Home ক্রীড়া-জগত বিশ্ব পেৰা বেডমিণ্টন চেম্পিয়নশ্বিপত স্বৰ্ণ পদক মানসী যোশীৰঃ মুখ্যমন্ত্ৰী সোণোৱালৰ অভিনন্দন

বিশ্ব পেৰা বেডমিণ্টন চেম্পিয়নশ্বিপত স্বৰ্ণ পদক মানসী যোশীৰঃ মুখ্যমন্ত্ৰী সোণোৱালৰ অভিনন্দন

34
0

ডিজিটেল ডেস্ক, মুম্বাইঃ বিশ্ব পেৰা বেডমিণ্টন চেম্পিয়নশ্বিপত তিনিজন ভাৰতীয় খেলুৱৈয়ে স্বৰ্ণপদক লাভ কৰিছে। ইয়াৰে ভিতৰত এগৰাকী খেলুৱৈ মানসী যোশী। এইগৰাকী খেলুৱৈয়ে কঠোৰ শ্ৰম কৰি পদক লাভ কৰিবলৈ সক্ষম হৈছে। বিশ্বৰ শীৰ্ষ বাছনিৰ খেলুৱৈ পাৰুল পাৰমালক ২১-১২, ২১-৭ ব্যৱধানত পৰাস্ত কৰে মহিলাৰ ছিংগলছত এইগৰাকী ৩০ বছৰীয়া খেলুৱৈয়ে।

উল্লেখ্য যে এইখন প্ৰতিযোগিতা যোৱা ২৫ আগষ্টত চুইজাৰলেণ্ডৰ বাছেলত অনুষ্ঠিত হৈছিল। সেইদিনা দেশবাসীক পি ভি সিন্বুূয়ে স্বৰ্ণ পদক লাভ কৰাৰ সময়ত উৎফুল্লিত হৈ আছিল। মানসী যোশীয়ে নিজৰ সাফল্যৰ সন্দৰ্ভত টুইটাৰত কয় ‘মই ইয়াত অৰ্জন কৰিলো। অতি কষ্টৰে মই এইটো জিনিছো।’ স্মৰ্তব্য যে ২০১১ চনত বাওঁ ভৰিটো হেৰুৱাইছিল এইগৰাকী খেলুৱৈয়ে।

আনহাতে পুডুচেৰীৰ ৰাজ্যপাল কিৰন বেদীয়ে কয় ‘বিশ্ব চেম্পিয়নশ্বিপত পি ভি সিন্বুূয়ে স্বৰ্ণ পদক লাভ কৰাৰ সময়ত আমি বিশ্ব পেৰা বেডমিণ্টন চেম্পিয়নশ্বিপত মানসী যোশীয়ে স্বৰ্ণ পদক লাভ কৰাৰ পিছত শুভেচ্ছা জনাবলৈ পাহৰি গৈছিলো।’ প্ৰতিগৰাকী ভাৰতীয় কন্যা বিশেষ গুণেৰে পৰিপূৰ্ণ। বিশ্ব মঞ্চত আমাৰ দেশৰ গৌৰৱ বৃদ্ধি কৰিব লাগিব। পেৰা বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰা তোমালৈ বহু শুভেচ্ছা জনাইছো।

সেইদৰে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে টুইটাৰত কয়। বাধা নেওচি সফলতাত আগুৱাই যাবলৈ প্ৰত্যেকেই তোমাৰ পৰা শিক্ষা লোৱা উচিত। দেশবাসী তোমাক লৈ গৌৰান্বিত। এইদৰে প্ৰাক্তন মুখ্যমন্ত্ৰীজনে লগতে উল্লেখ কৰে। উল্লেখ্য যে এই প্ৰতিযোগিতাখনত ১২ গৰাকী পদক বিজয়ীৰ ভিতৰত মনীষা যোশীও অন্যতম।

ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পেৰা বেডমিণ্টন পদক বিজয়ী ১২ গৰাকী খেলুৱৈলৈ অভিনন্দন জ্ঞাপন কৰিছে। ভাৰতীয় পাৰা বেডমিণ্টন খেলুৱৈয়ে ১৩০ কোটি ভাৰতবাসীলৈ অভাৱনীয় গৌৰৱ কঢ়িয়াই আনিছে। এনেদৰে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে দলটোক শুভেচ্ছা জ্ঞাপন কৰে।

লক্ষণীয় যে মানসী হ’ল এগৰাকী অভিযন্তা। এইগৰাকী খেলুৱৈয়ে মুম্বাই বিশ্ব বিদ্যালয়ৰ অধীনস্থ কে জে সুমাইয়া কলেজ অব ইঞ্জিনীয়াৰিঙৰ পৰা ইলেকট্ৰনিক ইঞ্জিনীয়াৰিঙত ২০১০ চনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল। ২০১১ চনত এক পথ দুৰ্ঘটনাত তেওঁ বাঁও ভৰিটো হেৰুৱাব লগা হৈছিল। ইয়াৰ পাছতো বেডমিণ্টন খেলুৱৈগৰাকীয়ে তেওঁৰ খেলুৱৈ জীৱন ইতি পেলোৱা নাছিল।

এইগৰাকী খেলুৱৈয়ে তাৰ পাছতো দেশৰ বাবে বহু পদক আজুৰি আনিছিল। উল্লেখ্য যে ২০১৫ চনৰ ছেপ্টেম্বৰত ইংলেণ্ডত অনুষ্ঠিত পেৰা অলিম্পিক বিশ্ব চেম্পিয়নশ্বিপৰ মিকছ ডাবলছত এইগৰাকী খেলুৱৈয়ে ৰূপৰ পদক লাভ কৰিছিল। আনহাতে ২০১৮ চনত ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত এছিয়ান পেৰা গেমছত মানসীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here