Home অসম বৃহত্তৰ জামুগুৰিহাটত প্ৰখৰ ৰ’দত চিৰাল ফাট দিছে কৃষি পথাৰ

বৃহত্তৰ জামুগুৰিহাটত প্ৰখৰ ৰ’দত চিৰাল ফাট দিছে কৃষি পথাৰ

48
0
  • পানী যোগান ধৰাত ব্যৰ্থ বৰদিকৰাই জলসিঞ্চন প্ৰকল্প
  • গৰু ছাগলীৰ চৰণীয়া পথাৰলৈ পৰ্য্যবসিত হৈছে জলসিঞ্চনৰ নলা

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, জামুগুৰিহাটঃ খৰাঙৰ কবলত পৰিছে ৰাজ্যৰ একাংশ অঞ্চল৷ প্ৰখৰ ৰ’দ তথা তীব্ৰ গৰমে সকলোকে জ্বলাকলা খুওৱাৰ সমান্তৰালকৈ জামুগুৰিহাটৰ কৃষকৰ পথাৰত মেলিছে চিৰাল ফাঁট৷ সপোনৰ সোণগুটি পোৱাৰ আশাত ৰোপণ কৰা কঠিয়া সজাল ধৰাৰ পৰিৱৰ্তে এতিয়া সেই সোণগুটি সৃষ্টিৰ বাবে ৰোপন কৰা কঠিয়া পানীৰ অভাৱত ৰঙা পৰি মৰিব ধৰিছে৷ কাৰণ পথাৰত নাই এটুপিও পানী।

মন কৰিবলগীয়া যে সময়মতেই কৃষকে প্ৰকৃতিৰপৰা পানী লাভ কৰাত পূৰ্বতকৈ যথেষ্ট আগতেই কঠিয়া ৰুই আজৰি হৈ এক প্ৰকাৰ আনন্দিত হৈ পৰিছিল যদিও সম্প্ৰতি মুৰে-কপালে হাত দিছে অঞ্চলটোৰ কৃষক সকলে। বিগত দিন কেইটাত হোৱা প্ৰখৰ ৰ’দে এফালৰ পৰা শুকুৱাই নিছে দুগুণ উৎসাহেৰে ৰোৱা পথাৰৰ কঠিয়াবোৰ।

বাম মাটিৰ পথাৰত ইতিমধ্যেই চিৰাল ফাট দিছে। দ’ পথাৰৰ অৱশিষ্ট পানীখিনিও যোৱা দুদিনত দিয়া প্ৰখৰ ৰ’দে একপ্ৰকাৰ শুকুৱাই পেলাইছে। শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ দিনটোত ধাৰাষাৰ বৰষুণ হয় বুলি ৰাইজৰ মনত থকা বিশ্বাসক নৎসাত কৰি জন্মাষ্টমী পাৰ হৈ গ’ল যদিও বৰষুণৰ কোনো সম্ভাৱনা নেদেখি হতাশাত ভুগিছে কৃষক ৰাইজে। একাংশ কৃষকে কয় যে কৃষ্ণ জন্মাষ্টমীত ধাৰাষাৰ বৰষুণ আহে বুলি আমাৰ মনত যি বিশ্বাস আছিল সেই বিশ্বাসো ধূলিসাৎ হৈ পৰিছে।

লগতে কয় যে কোমল কোমল কঠিয়াবোৰে গেৰ ধৰিবলৈ এইসময়ত পানীৰ নিতান্তই প্ৰয়োজন যদিও গেৰ ধৰিবলৈ নৌপাতেই প্ৰখৰ ৰ’দে পথাৰৰ কৃষি ভূমিৰ পানী শুকুৱাই পেলোৱাৰ ফলত চিৰাল ফাট দিছে খেতি মাটিত।যাৰ ফলত কোমল কঠিয়াবোৰ অতি সহজে শুকাই যাবলৈ ধৰিছে। অহা এটা সপ্তাহত পৰ্যাপ্ত বৰষুণ নাহিলে হয়তো এইবাৰ আমাৰ অৱস্থা পানীত হাঁহ নচৰা হ’ব বুলিও বৰ হতাশাৰে একাংশ কৃষকে মন্তব্য কৰিছে।

