Home অসম গুৱাহাটী আইআইটিত উল্লেখযোগ্য সফলতঃ জীৱ হত্যা নকৰাকৈ মাংসৰ উৎপাদন

গুৱাহাটী আইআইটিত উল্লেখযোগ্য সফলতঃ জীৱ হত্যা নকৰাকৈ মাংসৰ উৎপাদন

149
1

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ গুৱাহাটীস্থ আইআইটিৰ এটা গৱেষকৰ দলে কৃত্ৰিমভাৱে উৎপাদন কৰিছে আমিষ ভোজীয়ে খাদ্যৰ সৈতে গ্ৰহণ কৰা সুস্বাদু মাংস। কোনোধৰণৰ জীৱৰ হত্যা নকৰাকৈয়ে বিজ্ঞানাগাৰত উৎপাদন কৰা এই মাংস অবিকল সচৰাচৰ মাংসৰ দৰেই।

গৱেষকৰ দলটোৱে কৃত্ৰিমভাৱে উৎপাদন কৰা এই মাংসৰ সোৱাদ পৰীক্ষা কৰিছে আৰু ইয়াৰ মাজত পাৰ্থক্য বিচাৰি পোৱা নাই। বৰঞ্চ কৃত্ৰিমভাৱে উৎপাদিত মাংসৰ জৰিয়তে মানৱ শৰীৰত প্ৰয়োজন হোৱা ভিটামিন তথা অন্যান্য সামগ্ৰীসমূহ সংযোজন কৰাৰ ফল আছে আৰু সকলো ধৰণৰ বীজাণুৰ পৰা মুক্ত কৰি এই মাংস স্বাস্থ্য সন্মত হিচাপে বাণিজ্যিকভাৱে উৎপাদনৰ সুযোগ আছে। উল্লেখ্য যে আইআইটি গুৱাহাটীৰ টিছু-অভিযান্ত্ৰিক গোট এটাই বিভিন্ন জীৱৰ পৰা বায়’পছিৰ জৰিয়তে কিছুমান কোষ সংগ্ৰহ কৰিছিল।

ইয়াৰ ভিতৰত সচৰাচৰ মাংসত উপলব্ধ হোৱা সকলো ভিটামিন আৰু উপাদান যাতে থাকে তাৰ প্ৰতি লক্ষ্য ৰখা হৈছিল। জীৱ বিজ্ঞান আৰু জীৱ অভিযান্ত্ৰিক শাখাৰ অধ্যাপক বিমান বি মণ্ডলৰ নেতৃত্বত এই গৱেষকৰ দলটোৱে বিজ্ঞানাগাৰত এনেদৰে প্ৰস্তুত কৰিবলৈ সক্ষম হয় সকলোধৰণৰ পুষ্টিৰে পৰিপূৰ্ণ আৰু বীজাণুমুক্ত কৃত্ৰিম মাংস।

এই সফলতাত উৎফুল্লিত হৈ পৰা অধ্যাপক মণ্ডলে ব্যক্ত কৰে যে আমিষ ভোজীসকলৰ চাহিদা অনুসৰি বাণিজ্যিকভাৱে এই নতুন ধৰণৰ মাংস উৎপাদন কৰাৰ সুযোগ আছে। জীৱ হত্যা নকৰাকৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিব পাৰিব এই কৃত্ৰিম মাংসৰ দ্বাৰা।

যাৰ বাবে আৰ্থিক সমৃদ্ধি ব্যৱসায়িক সফলতাৰ লগতে গৱেষণাৰ ক্ষেত্ৰতো আগুৱাই যোৱাৰ থল আছে বুলি গুৱাহাটী আইআইটিৰ দলটোৱে আশা প্ৰকাশ কৰিছে।

1 COMMENT

  1. Thank you a lot for providing individuals with an extremely marvellous opportunity to read critical reviews from this website. It is usually very superb and also packed with a good time for me and my office mates to visit your web site particularly 3 times per week to study the latest items you have got. And of course, I am actually amazed with the cool thoughts you give. Certain 4 tips in this post are particularly the very best we have ever had.

LEAVE A REPLY

Please enter your comment!
Please enter your name here