Home অসম বানৰ পিছত খৰাঙে দহিছে ৰাজ্যঃ বিঘাই বিঘাই ধানখেতিত চিৰাল ফাঁট

বানৰ পিছত খৰাঙে দহিছে ৰাজ্যঃ বিঘাই বিঘাই ধানখেতিত চিৰাল ফাঁট

50
0

প্ৰলয়ংকাৰী বানৰ পাছত শোণিতপুৰ জিলাত কেইবাসহস্ৰাধিক বিঘা ধানখেতি খৰাঙৰ কবলতঃ কৃষকৰ হাহাকাৰ, খবৰ নাই জলসিঞ্চন বিভাগৰ

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, টুমুকীঃ বানৰ পিছত খৰাঙে দহিছে এতিয়া শোণিতপুৰৰ শস্য পথাৰ। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ নৈ- উপনৈসমূহৰ প্ৰলয়ংকাৰী বানে ভয়াবহ পৰিস্থিতি কৰা শোণিতপুৰ জিলাত এইবাৰ খৰাঙৰ কবলত পৰি শ শ বিঘা ধানখেতি নষ্ট হোৱাত কৃষকসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।

ইয়াৰ উপৰি, পানীৰ অভাৱত নিজৰ খেতি পথাৰত ধানৰ কঠিয়া লগাব নোৱাৰাত ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে কৃষক ৰাইজ। উল্লেখ্য যে, ভাৰতে স্বাধীনতা লাভ কৰাৰ ৭৩ বছৰত ভৰি দিয়াৰ পাছতো আজিকোপতি জলসিঞ্চনৰ কোনো সুবিধা লাভ নকৰা বৰছলা সমষ্টিৰ অন্তৰ্গত পশ্চিম বৰগাঁও আৰু মধ্য বৰগাঁও গাঁও পঞ্চায়তৰ এলেকাতেই প্ৰায় ডেৰসহস্ৰাধিক বিঘা কৃষিভূমি খৰাঙৰ কবলত পৰিছে।

এইক্ষেত্ৰত পশ্চিম বৰগাঁও অঞ্চলৰ যুৱ কৃষক মানসিং মহলীয়াই কয়, মই প্ৰায় ২০ বিঘা কৃষিভূমিত ধানখেতি কৰো। কিন্তু বানপানীয়ে ব্যাপক ক্ষতিসাধন কৰাৰ পাছত বৰ্তমান সময়ত মোৰ ১০ ৰ পৰা ১৫ বিঘা ধানখেতি খৰাঙৰ কবলত পৰি চিৰাল ফাট দিছে। তদুপৰি একমাত্ৰ পানীৰ অভাৱতে বিঘাই- বিঘাই ধানখেতি এফালৰ পৰা ৰঙা হৈ মৰহি যাবলৈ ধৰিছে। বানপানীৰ পাছত পুনৰ খৰাঙৰ কবলত পৰি এনেদৰে ব্যাপক ক্ষতিৰ সন্মুখীন হোৱাৰ পাছত ভৱিষ্যতক লৈ অতিশয় চিন্তিত হৈ পৰিছে। কিয়নো মোৰ লগতে আমাৰ এই অঞ্চলটোৰ এশ শতাংশই লোক কৃষিকাৰ্যৰ ওপৰত নিৰ্ভৰশীল।

আনহাতে স্থানীয় আন একাংশ কৃষকে অভিযোগ কৰি কয়, প্ৰতিবছৰে পশ্চিম বৰগাঁও আৰু মধ্য বৰগাঁও অঞ্চলত বানপানী আৰু খৰাঙে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে। খৰাঙৰ কবলত পৰি এই অঞ্চলটোৰ শ শ বিঘা কৃষিভূমি ছনে পৰাৰ পাছতো ৰাজ্য চৰকাৰে আজিকোপতি কৃষিক্ষেত্ৰলৈ পানী যোগানৰ বাবে জলসিঞ্চনৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। স্থানীয় কৃষক ৰাইজৰ পৰা জানিব পৰা মতে, পঞ্চায়ত দুখনৰ এলেকাৰ বটলা, ঢেকেৰী, ভৰাশিঙৰী, গৰুডুবা, তেলীয়াপথাৰ, হোজাই গাঁও আৰু সিপৰীয়া বতাবাৰীকে ধৰি দহখনৰো অধিক গাঁৱৰ ডেৰসহস্ৰাধিক বিঘা কৃষিভূমি খৰাঙৰ কবলত পৰিছে।

