Home Breaking দিছপুৰত মন্ত্ৰী ৰিহন-পীযুষৰে আলোচনাঃ আন্দোলন প্ৰত্যাহাৰ, ৩০ ছেপ্টেম্বৰ শেষ সীমা সীতাজখলা দুগ্ধ...

দিছপুৰত মন্ত্ৰী ৰিহন-পীযুষৰে আলোচনাঃ আন্দোলন প্ৰত্যাহাৰ, ৩০ ছেপ্টেম্বৰ শেষ সীমা সীতাজখলা দুগ্ধ উৎপাদনকাৰীৰ

39
0
Sitajakhala Dugdha Utpadak Samabai Samiti members protest ‘Milk throwing’ in Killing river, against Purabi Dairy for anti-farmer policy near Jagiroad

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ জাগীৰোডৰ সীতাজখলা সমবায় দুগ্ধ উৎপাদনকাৰীৰ সৈতে আজি দিছপুৰত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়। এই বৈঠকত ৰাজ্যৰ সমবায় মন্ত্ৰী ৰিহণ দৈমাৰী আৰু ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থাকে।

দুগ্ধ উৎপাদনকাৰী সমবায়খনৰ হৈ ৰঞ্জিব কুমাৰ শৰ্মা আৰু অন্যান্য অৰ্ধশতাধিক প্ৰতিনিধি উপস্থিত থাকে। এই বৈঠকত আন্দোলন প্ৰত্যাহাৰ কৰিবলৈ সিদ্ধান্ত লয়। লগতে অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত দুগ্ধ উৎপাদনকাৰীসকলে উত্থাপন কৰা অভিযোগসমূহৰ সমাধান বিচাৰিছে।

অন্যথা পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। উল্লেখ্য যে পুৰবী খ্যাত অসম চৰকাৰৰ সমবায় বিভাগৰ দ্বাৰা প্ৰস্তুত আৰু বিপণন কৰা দুগ্ধ উৎপাদন কাৰ্য সম্প্ৰতি নেচনেল ডেইৰী ডেভেলপমেণ্ট ব’ৰ্ডৰ অধীনত চুক্তি অনুসৰি পৰিচালিত হৈ আছে। ২০০৮ চনৰ পৰা এই পুৰবীৰ দায়িত্ব ৰাষ্ট্ৰীয় সমিতিখনে গ্ৰহণ কৰিছে। ইয়াৰ অধীনত পশ্চিম অসমৰ দুগ্ধ উৎপাদনকাৰীসকলৰ দুগ্ধ সংগ্ৰহ কৰি পুৰবীয়ে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেতে সংশোধন কৰি বজাৰলৈ উলিয়াই দিয়ে। ক্ষুদ্ৰ ক্ষুদ্ৰ সমিতি-গোট আদিৰ উপৰিও পুৰবীয়ে ব্যক্তিগত খণ্ডৰ দুগ্ধ উৎপাদনকাৰীৰ পৰাও উৎপাদিত দুগ্ধ সংগ্ৰহ কৰে।

কিন্তু সীতাজখলা দুগ্ধ উৎপাদনকাৰীয়ে অভিযোগ কৰা অনুসৰি পুৰবী কৰ্তৃপক্ষই কৃষকক কম মূল্য আদায় দিয়ে। কিন্তু আজি মন্ত্ৰীৰ কক্ষতে স্পষ্ট হয় যে পুৰবী কৰ্তৃপক্ষই প্ৰতি লিটাৰত ৩৮ টকা মূল্যত দুগ্ধ উৎপাদনকাৰীৰ পৰা দুগ্ধ সংগ্ৰহ কৰে। ইয়াৰ পিছত সংশোধন, শীতলীকৰণ, সংৰক্ষণ আদিৰ অন্তত বজাৰলৈ উলিয়াই দিয়ে। উৎপাদিত দুগ্ধৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি এই মূল্য নিৰ্ধাৰণ কৰা হয়। সেয়েহে সীতাজখলা দুগ্ধ উৎপাদনকাৰীসকলে উত্থাপন কৰা অভিযোগ গুৰুত্বসহকাৰে গ্ৰহণ কৰি সীতাজখলাৰ দুগ্ধৰ গুণাগুণ পৰীক্ষা কৰিবলৈ বিষয়াক দায়িত্ব দিয়া হয়।

আনহাতে মূল্য সম্পৰ্কত এনডিডিবি কৰ্তৃপক্ষৰ সৈতে অসম চৰকাৰে আলোচনা কৰি বিষয়টো নিষ্পত্তি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। এইক্ষেত্ৰত জাগীৰোডৰ বিধায়ক তথা স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে সীতাজখলা সমবায় সমিতিকো জীয়াই ৰাখিব লাগিব আৰু এনডিডিবি কৰ্তৃপক্ষই যিহেতু ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আৰু অসম চৰকাৰে তেওঁলোকক আমন্ত্ৰণ জনাই দায়িত্ব অৰ্পণ কৰিছে, এই বিষয়টো কোনো পক্ষৰে ক্ষতি নোহোৱাকৈ সিদ্ধান্ত ল’ব লাগিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here