Home Breaking ‘প্ৰাগজ্যোতিষ’ৰ নাম লৈ আত্মৰক্ষাৰ চেষ্টা প্ৰদীপ ব্ৰহ্মৰ, উচতনি দিলে সন্থাঃ জনসংযোগত বিজ্ঞাপন...

‘প্ৰাগজ্যোতিষ’ৰ নাম লৈ আত্মৰক্ষাৰ চেষ্টা প্ৰদীপ ব্ৰহ্মৰ, উচতনি দিলে সন্থাঃ জনসংযোগত বিজ্ঞাপন বিতৰণৰ দুৰ্নীতি স্বীকাৰ সঞ্চালকৰ

46
0
  • অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ আলোচনাৰ আশ্বাস মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টাৰ ব্যৱস্থা গ্ৰহণৰ নিশ্চয়তা

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ অসম চৰকাৰৰ জনসংযোগ বিভাগৰ সংবাদ মাধ্যমলৈ বিজ্ঞাপন বিতৰণৰ নামত একাংশ বিষয়াই দুৰ্নীতি, অনিয়ম তথা কমিচনৰ বজাৰ বহুৱাই লোৱাটো নতুন কথা নহয়। এনেধৰণৰ অনিয়মৰ বাবে বিভাগটোত বিভিন্ন সময়ত তদন্তৰ আওতালৈ অনা পৰিলক্ষিত হৈছে।

তথাপি বৰ্তমানৰ বিজ্ঞাপন বিতৰণৰ দায়িত্বত থকা অতিৰিক্ত সঞ্চালক প্ৰদীপ ব্ৰহ্মই ধাৰাবাহিকভাৱে সংঘটিত কৰি অহা দুৰ্নীতিৰ বিষয়ে অৱশেষত স্বয়ং সঞ্চালকে স্বীকাৰ কৰিবলৈ বাধ্য হয়। উল্লেখ্য যে আজি ভাৰতীয় ক্ষুদ্ৰ আৰু¸মজলীয়া বাতৰি কাকত সন্থাৰ অসম ৰাজ্যিক সমিতিয়ে তথ্য আৰু জনসংযোগৰ সঞ্চালক অনুপম চৌধুৰীক সাক্ষাৎ কৰি এখন লিখিত স্মাৰক পত্ৰ প্ৰদান কৰে।

এই পত্ৰৰ প্ৰতিলিপি সন্থাই মুখ্যমন্ত্ৰী জ্ঞাতাৰ্থে তেওঁৰ ব্যক্তিগত সচিব, মুখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টা, বিভাগৰ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ আৰু বিভাগটোৰ বিশেষ কৰ্ত্তব্যৰত বিষয়া ৰাজীৱ প্ৰকাশ বৰুৱাকো অৰ্পণ কৰে।

স্মাৰক পত্ৰত সৰ্বপ্ৰথমেই অতিৰিক্ত সঞ্চালক প্ৰদীপ ব্ৰহ্মৰ দুৰ্নীতি আৰু পক্ষপাত দুষ্ট ভূমিকাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী কৰে। প্ৰদীপ ব্ৰহ্মই সংবাদ পত্ৰৰ প্ৰতিনিধিক ভাবুকি প্ৰদান কৰা, অশিষ্টাচাৰমূলক আচৰণ কৰা, নিজৰ মইমতালিৰে বিজ্ঞাপন বিতৰণ কৰা তথা বিভিন্নজনৰ পৰা কমিচন সংগ্ৰহ কৰা আদি বিষয়বোৰ আঙুলীয়াই দিয়া হয়। সঞ্চালক চৌধুৰীয়ে প্ৰদীপ ব্ৰহ্মক সন্থাৰ সন্মুখলৈ মাতি আনি উক্ত অভিযোগৰ বিষয়ে প্ৰশ্ন কৰে।

