Home অসম জনপ্ৰিয় হৈছে আৰটিআইঃ ক্ষুদ্ৰ ৰাজ্যৰ ভিতৰত নগালেণ্ডত সৰ্বাধিক আবেদন

জনপ্ৰিয় হৈছে আৰটিআইঃ ক্ষুদ্ৰ ৰাজ্যৰ ভিতৰত নগালেণ্ডত সৰ্বাধিক আবেদন

31
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, কহিমাঃ ক্ষুদ্ৰ ৰাজ্যসমূহৰ মাজত নগালেণ্ডত সৰ্বাধিক পৰিমাণে আৰটিআই অৰ্থাৎ তথ্য জনা অধিকাৰ আইনৰ অধীনত আবেদন দাখিল কৰা হৈছে। এই তথ্য পোহৰলৈ আহিছে নগালেণ্ড বিধানসভাৰ জৰিয়তে সেই অনুসৰি আৰটিআই আইন কাৰ্যকৰী হোৱাৰ পিছৰে পৰা ২০১৭ চনলৈকে ৰাজ্যখনত ২৪,৮৯৬ খন আবেদন পত্ৰ দাখিল কৰা হৈছে।

নগালেণ্ড চৰকাৰে প্ৰকাশ কৰা এনুৱেল এডমিনিষ্ট্ৰেটিভ ৰিপ’ৰ্টঃ ২০১৮-১৯ অনুসৰি এই তথ্য প্ৰকাশ পাইছে। ৰাজ্যখনৰ তথ্য আয়োগৰ কাৰ্যালয়ে ইতিমধ্যে বিশ্লেষণ কৰি কোন কোন বিভাগত বেছি আবেদন দাখিল কৰা হৈছে সেয়া স্পষ্ট কৰিছে। ২০১৫ চনৰ পৰা ২০১৮ চনলৈকে মুঠ তিনি বছৰৰ আবেদন পত্ৰসমূহ বিশ্লেষণ কৰি দেখা গৈছে যে বিত্তীয় বিষয়ত সৰ্বাধিক আবেদন দাখিল হৈছে।

বিভিন্ন শিতানৰ পুঁজি মুকলি কৰা, অনুমোদন জনোৱা, পুঁজি আদায় দিয়াৰ নথি পুঁজি ব্যৱহাৰ কৰাৰ প্ৰমাণ পত্ৰ আৰু কি আঁচনিৰ বিপৰীতে পুঁজি মুকলাই দিয়া হৈছে সেই বিষয়ে প্ৰশ্নসমূহ উত্থাপন কৰা হৈছে। ইয়াৰ পিছতে নিযুক্তিৰ ক্ষেত্ৰত, পৰীক্ষাৰ ফলাফল, চালকৰ অনুজ্ঞা পত্ৰ, অস্ত্ৰৰ অনুজ্ঞা পত্ৰ আদিৰ বিষয়ত আবেদন দাখিল কৰা হৈছে। এই আবেদনসমূহৰ অধিকাংশৰে উত্তৰ প্ৰদান কৰা বুলি উক্ত প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here