Home অসম অসম সাহিত্য সভাৰ ২০২০-২২ বৰ্ষৰ নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভঃ অৱসৰী ন্যায়াধীশ বিপ্লৱ কুমাৰ...

অসম সাহিত্য সভাৰ ২০২০-২২ বৰ্ষৰ নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভঃ অৱসৰী ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাক মুখ্য নিৰ্বাচনী বিষয়া সিংহেশ্বৰ প্ৰসাদ ৰায় আৰু বিজন মহাজনক সদস্য নিযুক্ত

71
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ অসম সাহিত্য সভাৰ ২০২০-২২ বৰ্ষৰ সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ নিৰ্বাচনৰ বাবে ১৮ আগষ্টত নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অসম সাহিত্য সভাৰ ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশনে সৰ্বসন্মতিক্ৰমে এখন নিৰ্বাচন সমিতি গঠন কৰে।

বৰ্তমানৰ সভাপতিক নিৰ্বাচনী সমিতিৰ সভাপতি হিচাপে লৈ সভাৰ সংবিধান অনুসৰি এখন শক্তিশালী নিৰ্বাচনী সমিতি গঠন কৰি দিয়ে। মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰী ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাক মুখ্য নিৰ্বাচনী বিষয়া, সিংহেশ্বৰ প্ৰসাদ ৰায় আৰু বিজন মহাজনক সদস্য হিচাপে লৈ গঠন কৰি দিয়া নিৰ্বাচন সমিতিখনে দুই এদিনতে কাৰ্যভাৰ গ্ৰহণ কৰি কেন্দ্ৰীয় নিৰ্বাচনী প্ৰক্ৰিয়াৰ কাম-কাজ আৰম্ভ কৰিব।

একেদৰে সভাৰ সংবিধান অনুসৰি প্ৰত্যেকখন জিলা সভা আৰু শাখাসভাসমূহকো নিৰ্বাচন সমিতি গঠন কৰি নিৰ্বাচন প্ৰক্ৰিয়া আৰু দ্বিবাৰ্ষিক অধিৱেশনৰ কাম-কাজ আৰম্ভ কৰিবলৈ অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী আৰু প্ৰধান সম্পাদক পদুম ৰাজখোৱাই সংশ্লিষ্ট জিলা আৰু শাখা সভাসমূহক আহ্বান জনাইছে। ৩১ জানুৱাৰী আৰু ১, ২, ৩ আৰু ৪ ফেব্ৰুৱাৰীত শুৱালকুছিত মূল সভাৰ অধিৱেশন অনুষ্ঠিত হ’ব আৰু ইয়াৰ বাবে আদৰণি সমিতিয়ে কাম-কাজ আগবঢ়াই আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here