Home মুখ্য পৃষ্ঠা বিশাল দেশৰ মানুহবোৰৰ অন্তৰবোৰ কোমল আৰু মহান নে ?

বিশাল দেশৰ মানুহবোৰৰ অন্তৰবোৰ কোমল আৰু মহান নে ?

35
0

-ৰামচন্দ্ৰ চুতীয়া-

মাৰদেশখনৰ আকাৰলৈ চাই আমি যে এখন উপমহাদেশৰহে মানুহ হয় তাক মানি ল’বলৈ এক মিনিটো সময় ৰ’ব নালাগে। দেশখনৰ সৰুবৰ, পণ্ডিত-অপণ্ডিত সকলোৱে কথাষাৰ মানি লয়। স্বাধীনতাৰ আগতে আমি সুকীয়া সুকীয়া ৰাজ্যত বিভক্ত আছিলো যদিও সাংস্কৃতিকভাৱে কিন্তু দেশখনৰ মানুহবোৰ একেটি তানত মিলি আছিল।মঠ-মন্দিৰ অথবা পুণ্যতীৰ্থ ক্ষেত্ৰসমূহে দেশখনৰ মনুহবোৰক অনৈক্যতাৰ মাজতো সমন্বয়ৰ জীৱন্ত ছবি এখন দূৰ অতীতৰ পৰাই দেখুৱাই আহিছিল। শংকৰদেৱৰ পদব্ৰজে ভাৰতৰ তীৰ্থক্ষেত্ৰসমূহ ভ্ৰমণে, সেই কথাৰ শেহতীয়া প্ৰমাণ দিয়ে। তেওঁৰ আগতেও এই ভূখণ্ডৰ পৰা মানুহে তীৰ্থক্ষেত্ৰসমূহত গৈ ভক্তি প্ৰদৰ্শন কৰিছিল। ইতিহাসৰ জ্ঞান থকা মানুহে সেইবোৰ কথা ভালকৈ জানে।

মহাভাৰত, ৰামায়ণ আৰু পুৰাণসমূহত থকা পূ্ৰ্বদেশখনৰ পৰিচয়ে বৃহত্তৰ অসমৰ অতীতৰ সোণালী ইতিহাসৰ খবৰ দিয়ে। নৰক-ভগদত্ত, ভাস্কৰবাৰ্মা-হৰ্ষবৰ্ধন, কনৌজ-কলিংগৰ কি সম্পৰ্ক আছিল, সেইবোৰ কথাও দেশবাসীয়ে জানে। মণিপুৰৰ পৰা কাশ্মীৰলৈও এই ভূ-খণ্ডৰ সু-সম্পৰ্ক আছিল। অসমলৈ সোতৰবাৰকৈ অহা মোগলসকলে অসমৰ শৌৰ্য-বীৰ্যৰ কথা ইতিহাসত লিপিবদ্ধ কৰি থৈ গৈছে। ৰজা জয়ধ্বজ সিংহই বিস্তৰ সম্পতিৰ লগতে নিজ কন্যাকো মোগললৈ দি অসমক শত্ৰুৰ হাতৰ পৰা বচাবলৈ ভগ্ন-হৃদয়েৰে যি সন্ধি কৰিছিল, সেই কথা কাৰো অজানা নহয়।

