Home অসম বকতাৰ পথাৰত ছিঁৰাল ফাঁট, কৃষক বিপাঙত

বকতাৰ পথাৰত ছিঁৰাল ফাঁট, কৃষক বিপাঙত

34
0

দৈনন্দিন বাৰ্তাৰ সেৱা, বকতাঃ কৃষকৰ বাবে শালি খেতিত নমাৰ পূৰ্ণ প্ৰয়োভৰৰ সময় শাওন আৰু ভাদ মাহ যদিও শিৱসাগৰৰ বকতাত এইবাৰ ৰুষ্ট প্ৰকৃতিৰ বাবে পানীৰ অভাৱতে কৃষি কাৰ্য সম্পন্ন কৰিব পৰা নাই। যোৱা প্ৰায় এমাহ ধৰি অঞ্চলটোত কোনো বৰষুণ নোহোৱাত আৰু তীব্ৰ খৰাঙত পানী শুকাই যোৱাত পথাৰসমূহত বৰ্ত্তমান ছিঁৰাল ফাঁট মেলিছে।

কৃষক ৰাইজে ভূঁই ৰুৱৰ বাবে চহ কৰি থোৱা পথাৰ এতিয়া এটোপাল পানীও নথকা শুকান বালিময় হৈ পৰিছে। আনহাতে পথাৰত ৰুৱৰ বাবে প্ৰতিপালিত কৰি ৰখা কঠীয়াসমূহৰ নিৰ্দিষ্ট সময়সীমা কেতিয়াবাই পাৰ হোৱাত এনে বুঢ়া কঠীয়া ৰুলেও ভৱিষ্যতে আশানুৰূপ ফল নোপোৱাটো নিশ্চিত। বকতাৰ কৃষক ৰাইজৰ জীৱন জীৱিকাৰ একমাত্ৰ অৱলম্বন কৃষি কাৰ্যৰ অবিহনে জীয়াই থকাৰ পথেই ৰুদ্ধ হোৱাৰ আশংকাত ভূগি বৰ্ত্তমান বিনিন্দ্ৰ ৰজনী পাৰ কৰিছে ভুক্তভোগী কৃষক ৰাইজে।

নিজৰ পৈতৃক সম্পত্তি শুকান পথাৰ কেইডৰালৈ চাই বকতা অঞ্চলৰ অধিকাংশ কৃষকে এতিয়া হতাশাত ভাগি পৰিছে। ইতিমধ্যে ৰোপণ কৰা পথাৰ সমূহৰ অৱস্থাও অধিক দুখলগা। পানীৰ অভাৱত কঠীয়া লহপহকৈ বঢ়াৰ পৰিবৰ্তে ৰঙা পৰি মৰহি গৈছে। কৃষকৰ বাবে এনে হৃদয় বিদাৰক দৃশ্য চাই থকাটো কিমান বেদনাদায়ক সেয়া বৰ্ণনাতীত। এই ক্ষেত্ৰত চৰকাৰৰ দায়িত্বহীনতা আৰু কৃষি বিভাগৰ চৰম ব্যৰ্থতাই কৃষক ৰাইজক ক্ষোভিত কৰি তুলিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here