Home অসম লোহাৰ চিৰিৰ ওপৰেদি বিপদ সংকুল যাতায়াত ৰাইজৰ

লোহাৰ চিৰিৰ ওপৰেদি বিপদ সংকুল যাতায়াত ৰাইজৰ

36
0

দৈনন্দিন বাৰ্তা,ডিজিটেল সেৱা, ডুবিয়াঃ গহপুৰ মহকুমাৰ মাজেৰে বৈ যোৱা পাহাৰীয়া খৰস্ৰোতা ছত্ৰং নদীৰ বাঢ়নী পানীয়ে যোৱা এক আগষ্টত খহাই নিয়া গহপুৰ নগৰৰ সৎসংগ তিনি আলিৰ পৰা অৰুণাচল প্ৰদেশ সংযোগী পকী পথৰ গোপাল বস্তি এলেকাৰ ভগ্ন অংশটো আজিকোপতি সংশ্লিষ্ট চৰকাৰী বিভাগে মেৰামতি নকৰাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত ব্যাপক অসুবিধা তথা দুৰ্দশাৰ সন্মুখীন হৈছে মহকুমাটোৰ উত্তৰাঞ্চলৰ বৃহত্তৰ এলেকাৰ ৰাইজ। উল্লেখ্য যে উক্ত পকী পথটোৱে গহপুৰ মহকুমাৰ বালিজান, ঘগৰা আৰু কৃষ্ণপুৰ গাঁও পঞ্চায়ত এলেকাৰ অৰ্ধ শতাধিক গাঁৱৰ লগতে অৰুণাচল প্ৰদেশক ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত পোনপটীয়াকৈ সংযুক্ত কৰিছে।

এনে ক্ষেত্ৰত গহপুৰ মহকুমাৰ অন্যতম ব্যস্ততা পূৰ্ণ পথ হিচাবে পৰিচিত উক্ত পথটো সংশ্লিষ্ট চৰকাৰী বিভাগে ততাতৈয়াকৈ তথা যুদ্ধকালীন তৎপৰতাৰে মেৰামতি কৰি সুচল যাতায়াত ব্যৱস্থা অব্যাহত ৰখাৰ সুব্যৱস্থা কৰিব লাগিছিল যদিও আজিকোপতি মেৰামতিৰ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। ইয়াৰ ফলত বিগত প্ৰায় কুৰি দিন উক্ত পথটোৰে যাতায়াত কৰাৰ ক্ষেত্ৰত পথটোৰে সংলগ্ন বৃহত্তৰ এলেকাৰ সৰ্বসাধাৰণ ৰাইজে দুৰ্দশাৰ সন্মুখীন হ’ব লগাত পৰিছে।

বৰ্তমান স্থানীয় ভুক্তভোগী ৰাইজে পথটোৰ উক্ত ভগ্ন অংশত পাৰি দিয়া চাৰি ডাল লোহাৰ চিৰিৰ ওপৰেদি অতিশয় বিপদ সংকুলভাবে যাতায়াত অব্যাহত ৰাখিব লগা হৈছে। উক্ত চিৰিৰ ওপৰেদি সৰু যান বাহন অত্যন্ত বিপদ সংকুলভাবে পাৰ কৰিব পাৰি যদিও গধুৰ যানবাহনৰ চলাচল সম্ভৱ নহয়। গহপুৰ নগৰৰ সমীপৱৰ্তী এলেকাৰ এটা অতি ব্যস্ত পকী পথৰ এনে দুৰৱস্থা দূৰ কৰাৰ ক্ষেত্ৰত আজিকোপতি সংশ্লিষ্ট চৰকাৰী কৰ্তৃপক্ষই কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰাত ভুক্ত ভোগী ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here