আমাৰ বুৰঞ্জীতো সেই কথা লিপিবদ্ধ হৈ আছে। তেনে অলেখ লেখা ইতিহাসত থকা কথাটোৱে অসমৰ গৌৰৱপূৰ্ণ বা দুঃখপূৰ্ণ কথাবোৰৰ খবৰ দিয়ে। বাণ, নৰকাসুৰ, ভীষ্মক, ঊষা, অনিৰুদ্ধ, কৃষ্ণ-ৰুক্মিণী, ভীম-হিড়িম্বা, পৰশুৰাম-কুণ্ড সমন্বিতে অজস্ৰ পৌৰাণিক কাহিণীসমূহো ইয়াৰ লগত জৰিত হৈ আছেই। এইবোৰ সমন্বয়ৰ কাহিনীয়ে বিশাল দেশখনৰ পৌৰাণিক সমন্ধৰ কথা সদায় সোঁৱৰণ কৰায়। ভাৰতৰ শৌৰ্য-বীৰ্যৰ সংস্কৃতি পাঁচ হেজাৰ বছৰৰ পুৰণি বুলি কৈ আমি সদায় গৌৰৱ অনুভৱ কৰো। আমি কথাই প্ৰতি ভাৰতীয় মানুহৰ চৰিত্ৰৰ মহানতাৰ কথা কওঁ, তেতিয়াৰ কিয় আজিও সেই মহত্বৰে আমাৰ হিয়া-মন ভৰি আছে বুলি কওঁ।

এইবোৰ কথা স্বীকাৰ বা অস্বীকাৰ কৰাৰ প্ৰশ্ন নুঠে। যি ‘যি ভাবেৰে দেখিবা এই সংসাৰ ভাওনা’ সেই ভাবেৰে সকলোৱোৰ দেখাৰ কথা সকলোৱে জানে। গভীৰলৈ গ’লে কথাষাৰ মিছাও নহয়। বৰ্তমানৰ হিংসা-দ্বেষৰ মাজতে এনে অজস্ৰ মানুহ আছে, যিসকলৰ কোনো জাতি-বৰ্ণ-ধৰ্ম নাই, তেওঁলোকৰ মতে সকলো মানুহ সমান, একে ঈশ্বৰৰ সন্তান। মানুহে মানুহক বিপদত পৰা দেখিলে উবুৰি খাই সহায় কৰে। বান, ভূমিকঁম্প বা আন তেনে প্ৰাকৃতিক দুৰ্যোগৰ বেলা আজিৰ এই নিষ্ঠুৰ দিনতো মানুহে মানুহক পাৰ্যমানে সহায় কৰে। এই কথাটোৱে মানৱ জাতিটোৰ ভাল দিশটোৰ কথা প্ৰতিফলিত কৰে।

এনেবোৰ কথাৰ কাৰণেই ‘মানুহে মানুহৰ বাবে’ আজিও প্ৰাণ ঢালি সহায় কৰিব পাৰে। কিন্তু ইমানৰ পাছতো আমাৰ দেশত বৰ্তমান ৰাজনীতিৰ বেয়া বতাহে প্ৰচণ্ডভাৱে কোবাই সকলোকে অস্থিৰ কৰি ৰাখিছে। ইয়াত কেৱল কংগ্ৰেছ, বিজেপি অথবা তেনে দৰে আন দলবোৰৰ কথা নাই। সকলো একে। তেওঁলোকে সকলোৱে একমুখে জনসাধাৰণৰ কল্যাণৰ কথা কয় কামৰ বেলিকা কিন্তু সকলোৰে উত্তৰ-দক্ষিণ মেৰুতহে অৱস্থান কৰি ৰাইজৰ ৰং চায়।

ৰাজনীতিৰ এই তৰল ব্যৱস্থাটোৰ যিমানেই সোনকালে অন্ত পৰে, সিমানেই সকলোৰে বাবে মংগল। দেশখনৰ ৰাজনীতি কৰা মানুহবোৰে সকলোৰে মঙ্গল কৰাৰ কথা কয় কামত তেওঁলোকে কি কি ধৰণৰ মংগল সাধে তাক জনসাধাৰণে বিগত সাতটা দশকত দেখি আহিছে। কিয় জনা নাযায়, সমগ্ৰ বিশ্বতে এতিয়া ধৰ্মৰ-জ্বৰ উঠিছে বুলিব পাৰি। বুদ্ধিমানসকলে কিন্তু তেনে দুৰাৰোগ্য বেমাৰৰ পৰা দূৰত অৱস্থান কৰি আছে।

