Home অসম মৈত্ৰী আঁচনিৰ অধীনত নৱ নিৰ্মিত ৰঙিয়া আৰক্ষী থানা শুভ উদ্বোধনঃ মৈত্ৰী আঁচনিৰ...

মৈত্ৰী আঁচনিৰ অধীনত নৱ নিৰ্মিত ৰঙিয়া আৰক্ষী থানা শুভ উদ্বোধনঃ মৈত্ৰী আঁচনিৰ জৰিয়তে আৰক্ষী বাহিনীক জনসাধাৰণমুখী সেৱা আগবঢ়োৱাৰ দিশত উদ্বুদ্ধ কৰা হৈছেঃ মুখ্যমন্ত্ৰী

47
0
Chief Minister Sarbananda Sonowal inaugurating the new building of Rangia Police Station under MOITRI scheme at Rangia on 28-08-19. pix by UB PHOTOS

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মৈত্ৰী আঁচনিৰ অধীনত নৱ নিৰ্মিত ৰঙিয়া আৰক্ষী থানা আনুষ্ঠানিক ভাবে উদ্বোধন কৰে। উল্লেখ্য যে স্বাধীনতাৰ পূৰ্বতে স্থাপন কৰা এই আৰক্ষী থানাখন মৈত্ৰী আঁচনিৰ অধীনত আন্তঃগাঁথনি উন্নীতকৰণ কৰা হৈছে। এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে অসম চৰকাৰে আৰক্ষী থানাসমূহৰ আধুনিকীকৰণৰ বাবে মৈত্ৰী আঁচনি গ্ৰহণ কৰিছে যাতে ৰাজ্যখনৰ ৭০ হাজাৰ আৰক্ষী বাহিনীয়ে জনসাধাৰণলৈ উৎকৃষ্ট সেৱা আগবঢ়াব পাৰে।

ইয়াৰ জৰিয়তে আৰক্ষী বাহিনীক জনসাধাৰণমুখী সেৱা আগবঢ়োৱাৰ দিশটো উদ্বুদ্ধ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্য চৰকাৰে শৈক্ষিক, সাংস্কৃতিক আৰু ক্ৰীড়াৰ দিশত ৰাজ্যখনক আগুৱাই নিয়াৰ বাবে বিভিন্ন সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যখনৰ মানৱ সম্পাদক শৈক্ষিক, সাংস্কৃতিক আৰু ক্ৰীড়াৰ দিশত আগুৱাই নিয়াৰ বাবে ব্যাপক পৰিকল্পনা হাতত লৈ সেই অনুসাৰে নিষ্ঠা সহকাৰে কৰ্মত ব্ৰতী হৈছে যাতে এই মানৱ সম্পদ সমূহে অৰ্থবহ ভাবে ৰাষ্ট্ৰ নিৰ্মাণৰ কামত অৰিহণা যোগাব পাৰে।

২০১৫ চনত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত আৰক্ষী সঞ্চালক প্ৰধান সকলৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰদান কৰা নিৰ্দেশনা অনুসৰিয়ে মৈত্ৰী আঁচনিখন ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্মাৰ্ট পুলিচৰ ধাৰণাৰে মৈত্ৰী আঁচনিখন গ্ৰহণ কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

মুখ্যমন্ত্ৰীয়ে লগতে ৰাজ্যখনৰ সেউজ আৱৰণ বৃদ্ধিৰ বাবে জনসাধাৰণক ব্যাপক হাৰত বৃক্ষ ৰোপণৰ বাবে আহবান জনোৱাৰ উপৰি প্ৰদূষণ মুক্ত পৰিৱেশ গঢ়ি তোলাৰ বাবে পলিথিনৰ বেগ ব্যৱহাৰ নকৰিবলৈও আহবান জনায়। উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে ৰঙিয়া আৰক্ষী থানাৰ নৱ নিৰ্মিত ভৱন মুকলি কৰাৰ আগতে থানা চৌহদত বৃক্ষ ৰোপণৰ এক কাৰ্যসূচীতো অংশ গ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াক ৰাজ্যখনৰ সকলোবোৰ আৰক্ষী থানাতে বৃক্ষ ৰোপণৰ কাৰ্যসূচী হাতত লোৱাৰ দিশত নিৰ্দেশনা প্ৰদান কৰিবলৈও নিৰ্দেশ দিয়ে।

ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে ৰঙিয়া মহকুমাৰ উন্নয়নৰ বাবেও চৰকাৰে অগ্ৰাধিকাৰ প্ৰদান কৰিছে বুলি কয়। ৰঙিয়া মহকুমাক ষ্টেট কেপিটেল ৰিজনত অৰ্ন্তভূক্তিৰে ইতিমধ্যে ৰাজ্য চৰকাৰে জাননী জাৰি কৰিছে বুলিও কয়। বৰলীয়া নদীৰ পাৰত এটা বৃহৎ খোৱাপানী যোগান প্ৰকল্পৰ আধাৰশিলা অতি শীঘ্ৰে স্থাপন কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ কৃষক সমাজৰ আৰ্থ-সামাজিক উত্তৰণৰ লক্ষ্য লৈ মুখ্যমন্ত্ৰী কৃষি সা-সজুলি যোজনা, মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা, ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ ইত্যাদিৰ লেখীয়া আঁচনি ব্যাপক হাৰত ৰূপায়ন কৰি আছে বুলিও কয় যাতে ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰিব পৰা যায়।

অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতা, সাংসদ প্ৰদান বৰুৱা, আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াইও বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত বিধায়ক নাৰায়ণ ডেকা, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তুনু ভৰালী, এটিডিচিৰ উপাধ্যক্ষ নৱদ্বীপ কলিতা, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হৰমিৎ সিং, অসম পুলিচ হাউচিং কৰ্পৰেশ্বনৰ অধ্যক্ষ অনিল কুমাৰ ঝা আৰু কামৰূপ জিলাৰ উপায়ুক্তকে ধৰি বহু সংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here