Home অসম পৰৱৰ্তী ডিজিপি হ’ব তপন ডেকা ! -কুলধৰ শইকীয়াৰ কাৰ্যকাল বৃদ্ধিৰ প্ৰস্তাৱ অনুমোদন...

পৰৱৰ্তী ডিজিপি হ’ব তপন ডেকা ! -কুলধৰ শইকীয়াৰ কাৰ্যকাল বৃদ্ধিৰ প্ৰস্তাৱ অনুমোদন জনোৱা নাই মুখ্যমন্ত্ৰীয়ে

101
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান পদত তপন ডেকা অধিষ্ঠিত হোৱা সম্ভাৱনা প্ৰকট হৈ পৰিছে। সম্প্ৰতি ডেকাই দেশৰ চোৰাংচোৱা সংস্থাই মুৰববী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। উল্লেখ্য যে বৰ্তমানৰ ডিজিপি কুলধৰ শইকীয়াৰ কাৰ্যকাল ৩১ আগষ্টত অন্ত হ’ব। সেইদিনাই এনআৰচিৰ চূড়ান্ত তালিকা প্ৰকাশ পাব।

সেয়েহে ৰাজ্যত আইন-শৃংখলাৰ নিয়ন্ত্ৰণৰ বাবে কুলধৰ শইকীয়াৰ কাৰ্যকাল ছমাহলৈ বৃদ্ধিৰ বাবে প্ৰস্তাৱ দাখিল কৰা হৈছিল। কিন্তু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শইকীয়াৰ চাকৰিকাল বৃদ্ধিত বৰ্তমানলৈকে অনুমোদন জনোৱা নাই। ইফালে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মকৰ্তা তথা ১৯৮৮ বৰ্ষৰ হিমাচল কেদাৰৰ আইপিএছ বিষয়া তপন ডেকাই অসম তথা উত্তৰ পূবৰ উগ্ৰবাদ নিয়ন্ত্ৰণত দীৰ্ঘসময় কাৰ্যনিৰ্বাহ কৰি আহিছে। ডেকাই চোৰাংচোৱা সংস্থাৰ যুটীয়া সঞ্চালক হিচাপে উত্তৰ পূবত কাৰ্যনিৰ্বাহ কৰোতে গুৱাহাটীত বাহৰ পাতি আছিল। বৰ্তমান তেওঁ উক্ত সংস্থাৰ অতিৰিক্ত সঞ্চালক প্ৰধান হিচাপে কৰ্মৰত।

এইজন আৰক্ষী বিষয়াই ১৯৯০ ত অসমত আলফা বিৰোধী অভিযান চলোৱাৰ সময়ত চোৰাচোৱা সংস্থাসমূহ বিশেষভাৱে নেতৃত্ব দিছে। বৰ্তমানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা তথা প্ৰাক্তন চোৰাংচোৱাৰ মুৰববী অজিত দোভালৰ সৈতেও পূৰ্বে কাৰ্যনিৰ্বাহ কৰিছিল। গতিকে তপন ডেকাৰ দক্ষতা সম্পৰ্কত অজিত দোভাল নিশ্চিত হৈ আছে আৰু তেওঁক অসম আৰক্ষীৰ মুৰববীৰ পদত অধিষ্ঠিত হোৱাৰ বাঞ্চা কৰে।

উল্লেখ্য যে একেটা বৰ্ষৰ আইপিএছ ভাস্কৰজ্যোতি মহন্তই উক্ত পদত অধিষ্ঠিত হ’ব প্ৰচেষ্টা অব্যাহত ৰাখিছে। সেয়েহে তপন ডেকাই যদিহে পৰৱৰ্তী ডিজিপি নিযুক্তি পাই তেনেহ’লে ৰাজ্যৰ বাহিৰৰ পৰা আহি ডিজিপি হিচাপে অধিষ্ঠিত হোৱা জয়ন্ত চৌধুৰীৰ পিছত তপন ডেকা হ’ব দ্বিতীয়জন। অৱশ্যে গোটেই বিষয়টো নিৰ্ভৰ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওপৰত আৰু দুই এদিনতে চৰকাৰে পৰৱৰ্তী ডিজিপিৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here