আমাৰ সাধাৰণ জ্ঞানৰ পৰা জনা কষাষাৰ হ’ল, বিশ্বত অজস্ৰ ধৰ্ম থাকিলেও কিন্তু সেই সকলোবোৰৰে মুখ্য উদ্দেশ্য ঈশ্বৰ সেৱা আৰু মানুহৰ কল্যাণ সাধন কৰাৰ পাছত ভগৱানতে অৰ্থাৎ পৰম ব্ৰহ্মতে লীন যোৱা। ধৰ্ম কৰা মানুহবোৰৰ কোটি কোটি ধৰ্মাত্মাই জীৱ আৰু পৰম ব্ৰহ্মৰ সৃষ্টিৰ একো কথা নাজানে। তেওঁলোকে তেওঁলোকৰ গুৰুসকলে যি কয় তাকে অন্ধভাৱে অনুকৰণ কৰি, এই জীৱনতে ঈশ্বৰ লাভ কৰিব খোজে। পৰম বিস্ময়কৰ কথাটো হ’ল, ধৰ্মাত্মাসকলৰ বহুতে আনকি গুৰুসকলৰ একাংশইও ঈশ্বৰ আৰু চাৰি মুঠি জীৱৰ বিষয়ে ভালকৈ নাজানে।

সেইবোৰ কথা জনা হ’লে আমাৰ দেশখন কেতিয়াৰপৰা জনবসতিৰে ভৰি পৰিল আৰু তেওঁলোকনো কোন সেই কথাও জানিল হেতেন। আমি এতিয়া হিন্দু বুলিলে যি বুজো, অতীততে, কিমান বা দূৰ অতীতত, সেইবোৰ হিন্দু আছিল· দেশখনৰ কোটি কোটি মানুহৰ সেইবোৰ কথা ভাবিবলৈ বৰকৈ সময় নাই। আগতেতো আৰু সময় নাছিল। দুবেলা দুমুঠি ভাতৰ বাবে, অন্নৰ বাবে বুলিলে বেছি ভাল হ’ব, মানুহৰ অকণমান জিৰণি ল’বলৈকে সময় নাছিল। বৰ্তমান নানান পৰিবৰ্তনৰ মাজেদি দেশখনে আধুনিক জগতখনৰ লগত চিনাকি হৈছে। সেই সূত্ৰে সকলোৱে বিশ্বত কেনেকৈ আগবাঢ়ি গৈ নিজৰ অৱস্থান শক্তিশালী কৰিব তাৰ দিহা কৰাত লাগি আছে। আধুনিক শিক্ষা আৰু বিজ্ঞানে মানহৰ হৃদয় তেনেই ওচৰ চপোৱাৰ লগতে মানুহক ভাবিব নোৱাৰকৈ নিষ্ঠুৰ আৰু ব্যক্তিকেন্দ্ৰিকো কৰি তুলিছে। আমি এচামে পূৰ্বৰ সকলো কথা একাষৰীয়া কৰি এতিয়া ন ন ধৰ্মত শৰণ লৈ, তাৰ প্ৰচাৰ আৰু প্ৰসাৰত জীৱন দিবলৈ ওলাইছোঁ।

