Home অসম নামনি সোৱণশিৰি বান্ধৰ বিৰুদ্ধে একত্ৰিত হ’ল ২০ সংগঠনঃ সংঘবদ্ধ প্ৰতিবাদ আৰম্ভ

নামনি সোৱণশিৰি বান্ধৰ বিৰুদ্ধে একত্ৰিত হ’ল ২০ সংগঠনঃ সংঘবদ্ধ প্ৰতিবাদ আৰম্ভ

39
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ ধেমাজি জিলাত নিৰ্মিয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে থিয় দিছে কুৰিটা সংগঠন। যোৱা কেইবাদিনো ধৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতৃত্বত এশ ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হৈছিল উত্তৰ লখিমপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত। ইয়াৰ পিছত যুৱ-ছাত্ৰ পৰিষদৰ নেতৃত্বত সেই সংগঠনকেইটাই লখিমপুৰত মিলিত হৈ সমূহীয়া হৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত লয়।

উল্লেখ্য যে এই সভাত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লখিমপুৰ জিলাৰ কৰ্মী কেশৱ কৃষ্ণ চাবুকধৰাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত এজেৱাইপিৰ সম্পাদক সুদীপ্ত হাজৰিকা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা আজাদ হাজৰিকা, সাংবাদিক শৈলেন বৰুৱা আদিকে ধৰি শতাধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

ইফালে জিলাখনৰ মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু সিন্হাই এই বৈঠকত অংশ গ্ৰহণ কৰি লখিমপুৰ আৰু ধেমাজিবাসীৰ বাবে এয়া জীৱন মৰণৰ সমস্যা বুলি উল্লেখ কৰে। ইয়াৰ লগতে আমছু, আটাছু, আক্ৰাছু, অসম যুৱ মঞ্চ, টাইপা, প্ৰাক্তন আলফা আদি কুৰিটা সংগঠনে অহা ২৪ আগষ্টৰ পৰা প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here