Home অসম ৰঙাপৰাৰ হাতীবাৰী চাহ বাগিছাৰ ফুটবলৰ চুড়ান্ত খেলত বালিপৰাৰ বামগাও দল বিজয়ী

ৰঙাপৰাৰ হাতীবাৰী চাহ বাগিছাৰ ফুটবলৰ চুড়ান্ত খেলত বালিপৰাৰ বামগাও দল বিজয়ী

35
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ শোণিতপুৰ জিলাৰ হাতিবাৰি চাহ বাগিচাত কালি এখন ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেল অনুষ্ঠিত হৈ যায় । প্রতিযোগিতা খনিত ১৬টা দলে অংশ গ্ৰহণ কৰা এই চুড়ান্ত খেলত হাতিবাৰি চাহ বাগিছাৰ নৰ্থ বেংক চকাৰ ক্লাব আৰু বামগাও দলৰ মাজত  অনুষ্ঠিত হয়।ফুটবল খেলৰ লগত সংগতি ৰাখি আয়োজন কৰা সভাত আগভাগ ধৰে তেজপুৰৰ সাংসদ পল্লবলোচন দাসে।

সভাত হাতিবাৰি চাহবাগিছাৰ প্ৰবন্ধক দেবব্ৰত শৰ্মা,আটছাৰ কেন্দ্রীয় সমিতিৰ উপ সভাপতি অৰূপ বৰাইক ৰঙাপৰা উপ শাখাৰ সভাপতি  চাকিৰাম তাঁতী,অসম চাহ মজদুৰ সংঘৰ তেজপুৰ শাখাৰ সম্পাদক সুনীল টুটীৰ লগতে বহুতো প্রাক্তন ছাত্ৰ নেতা বিশিষ্ঠ ব্যক্তি উপস্থিত থাকে।

আটছা ৰঙাপৰা উপ শাখাৰ হাতিবাৰি শাখাই অনুষ্ঠিত কৰা খেলখনত বিজয়ী বামগাও ফুটবল দলক নগদ ১৫ হেজাৰ টকা আৰু এটা ট্ৰফি তথা উপ বিজেতা নৰ্থ বেংক চকাৰ ক্লাবক নগদ ৪ হেজাৰ তথা এক ট্ৰফি প্ৰদান কৰা হয়। কালিৰ খেল খনত বামগাও ফুটবল দলে নৰ্থ বেংক চকাৰ ক্লাবক ৪/২ গলত পৰাস্ত কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here