকৈ এছডিএফৰ দহ বিধায়কে বিজেপি দলত আৰু দুই বিধায়কে শাসকীয় এছকেএম দলত যোগদান কৰাৰ পিছত ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই বিধায়কসকলৰ পদ খাৰিজ কৰিবলৈ স্থানীয় দল-সংগঠনে দাবী উত্থাপন কৰাৰ লগতে চিকিম উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছে।

ইফালে বিধায়কসকলক হৰ্ছ ট্ৰেডিঙৰ জৰিয়তে ক্ৰয় কৰা বুলি অভিযোগ কৰি সেই সমষ্টি সমূহত পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত কৰিবলৈ দাবী উত্থাপন কৰিছে। চিকিম প্ৰগেছিভ য়ুথ ফাৰ্মৰ লগতে চিকিম চাবজেক্ট কমিটী আৰু অন্যান্য দল-সংগঠনে উক্ত বিধায়কসকলৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে আৰু চিকিমৰ ভোটাৰক প্ৰতাৰণা কৰি বিধায়কসকলে নিজৰ স্বাৰ্থৰ বাবে দল ত্যাগ কৰা বুলি অভিযোগ কৰা হৈছে।

উল্লেখ্য যে ২৫ বছৰ ধৰি শাসন চলাই থকা প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিঙৰ এছডিএফ দলটো যোৱা লোকসভা নিৰ্বাচনৰ সৈতে একেলগে অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত ক্ষমতাচ্যুত হৈছিল। ইয়াৰ পিছতে এছডিএফৰ দহ বিধায়কে বিজেপি দলত আৰু অন্য দুই বিধায়কে এছকেএম দলত যোগদান কৰে। এতিয়া এছডিএফৰ একমাত্ৰ বিধায়ক হিচাপে আছে প্ৰাক্তন মুখ্যমন্ত্ৰী চামলিং।

LEAVE A REPLY

Please enter your comment!
Please enter your name here