সেই কামটো কৰোঁতে আমি এবাৰলৈও ভাবি নাচাওঁ যে আমি বৰ্তমান যি ধৰ্মত দীক্ষিত হৈ তাৰ প্ৰচাৰৰ বাবে নিজৰ লগতে আনকো কলুষিত কৰি তুলিছোঁ, সেইবোৰ ধৰ্ম নোহোৱাকৈয়ে মানৱ সভ্যতা আজিৰ এই অৱস্থাটো পাইছেহি। ধৰ্মত প্ৰত্যেকৰ লগতে থাকক, কিন্তু সেইটোৰ কাৰণে ভায়ে ভায়ে ৰক্তপাত কৰাৰ কি যুক্তি থাকে, সেই কথা আমি বুজি নাপাওঁ। যিবোৰ দুৰাচাৰী পাপাত্মাই নিজৰ ধৰ্মৰ সাম্ৰাজ্য বঢ়াব খোজে, তেওঁলোকেও জনা উচিত, তেওঁলোকে যিটো ধৰ্মৰ কাৰণে কালিলৈকে একো কথাকে নাজানিছিল, নাজানিও আজিৰ সভ্যতাৰ উচ্চ আসন লাভ কৰিবলৈ সমৰ্থৱান হৈছে, সেইটো প্ৰকৃত ধৰ্ম নহয়। সেইটোহে প্ৰকৃত ধৰ্ম, যি আমাক শান্তিৰে বসৱাস কৰিবলৈ ভগৱানৰ কৰুণা দান কৰে। মানুহে মানুহক ঘৃণা কৰিবলৈ শিকোৱা কোনো কথাই কল্যাণকামী প্ৰকৃত ধৰ্মৰ কথা হ’ব নোৱাৰে। আনক জোৰ কৰি বা মিছা কথা কৈ নিজৰ ধৰ্মৰ সাম্ৰাজ্য বঢ়াব খোজাবোৰ প্ৰকৃততে অধৰ্মী বুলি জানিব লাগে।

আমাৰ দেশখন সঁচাকৈয়ে বৰ বিশাল দেশ। আমি আগতে যি আছিলো, সেই অৱস্থাৰ পৰা নতুন পৰিৱেশলৈ গমন কৰি মানুহৰ লগত মানুহবোৰ মিলি গৈছোঁ, সেইটো ধৰ্মহে প্ৰকৃত ধৰ্ম হোৱা উচিত। তাকে নকৰি মিছা ভেম, মিছা অহংকাৰেৰে ধৰ্মৰ নামত আমি যি ধৰ্ম যুদ্ধ ঘোষণা কৰিছোঁ, সেইবোৰ তেনেই অদৰকাৰী কাম। আমি পূৰ্বতে যি ধৰ্মত আছিলোঁ, বা বৰ্তমান নিজৰ জ্ঞানৰ দ্বাৰা আন কিবা এটা ভাল পাই নতুনকৈ গ্ৰহণ কৰিছোঁ, তাতে শান্তিৰে থকাটো উচিত। তাকে নকৰি ধৰ্মৰ নামত জেহাদ ঘোষণা কৰি, ধৰ্ম যুদ্ধ কৰিলে আমাৰ এই জগতত জীয়াই থকাৰ শেষ সম্বলকণো নোহোৱা হ’ব।

অতি সাধাৰণ কথাটো হ’ল, মানুহ ভিন্ন জাতৰ বা ভিন্ন ধৰ্মৰ হোৱা হ’লে, মানুহৰ লোভমোহ, কাম-ক্ৰোধ, ৰূপ বা চেহেৰা সেইবোৰো সুকীয়া সুকীয়া হ’লহেঁতেন। আমি ভিন ভিন জাতৰ বা ভিন ভিন ধৰ্মৰ হোৱাৰ মূলতে, আমাৰ ভৌগলিক পৰিৱেশহে, আন কোনো ধৰণৰ ঐশ্বৰিক ঘটনা তাৰ লগত জৰিত নহয়। ভৌগলিক পাৰিপাৰ্শ্বিকতাই মানুহক সৃষ্টিৰ সময়ৰ পৰাই স্থান-কাল-পাত্ৰ-ভেদে সুকীয়া সুকীয়া ধৰ্মাৱলম্বী কৰিছে, তাত ধৰ্মৰ কোনো হাত নাই, ঈশ্বৰৰো কোনো গোপণ নীতি নাই। মানুহক ধৰ্মান্তৰিত কৰিব নাপায়। কোনো ধৰ্মৰ মানুহ তেনে ঘৃণনীয় ব্যৱস্থাৰ বলি হ’ব নাপায়। চাফ-চিকুণতাইহে মানুহক প্ৰকৃত ধৰ্ম দান কৰে, তাকে লৈ আমি গৌৰবান্বিত হোৱা উচিত। আমি যে ওচৰ চুবুৰীয়াবোৰে মিলিজুলি জীয়াই থাকোঁ, তাকে দেখি সহিব নোৱাৰাবোৰে আমাক সংঘৰ্ষৰ বলি সজাব খোজে। বিশ্বৰ য’লৈকে যাওক, তাতে দেখিব, ভালে ভালক প্ৰশংসাৰে ওপচাই তুলিছে, আপোন কৰি বুকুত সাবটি লৈছে। আমি মানুহক এই মহান বাণীটোৰ সাৰগৰ্ভটো বুজাই দিব পাৰিলে, আমি নতুন পথৰ সন্ধান পাম।

