Home অসম ধিং এক্সপ্ৰেছৰ জয়যাত্ৰা

ধিং এক্সপ্ৰেছৰ জয়যাত্ৰা

46
0

-তন্ময় শইকীয়া-

ঠিন পৰিশ্ৰমৰ বিকল্প নাই। থমাছ আলভা এডিচনৰ এই বিখ্যাত উক্তি শাৰীৰ প্ৰাসংগিকতা সৰ্বদা বিদ্যামান। আমি যদি সফলতা লাভ কৰিবলৈ উচ্ছা কৰো, তেনেহলে কঠোৰ শ্ৰম-সাধনা আৰু একাগ্ৰতাক মূলমন্ত্ৰ হিচাপে লৈ আগবাঢ়ি যাব লাগিব। জীৱনৰ প্ৰতি ক্ষেত্ৰতে এই কথাষাৰ শিৰোগত কৰিব পাৰিলে সাময়িক বিফলত অথবা বাটৰ বাধা-বিঘিনি নেওচি আমি ইস্পিত লক্ষ্যত যে উপনীত হ’ব পাৰিম ই খাটাং।

অতিসম্প্ৰতি বিশ্বজুৰি ট্ৰেক এণ্ড ফিল্ডৰ দৌৰত ইভেন্টত আমাৰ অসমৰ জীয়ৰী হীমা দাস ইয়াৰেই জ্বলন্ত উদাহৰণ। নগাঁও জিলাৰ অন্যতম পিছপৰা ঠাই ধিঙৰ শ্ৰীৰঞ্জিৎ দাস আৰু শ্ৰীজোৱালী দাসৰ দুহিতা হীমাই ১০০ মিটাৰ, ২০০ মিটাৰ আৰু ৪০০ মিটাৰ দৌৰ ইভেন্টত নানা অভিলেষ গড়াৰ লগতে প্ৰথম ভাৰতীয় স্প্ৰিন্টাৰ হিচাপে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সোনৰ পদক লাভ কৰিবলৈ সক্ষম হৈ চাঞ্চল্যৰ সৃষ্টি কৰিছে সৰুৰে পৰা পথাৰৰ বোক-পানীৰ লগত ডাঙৰ দীঘল হোৱা হীমাৰ দৌৰত সদায় জিকি তেওঁক আমূৱাইছিল আৰু সেয়েহে তেওঁ সদায় বয়সতকৈ ডাঙৰ অথবা যোগ্য প্ৰতিদ্বন্দীৰ লগত দৌৰিবলৈহে ভাল পাইছিল।

আনকি গাঁৱলৈ অহা নানা তৰহৰ গাড়ী, মটৰ চাইকেল, ট্ৰাক আদিৰ লগত ফেৰ মাৰি তেওঁ হেঁপাহ পূৰাইছিল। ২০০০ চনৰ ৯ জানুৱাৰীত ধিং চহৰৰ নিকতৱৰ্তী কান্দুলিমাৰি গাঁৱত জন্মলোৱা হীমাই তেওঁৰ অধ্যয়ন কৰা ধিং পাব্লিক হাইস্কুলত শিক্ষাৰ লগতে ফুটবল খেলি তাৰকা হোৱাৰ হেঁপাহ ৰাখিছিল। তেতিয়া ছোৱালী ফুটবলাৰৰ অভাৱ আছিল আৰু তেওঁ স্কুলৰ ল’ৰা বোৰৰ লগতেই ফুটবলৰ অনুশীলন কৰিছিল। পিছে ফুটবলত (দেশৰ মহিলা ফুটবল) তেওঁৰ বিশেষ সম্ভাৱনীয়তা নেদেখি বিদ্যালয়ৰ ক্ৰীড়া আৰু শাৰীৰিক নিৰ্দেশক চামচুল হকৰ পৰামৰ্শ অনুযায়ী দৌৰত আত্মনিয়োগ কৰে। তাৰ পাছত তেওঁ প্ৰশিক্ষক হিচাপে লগ পায় নিপন দাসক। যি তেওঁৰ কেৰিয়াৰলৈ অভূতপূৰ্ব অৱদান আগবঢ়ায়।

