Home অসম মেৰী কম এছিয়া মহাদেশৰ শ্ৰেষ্ঠ মহিলা খেলুৱৈ

মেৰী কম এছিয়া মহাদেশৰ শ্ৰেষ্ঠ মহিলা খেলুৱৈ

39
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ অলিম্পিক বঁটা বিজয়ী মণিপুৰৰ বক্সিং খেলুৱৈ মেৰী কম এছিয়া মহাদেশৰ সৰ্বশ্ৰেষ্ঠ মহিলা খেলুৱৈ হিচাপে পৰিগণিত হৈছে। মালয়েছিয়াত মেৰী কমলৈ এই সন্মান আগবঢ়াইছে এটা ব্যক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠানে।

মেৰী কমৰ হৈ এই বঁটা গ্ৰহণ কৰে অসমৰ ক্ৰীড়া সাংবাদিক সুবোধ মল্ল বৰুৱাই। উল্লেখ্য যে মেৰী কমে ৬ বাৰকৈ বিশ্ব মহিলা বক্সিং প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ অৰ্জন কৰা একমাত্ৰ খেলুৱৈ হিচাপে প্ৰতিপন্ন হৈছে। ইয়াৰ উপৰিও মেৰী কমে অলিম্পিক খেলত ভাৰতক প্ৰতিনিধিত্ব কৰি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

শেহতীয়াকৈ ইন্দুনেছিয়াৰ প্ৰেচিডেণ্ট কাপ প্ৰতিযোগিতাত ৫১ কোজি শাখাত মেৰী কমে সোণৰ পদক অৰ্জন কৰিছিল। গুৱাহাটীত অনুষ্ঠিত হোৱা ভাৰত অ’পেন বক্সিং চেম্পিয়নশ্বিপতো মেৰী কমে সোণৰ পদক লাভ কৰিছিল। সেয়েহে মণিপুৰৰ এইগৰাকী খেলুৱৈয়ে এছিয়াৰ সৰ্বশ্ৰেষ্ঠ মহিলা খেলুৱৈৰ সন্মান লাভ কৰাটোৱে অসমৰ লগতে সমগ্ৰ উত্তৰ পূবলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে দক্ষিণ কোৰিয়াৰ ফুটবলাৰ চানহাং মিনক এছিয়াৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ খেলুৱৈ হিচাপে একেটা অনুষ্ঠানতে বঁটা প্ৰদান কৰা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here