আনহাতে অঞ্চলটোৰ কেতবোৰ অঞ্চলত বানৰ কৱলত পৰা ৰাইজে বানৰ বিভিষিকাৰ পৰা মুক্তি পায়েই অতি কষ্টৰে পুনৰ পথাৰৰ মাটি চহাই দুৰ দুৰণিৰপৰা কঠিয়া বিচাৰি আনি ৰুইছিল যদিও সম্প্ৰতি সেয়াও খৰাঙৰ কৱলত পৰা পৰিলক্ষিত হৈছে। চিৰাল ফাট দিছে বানত ক্ষতিগ্ৰস্ত লোক সকলৰো পথাৰ।একাংশ কৃষকে বৰ দুখেৰে কয় যে ধান মুঠি বিক্ৰী কৰিয়ে আমি আমাৰ পৰিয়াল পোহ-পাল দিওঁ। ল’ৰা ছোৱালীক পঢ়োৱা,বেমাৰ আজাৰ,কাপোৰ-কানিকে ধৰি সকলো বিষয় নিৰ্ভৰ কৰে এই ধান কেইটাৰ ওপৰতে। কিন্তু পানীৰ অভাৱত ধান খেতি নহলে আমাৰ কিযে অৱস্থা হ’ব ভাবিলেই ভয় লাগে।

মনকৰিবলগীয়া যে অঞ্চলটোৰ পথাৰৰ শেহতীয়া পৰিস্থিতিয়ে জলসিঞ্চন বিভাগৰ চূড়ান্ত ব্যৰ্থতাৰ ছবিখন পুনৰ বাৰ স্পষ্ট কৰি তুলিছে।কিয়নো এই সময়ত স্থানীয় জলসিঞ্চন বিভাগৰ নলাত পানী অহাৰ দৰকাৰ আছিল যদিও সেই নলা বৰ্তমান শুকান আৰু গৰু ছাগলীৰ চৰণীয়া পথাৰলৈ পৰ্য্যবসিত হৈছে৷অঞ্চলটোত কৃষকৰ পানীৰ চাহিদা পূৰণৰ বাবে জলসিঞ্চন বিভাগে প্ৰতিবছৰে কোটি কোটি টকা খৰচ কৰি কেতবোৰ আঁচনি ৰূপায়ণ কৰি আহিছে যদিও যথা সময়ত বিভাগৰ নলাত পানী অহাতো ৰাইজে দেখিবলৈ নাপায়৷

অঞ্চলটোক সামৰি জামুগুৰিহাটৰ নিকটৱৰ্তী ইটাখোলাত থকা জলসিঞ্চন বিভাগৰ চূড়ান্ত অকমন্যতাৰ বাবেই আজি কৃষকে পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে।বিগত সময়ত বিভাগৰ মূখ্য নলাৰ পৰা খেতি পথাৰলৈ পানী বোৱাই নিবৰ বাবে নিৰ্মাণ কৰা চাব কেনেলবোৰ বৰ্তমান শুকান।

আমোদজনক কথা যে কঠিয়া ৰুৱৰ সময়তো অঞ্চলটোত থকা জলসিঞ্চন বিভাগৰ নলাবোৰৰে পানী অহা ৰাইজে দেখা নাপায়।কিন্তু যি সময়ত ধাৰাষাৰ বৰষুণৰ পানীৰে পথাৰ উপচি থাকে সেই সময়ত বিভাগৰ নলাবোৰেদিও পানী দি থাকে।অৰ্থাৎ অদৰকাৰী সময়ত বিভাগে কৃষকলৈ পানী যোগান ধৰে আৰু পানী প্ৰয়োজনৰ সময়ত নলাবোৰৰে পানী নিদিয়ে৷

কৃষক ৰাইজৰ পানীৰ চাহিদা পূৰণৰ নামত জলসিঞ্চন বিভাগে কোটি কোটি টকা শৰাধ কৰাৰ পিছতো অঞ্চলটোৰ কৃষক ৰাইজে বতৰৰ ওপৰত নিৰ্ভৰ কৰিব লগা কাৰ্য বিভাগটোৰ বাবেই লজ্জাজনক বিষয় হিচাপে চিহ্নিত হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here