দোপত-দোপে হীমাই জিলা, মাণ্ডলিক আৰু ৰাজ্যিক পৰ্যায়ৰ বাধা বোৰ হেলাৰঙে অতিক্ৰম কৰি ২০১৮ চনত কমনৱেলথ গেমছৰ বাবে ৪০০ঘ৪ মিটাৰ ৰিন্সেৰ বাবে ভাৰতীয় দলৰ প্ৰতিনিধিত্ব কৰে। তাৰ পৰা আৰু তেওঁ পিছলৈ চাব লগা হোৱা নাই। যদিও অষ্ট্ৰোলিয়াৰ গল্ড কষ্টত অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতাত তেওঁ পদক লাভ কৰিবলৈ সক্ষম নহল তথাপিতো তেওঁ যে এগৰাকী ভৱিষ্যতৰ ষ্টাৰ হ’বলৈ গৈ আছে তাৰ উমান সকলোকে দিবলৈ সক্ষম হৈছিল। সেই একে বছৰৰে ১২ জুলাইত হীমাই ফিনলেণ্ডত অনুষ্ঠিত হোৱা অনুৰ্ধৰ ২০ বছৰৰ বিশ্ব চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত ৫১.৪৬ ছেকেণ্ডৰ সময় লৈ ৪০০ মিটাৰ ফাইনেলৰ স্বৰ্ণৰদক অৰ্জন কৰে। আৰু প্ৰথম ভাৰতীয় হিচাপে ট্ৰেক এণ্ড ফিল্ড ইভেন্টত স্বৰ্ণ জয়ৰ বিৰল অভিলেখ গঢ়ে।

সেই অভিলেখৰ আমেজ উপভোগ কৰি থকাৰ মাজতেই জাকাৰ্টাৰ অনুষ্ঠিত এচিয়ান গেমছত হীমাই ৪০০ মিটাৰৰ হিটত ৫১ ছেকেণ্ডেৰ সময় লৈ ফাইনেলত প্ৰৱেশ কৰি ভাৰতীয় ৰাষ্ট্ৰীয় ৰেকৰ্ড ভংগ কৰাই নহয়, ফাইনেলত ৫০.৭৯ ছেকেণ্ডেৰে চিলভাৰ পদক দখল কৰে আৰু নিজৰেই ৰাষ্ট্ৰীয় ৰেকৰ্ড ভংগ কৰে। সেই এছিয়ান গেমছতেই ৪x৪০০ মিটাৰ ৰিলেৰেছত লিভাৰ পদক আহৰণ কৰে। এই মিক্সভৰিলে ৰেছ প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হৈছিল।

এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা সমূহত হীমাৰ অভিলেখ সমূহেই প্ৰমাণ কৰে তেওঁৰ প্ৰতিভাৰ স্বকীয়তা। তেওঁৰ প্ৰদৰ্শন বোৰেই আওৰাই দিয়ে কঠিন শ্ৰম কৰিলে, নিৰন্তৰ সাধনা কৰিলে আমি বহু কিবা-কিবি অৰ্জন কৰিব পাৰো। কেৰিয়াৰৰ আৰম্ভনীতেই আজি সীমা দাসক ভাৰতীয় দৌৰৰ ৰাণী পিটি উসাৰ লগত তুলনা কৰা হৈছে। তুলনাতকৈ প্ৰদৰ্শনৰ ভিত্তিত তেওঁ উষাতকৈ আগবাঢ়ি গৈছে। অসমৰ অন্যজন দৌৰবিদ ভোগেশ্বৰ বৰুৱাৰ পিছতেই হীমাই লাভ কৰিবলৈ সক্ষম হৈছে খেলুৱৈক বাবে দেশৰ সবেৰ্বাচ্চ অসামৰিক সন্মান অৰ্জুন বঁটা। এডিডাচৰ দৰে স্বনামধন্য ক্ৰীড়া সুঁজুলি নিৰ্মাতা প্ৰতিষ্ঠানৰ তৰফৰ পৰা তেওঁক আগবঢ়াইছে কেন্দ্ৰ এম্বেছেডৰৰ সন্মান। যাৰ বিনিময়ত বছৰি মোটা অংকৰ ধনৰ টোপোলা।

তাৰোপৰি তেওঁ ভাৰতৰ প্ৰথম য়ুথ এম্বেছেডৰ আৰু অসম চৰকাৰৰ ক্ৰীড়া এম্বেছেডৰ। খেলুৱৈ তথা সামাজিক জীৱনৰ পাতনিতেই ইমানবোৰ কৃতি আৰু খ্যাতি অৱশ্যে এইটো ঠিক যে সফলতা আহৰণ কৰাতকৈ সেই সফলতাক ধাৰাবাহিক ভাৱে ধৰি ৰখাটো তাতোতকৈ কষ্টসাধ্য কাম। বিভিন্ন সময়ত ক্ৰীড়া ক্ষেত্ৰত শীৰ্ষ স্থানত থাকি শূন্য স্থানলৈ নামি অহা খেলুৱৈৰ অভাৱ ইতিসাহত বিৰল নহয়। আশা কৰো হীমা দাসে সেই পৰম্পৰাৰ ব্যতিক্ৰম হৈ অনাগত দিনত সফলতাৰ সীমা ভেদ কৰিবলৈ সক্ষম হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here