সন্থাৰ প্ৰতিনিধিৰ সন্মুখত প্ৰদীপ ব্ৰহ্মই নিজকে সুৰক্ষা দিবলৈ সাপ্তাহিক বাতৰি কাকত ‘প্ৰাগজ্যোতিষ’ৰ বিৰুদ্ধে উচতনিমূলক মন্তব্য কৰাৰ লগতে উক্ত কাকতখনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিবলৈ অনৈতিক পৰামৰ্শ প্ৰদান কৰে। কিন্তু সন্থাই লগে লগে প্ৰদীপ ব্ৰহ্মৰ এই পৰামৰ্শ নাকচ কৰে আৰু ওলোটাই তেওঁক সমালোচনা কৰে। কিহৰ ভিত্তিত বিজ্ঞাপন বিতৰণ কৰে বুলি সোধা প্ৰশ্ন উত্তৰত প্ৰদীপ ব্ৰহ্মই জনসংযোগ বিভাগৰ স্পষ্ট নীতি-নিৰ্দেশনা অনুসৰণ নকৰে বুলি স্বীকাৰ কৰে।

এইজন দুৰ্নীতিগ্ৰস্ত প্ৰদীপ ব্ৰহ্মই সন্থাৰ কৰ্ম-কৰ্তাক ধনৰ প্ৰলোভনেৰে নিজৰ হাতৰ মুঠিত ৰাখিবলৈ চেষ্টা কৰাৰ বিষয়টো সঞ্চালকৰ সন্মুখত উদঙাই দিয়া হয়। প্ৰদীপ ব্ৰহ্মই ক্ষুদ্ৰ-মজলীয়া বাতৰি কাকত সন্থাৰ সভাপতি আৰু সম্পাদকক নগদ ধন দিবলৈ বিচাৰিছিল যাতে জনসংযোগৰ বিজ্ঞাপনৰ অনিয়মৰ বিষয়ে মুখ বন্ধ কৰি ৰাখে।

কিন্তু দুই কৰ্মকৰ্তাই প্ৰদীপ ব্ৰহ্মৰ পৰা ধন লোৱাটো দূৰৰ কথা এজন চৰকাৰী কৰ্মচাৰী হৈ বাতৰি কাকত সন্থাৰ কৰ্মকৰ্তাক নগদ ধন যাচিবলৈ এই ধন ক’ত পালে আৰু ধনৰ উৎস কি বুলি প্ৰশ্ন কৰে। ফলত সঞ্চালকৰ সন্মুখতে প্ৰদীপ ব্ৰহ্মই একপ্ৰকাৰ ভিজা মেকুৰীৰ দৰে আচৰন কৰিবলৈ বাধ্য হয়।

ইয়াৰ উপৰিও প্ৰদীপ ব্ৰহ্মৰ দুৰ্নীতিৰ বিৰুদ্ধে পূৰ্বে সংবাদ পত্ৰত বাতৰি প্ৰকাশ পাইছিল আৰু ইয়াৰ বাবে প্ৰদীপ ব্ৰহ্মক জনসংযোগৰ বিজ্ঞাপন বিতৰণৰ দায়িত্বৰ পৰা আঁতৰ কৰাৰ লগতে তেওঁক মুখ্য কাৰ্যালয়ৰ পৰা শাস্তিমূলকভাৱে বদলি কৰিছিল।

এই আটাইবোৰ বিষয় সঞ্চালকৰ সন্মুখত আজি সন্থাৰ কৰ্মকৰ্তাই উদঙাই দিয়াৰ ফলত জনসংযোগত বিজ্ঞাপন বিতৰণৰ নামত চলি থকা অবাধ দুৰ্নীতি আৰু অনিয়ম তথা কমিছনৰ অভিযোগ সঁচা বুলি স্বীকাৰ কৰে স্বয়ং সঞ্চালকে। ইয়াৰ বিপৰীতে মানুহক সুধি বিজ্ঞাপন বিতৰণ কৰে বুলি দায়িত্বহীন মন্তব্য কৰে। আনহাতে প্ৰদীপ ব্ৰহ্মই দীৰ্ঘদিন ধৰি ক্ষুদ্ৰ আৰু মজলীয়া সংবাদ পত্ৰসমূহৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই অহাটো সন্থাই আঙুলীয়াই দিয়ে।