বৃহত্তৰ অঞ্চলটোৰ কৃষক ৰাইজে অঞ্চলটোত জলসিঞ্চনৰ ব্যৱস্থা কৰিবৰ কাৰণে দীৰ্ঘদিন ধৰি চৰকাৰৰ ওচৰত আৱেদন জনাই অহাৰ পাছতো এইক্ষেত্ৰত ৰাইজৰ সমস্যাক লৈ তিলমানো গুৰুত্ব প্ৰদান কৰা নাই। আনহাতে বৰছলা সমষ্টিৰ দৰে জিলাখনৰ চতিয়া সমষ্টিৰ এলেকাতো বৃহৎ পৰিমাণৰ কৃষিভূমি খৰাঙৰ কবলত পৰিছে। এইক্ষেত্ৰত জামুগুৰিহাটৰ মুঢ়াদল গাঁৱৰ আদৰ্শ কৃষক পংকজ হাজৰিকাই কয়- বৃহত্তৰ নদুৱাৰ অঞ্চলৰ কৃষক ৰাইজৰ খেতি পথাৰত পানীৰ যোগান ধৰিবলৈ ছিজোছাত স্থাপন কৰা বৰডিকৰাই জলসিঞ্চন প্ৰকল্পৰ পৰা কৃষক ৰাইজে উপযুক্তভাৱে পানী লাভ কৰিবলৈ সক্ষম হোৱা নাই।

লগতে অভিযোগ কৰি কয়- আমাৰ কৃষি ক্ষেত্ৰৰ কাষেৰে যোৱা বৰডিকৰাই জলসিঞ্চন প্ৰকল্পৰ ডি ২ এম ৪ নং নলাৰে কেতিয়া পানী যোগান ধৰিছিল সেইয়া পাহৰণিৰ গৰ্ভত। অকল মোৰেই ৩০ বিঘাৰো অধিক ধানখেতি খৰাঙৰ কবলত পৰি ৰঙা হৈ মৰি যাবলৈ ধৰিছে। ইয়াৰ উপৰি মুঢ়াদল, বামুণবাৰী, বাঁহদোঙা বৰাচুক, নৰোৱা এলেকা, হোলাকান আৰু বৰপথাৰকে ধৰি অঞ্চলটোৰ শ শ বিঘা ধানখেতি ভয়াবহভাৱে খৰাঙৰ কবলত পৰি এফালৰ পৰা চিৰাল ফাট দিছে।

বানপানীৰ পিছত বৰ্তমান সময়ত খৰাঙৰ কবলত পৰি কৃষক ৰাইজে হাহাকাৰ কৰি থকাৰ পিছতো জলসিঞ্চন বিভাগে বৃহত্তৰ নদুৱাৰ অঞ্চলত কৃষক ৰাইজক পানী যোগান ধৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ ক্ষুব্ধ হৈ পৰিছে। অভিযোগ অনুসৰি, বৰডিকৰাই জলসিঞ্চন প্ৰকল্পৰ বহু নলাইদি কৃষিভূমিলৈ পানী অহাতো বন্ধ হৈ পৰাৰ পাছতো কৰ্তব্যৰ নামত হামিয়াই হিকটিয়াই দিন পাৰ কৰি দৰমহা লৈ থকা বিষয়া- কৰ্মচাৰীসকলে আজিকোপতি কোনো ব্যৱস্থাই গ্ৰহণ কৰা নাই।

মন কৰিবলগীয়া যে, শোণিতপুৰ জিলাত থকা ১ লাখ ১২ হাজাৰ ২৮১ হেক্টৰ কৃষিভূমিৰ বিপৰীতে মাত্ৰ ১৯৯৪০ হেক্টৰ কৃষিভূমিক সামৰিহে জলসিঞ্চনৰ ব্যৱস্থা আছে। উন্নয়ন আৰু পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে চৰকাৰ গঠন কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে শোণিতপুৰ জিলাত কোনো এখন নতুন জলসিঞ্চনৰ আঁচনি স্থাপন কৰা নাই তেওঁৰ কাৰ্যকালত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here