বৰ্তমান বিশ্বত সেইটোৰে গুণ গান গোৱা হ’ব লাগিছে।যুগে যুগে আমাৰ মহান পুৰুষসকলে সেই কথাকে আমাক শিকাই গৈছে। মাত্ৰ এমুঠি মানুহেহে মানুহক মানুহৰ পৰা ভাগ কৰি ধৰ্মৰ ন ন অৰ্থ কৰি ভ্ৰাতৃঘাতী সংঘৰ্ষ লগাব খোজে। সেইবোৰ দুৰাচাৰী মানুহে মঠ-মন্দিৰ, গীৰ্জা, মছজিদ বা অন্যান্য ধৰ্মীয় স্থানবোৰত বন্দুকৰ গুলীৰে সৰগ ৰচিব খোজে, সেইবোৰে ধৰ্মৰ কথা ক’বৰ কিবা যোগ্যতা আছে বুলি আমি নাভাবোঁ। আনে যিয়ে নকওক লাগিলে, আমাৰ দেশখনৰ মানুহৰ মনবোৰ নিকা আৰু কোমল বুলি আমি বিশ্বাস কৰোঁ। ইয়াত সকলো ধৰ্মৰ মানুহে একেলগে ভাই ভাইৰ দৰে বসতি কৰে, ক’তো হিংসা-হিংসী নাই। যিবোৰ ঠাইত ধৰ্মৰ নামত সংঘৰ্ষ দেখোঁ, সেইবোৰ ঠাইত স্বাৰ্থান্ধসকলে জালপাতি তেনে অশান্তিৰ কৰে।

হিন্দু-মুছলমান-খ্ৰীষ্টান, জৈন-বৌদ্ধ কৰোৰ ওচৰত কোনো শত্ৰু নহয়, বৰং যুগে যুগে একেটি তানত বান্ধখাই আছে। য’ত হিন্দুৰ মন্দিৰত মুছলমানে পায়স তৈয়াৰ কৰে বা ৰক্ষণা-বেক্ষণ দিয়ে, য’ত হিন্দুৱে মছজিদৰ বাবে স্বেচ্ছাই মুছলমানক ভূমি দান কৰে, পৰস্পৰে সুখে-দুখে খবৰ ৰাখি আত্মৰক্ষাৰ দিহা কৰে, তাত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ যোৱাবোৰ সদায় কেতিয়াও সফল নহয়। দেশৰ সাধাৰণ শ্ৰেণীৰ মানুহবোৰ ঈশ্বৰৰ কৰুণাত সদায় সহজ-সৰল আৰু কোমল অন্তৰৰ অধিকাৰী। তেওঁলোক মহাপুৰুষৰ দৰেই সদায় মহান। তেওঁলোকৰ সেই মহানতাৰ বাবেই আমি শান্তি-সম্প্ৰীতি আৰু সুখেৰে সকলোটি জীয়াই আছোঁ। আমাৰ মিলনৰ বাবেই দুষ্টচক্ৰই আমাক বৰকৈ আস নাপায়, সেয়েহে তেওঁলোকে আমাক বিভক্ত কৰি চিৰকালৰ বাবে বশ কৰি ৰাখিব নোৱাৰে। সেইটোৱেই আমাৰ বাবে গৌৰৱৰ বিষয়।

ফোনঃ ৯৪৩৫৪ ৮৬১৯৩

LEAVE A REPLY

Please enter your comment!
Please enter your name here