Home অসম সীতাজখলাত দুগ্ধ উৎপাদকৰ প্ৰতিবাদঃ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছত গা লৰিল মন্ত্ৰী ৰিহনৰ

সীতাজখলাত দুগ্ধ উৎপাদকৰ প্ৰতিবাদঃ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছত গা লৰিল মন্ত্ৰী ৰিহনৰ

45
0
Sitajakhala Dugdha Utpadak Samabai Samiti members protest ‘Milk throwing’ in Killing river, against Purabi Dairy for anti-farmer policy near Jagiroad

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ চাৰিদিনৰ পিছত গা লৰিল চৰকাৰৰ। ৰাজ্যত
সমবায় বিভাগৰ এজন পূৰ্ণাংগ মন্ত্ৰী আছে যদিও তেওঁ যোৱা চাৰিদিনে সীতাজখলাৰ দুগ্ধ উৎপাদকৰ প্ৰতিবাদক ভ্ৰুক্ষেপ কৰা নাছিল। কিন্তু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে তেওঁক সীতাজখলাৰ দুগ্ধ উৎপাদকৰ সকলৰ সৈতে আলোচনাত বহিবলৈ নিৰ্দেশ দিয়ে ।

লগতে মৰিগাঁৱৰ উপায়ুক্তক বিষয়টো আগবঢ়াই নিবলৈ আৰু প্ৰতিবাদকাৰী দুগ্ধ উৎপাদক সকলৰ কাষলৈ যাবৰ বাবে নিৰ্দেশ দিয়া হয়। উল্লেখ্য যে যোৱা শুকুৰবাৰে দুগ্ধ উৎপাদককাৰীসকলে স্থানীয় কিলিং নদীত এহেজাৰ লিটাৰ গাখীৰ উটুৱাই দি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। দুদিন ধৰি এই প্ৰতিবাদ কৰাৰ পিছত যোৱা দেওবাৰে ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰত বন্তি প্ৰজ্বলন কৰি বিনামূলীয়াকৈ গাখীৰ বিতৰণ কৰিছিল।

ৰাজ্য চৰকাৰে সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হোৱা আৰু এইক্ষেত্ৰত পূৰৱী ডেইৰী কৰ্তৃপক্ষই স্থানীয় দুগ্ধ উৎপাদকসকলৰ বিৰুদ্ধে থিয় দিয়া বুলি অভিযোগ কৰিছিল। যাৰ বাবে তেওঁলোকে গাখীৰ নদীত উটুৱাই দি প্ৰতিবাদ কৰাৰ লগতে স্থানীয় ৰাইজৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰিছিল। ৰাজ্যৰ থলুৱা দুগ্ধ উৎপাদকসকলৰ প্ৰতি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যথোচিত গুৰুত্ব নিদিয়াৰ অভিযোগে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। যাৰ বাবে বিষয়টো মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ হস্তক্ষেপ কৰিবলগা হ’ল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here