বিশেষকৈ চৰকাৰৰ বিজ্ঞাপন চপাবৰ বাবেহে ক্ষুদ্ৰ-মজলীয়া সংবাদ পত্ৰসমূহ প্ৰকাশ কৰা হৈ বুলি প্ৰদীপ ব্ৰহ্মই ঋণাত্মক অপপ্ৰচাৰ চলাই আহিছে। কিন্তু সন্থাই আঙুলীয়াই দিয়ে যে বড়ো ভাষাৰ এখন দৈনিক সংবাদ পত্ৰক মাহে ২০ হাজাৰ টকাতকৈও কম পৰিমাণৰ চৰকাৰী বিজ্ঞাপন দিয়ে।

‘দ্য আছাম ৰাইজিং’ কাকতৰ হৈ ৰাজকুমাৰ দাসে আঙুলিয়াই দিয়ে যে এইখন কাকতত দৈনিক এহেজাৰ টকাতকৈও কম চৰকাৰী বিজ্ঞাপন দিয়া হয়। তেনেস্থলত চৰকাৰী বিজ্ঞাপনৰ ওপৰত নিৰ্ভৰ কৰি উক্ত কাকতসমূহ ছপা কৰি থকা বুলি প্ৰদীপ ব্ৰহ্ম এণ্ড কোম্পানীয়ে চলোৱা অপপ্ৰচাৰ ভিত্তিহীন বুলি আঙুলীয়াই দিয়া হয়। হিন্দী বাতৰি কাকত প্ৰাতঃ খবৰৰ সত্যৰঞ্জন শৰ্মায়ে হিন্দী ভাষাৰ কেৱল এখন সংবাদ পত্ৰত চৰকাৰী বিজ্ঞাপন দি অন্যবোৰ কাকতক বঞ্চিত কৰা বুলি আঙুলীয়াই দিয়ে।

আনহাতে আলোচনা কালত ক্ষুদ্ৰ আৰু মজলীয়া সংবাদ পত্ৰসমূহৰ বিজ্ঞাপন নিৰিখ বৃদ্ধি কৰিবলৈ সঞ্চালকৰ ওচৰত লিখিতভাৱে অনুৰোধ কৰা হয়। সঞ্চালক চৌধুৰীয়ে বিভাগটোত সংঘটিত দুৰ্নীতি আৰু অনিয়ম স্বীকাৰ কৰি লয় আৰু অনাগত সময়ত বিভাগটো সংস্কাৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

এনেকৈয়ে সন্থাই আজি জনসংযোগ বিভাগত বিজ্ঞাপন বিতৰণৰ নামত সংগঠিত হৈ থকা দুৰ্নীতি আৰু অনিয়মৰ মহানায়ক প্ৰদীপ ব্ৰহ্মৰ বিৰুদ্ধে লিখিতভাৱে অভিযোগ দাখিল কৰি তেওঁক উক্ত দায়িত্বৰ পৰা অপসাৰণ কৰিবলৈ দাবী জনাইছে।

উল্লেখ্য যে আজি সঞ্চালকৰ কাৰ্যালয়ত সন্থাৰ হৈ উপস্থিত আছিল সভাপতি গিৰীন্দ্ৰ কুমাৰ কাৰ্জি, সাধাৰণ সম্পাদক শংকৰ গোহাঞি আৰু সন্থাৰ উপ সভাপতি চক্ৰেশ্বৰ গোস্বামীসহ কে তেৰণ, ভি ৰংহাং, অচ্যুত লহকৰ, অৰুণ ভাগৱতী, ৰাজকুমাৰ দাস, সঞ্জীৱ শৰ্মা, দীপাংকৰ শৰ্মা, অৰূপ শৰ্মা, ৰাজীৱ ভট্ট, সত্যৰঞ্জন শৰ্মা, ঘনশ্যাম, ভাৰতী কলিতা, শ্বাহজাহান তালুকদাৰ, ৰহম আলী, আকবৰ মজুমদাৰ, ৱাই বৰভূঞা আদিয়ে।

প্ৰণিধানযোগ্য এয়ে যে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে সন্থাই দাখিল কৰা স্মাৰক পত্ৰৰ বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি সঞ্চালকক কাৰ্য ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিব বুলি সাধাৰণ সম্পাদক অৱগত কৰিছে। একেদৰে অতিৰিক্ত মুখ্য কুমাৰ সঞ্জয় কৃষ্ণই স্মাৰক পত্ৰ গ্ৰহণ কৰি সন্থাৰ সৈতে এই বিষয়ত সুকীয়াকৈ আলোচনা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here