Home Breaking চিবিএছইৰ নৱম-একাদশ শ্ৰেণীৰ পঞ্জীয়ন আৰম্ভঃ ৩১ অক্টোবৰ অন্তিম তাৰিখ

চিবিএছইৰ নৱম-একাদশ শ্ৰেণীৰ পঞ্জীয়ন আৰম্ভঃ ৩১ অক্টোবৰ অন্তিম তাৰিখ

58
1

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ চিবিএছই নৱম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আগতীয়াকৈ পঞ্জীয়ন আৰম্ভ কৰা হৈছে। যিসকল ছাত্ৰ-ছাত্ৰীয়ে ২০২১ চনত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব তেওঁলোকৰ বাবে আগতীয়াকৈ পঞ্জীয়ন ব্যৱস্থা কৰা হৈছে।

অনলাইনৰ জৰিয়তে এই পঞ্জীয়ন চলিত মাহৰ ৮ আগষ্টৰ পৰা আৰম্ভ হৈছে আৰু অহা ৩১ অক্টোবৰলৈকে অব্যাহত থাকিব। এইক্ষেত্ৰত চিবিএছইৰ কৰ্তৃপক্ষই অৱগত কৰা অনুসৰি দেশত ষোল্লটা মাণ্ডলিক কাৰ্যালয় আছে আৰু এই কাৰ্যালয়সমূহৰ অধীনত পৰীক্ষাসমূহ পৰিচালনা কৰা হয়। আগন্তুক ২০২০ বৰ্ষত যিসকলে দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব তেওঁলোকৰ পঞ্জীয়ন সম্পৰ্কত ইতিমধ্যে সংশ্লিষ্ট কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিছে।

কিন্তু ২০২১ চনত এই দুই চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া সকলৰ বাবে আগতীয়াকৈ পঞ্জীয়নৰ ব্যৱস্থা কৰা হৈছে। বিলম্বিত মাছুল নিদিয়াকৈ ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে নৱম শ্ৰেণীৰ বাবে ৩০০ টকা আৰু একাদশ শ্ৰেণীৰ বাবে ৫০০ টকাৰ মাছুল দিব লাগিব। আনহাতে বিদেশৰ শিক্ষাৰ্থীৰ বাবে বিলম্বিত মাছুল নিদিয়াকৈ নৱম শ্ৰেণীৰ বাবে ৫০০ টকা আৰু একাদশ শ্ৰেণীৰ বাবে ৬০০ টকা আদায় দিব লাগিব।

আনহাতে যিসকল ছাত্ৰ-ছাত্ৰীয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত পঞ্জীয়ন কৰিব নোৱাৰে তেওঁলোকে অতিৰিক্ত মাছুল আদায় দিব লাগিব। ভাৰতীয় শিক্ষাৰ্থীৰ বাবে বিলম্বিত মাছুলসহ এই নিৰিখ হ’ব ২৩০০ টকা। আনহাতে বিদেশী শিক্ষাৰ্থীৰ বাবে নৱম শ্ৰেণীৰ কাৰণে ২৫০০ টকা আৰু একাদশ শ্ৰেণীৰ বাবে ২৬০০ টকা আদায় দিব লাগিব বিলম্বিত মাছুলসহ। এইক্ষেত্ৰত চিবিএছইৰ নিৰ্দিষ্ট ৱেবচাইট জৰিয়তেও এই বিষয়ে তথ্য আহৰণ কৰিব পাৰিব বুলি ব্যক্ত কৰা হৈছে।

1 COMMENT

  1. Thank you a lot for sharing this with all of us you really recognize what
    you are talking about! Bookmarked. Kindly additionally visit my
    site =). We can have a link exchange agreement among us

LEAVE A REPLY

Please enter your comment!
Please enter your name here