Home Breaking ৩ঃ ০৮ঃ ২০১৯ঃ শনিবাৰঃ ১৩ ভাদঃ ১৯৪১ শকাব্দঃ যুগ সন্ধিক্ষণত ভূপেনদাৰ সূৰ্য্য...

৩ঃ ০৮ঃ ২০১৯ঃ শনিবাৰঃ ১৩ ভাদঃ ১৯৪১ শকাব্দঃ যুগ সন্ধিক্ষণত ভূপেনদাৰ সূৰ্য্য উঠা দেশ

60
0
  • এনআৰচি মহাযজ্ঞৰ মহাসমাপ্তি, প্ৰকাশ পাব চূড়ান্ত তালিকা, ৰাজ্যজুৰি স্পৰ্শকাতৰ অঞ্চলত ১৪৪ ধাৰা জাৰি, মোতায়েন সেনা-আৰক্ষী

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ অসমৰ এনআৰচি উন্নীতকৰণৰ বাবে প্ৰায় ডেৰ দশক ধৰি চলি থকা সংগ্ৰামৰ পৰিসমাপ্তি কাইলৈ ঘটিব। অৰ্থাৎ কাইলৈ প্ৰকাশ পাব ৰাজ্যৰ চূড়ান্ত এনআৰচিৰ তালিকা। ইতিমধ্যে এনআৰচি কৰ্তৃপক্ষই এইক্ষেত্ৰত প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিছে।

উল্লেখ্য যে ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহত সদৌ অসম ছাত্ৰ সন্থা, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত অনুষ্ঠিত ত্ৰিপাক্ষিক বৈঠকত এনআৰচি উন্নীতকৰণৰ সিদ্ধান্ত লোৱা হৈছিল। তেতিয়াৰ দিল্লী-দিছপুৰৰ কংগ্ৰেছ চৰকাৰে আছুৰ ওচৰত প্ৰতিশ্ৰুতি দিলেও ৰাজ্যৰ কংগ্ৰেছী চৰকাৰে এনআৰচি উন্নীতকৰণত অৱহেলা কৰে। বৰপেটা আৰু ছয়গাঁৱত এনআৰচিৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিব খুজিছিল যদিও চৰকাৰৰ ভিতৰৰ একাংশই ধৰ্মীয় সংখ্যালঘুক উচতনি দি আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰিছিল।

যাৰ বাবে বন্ধ হৈ গ’ল উন্নতকৰণ প্ৰক্ৰিয়া। কিন্তু উচ্চতম ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশনাত ২০১৩ চনৰ পৰা এনআৰচি উন্নীতকৰণ আৰম্ভ হ’ল। যদিও ২০১৫ চনৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছিল তথাপি কাইলৈহে চূড়ান্ত তালিকা প্ৰকাশ পাব। তথাপি কাইলৈ প্ৰকাশ পাবলগা তালিকাখনে চূড়ান্ত বুলি এতিয়ালৈকে ডাঠি ক’ব নোৱাৰি।

কাৰণ কাৰোবাৰ নাম বাদ পৰিলে পুনৰ আবেদনৰ বাবে ১২০ দিন অৰ্থাৎ চাৰি মাহ অতিৰিক্ত সময় ধায্য কৰা হৈছে। এনআৰচিত নাম নাথাকিলে বিদেশী ন্যায়াধীকৰণৰ জৰিয়তে নিজকে ভাৰতীয় নাগৰিক হিচাপে প্ৰতিপন্ন কৰিব লাগিব। ইয়াৰ বাবে কেন্দ্ৰ চৰকাৰে শীঘ্ৰে এহেজাৰখন ন্যায়াধীকৰণ অসমত স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিছে। উল্লেখ্য যে ২০১৭ চনৰ ৩১ ডিচেম্বৰত এনআৰচিৰ আংশিক খচৰা আৰু ২০১৮ চনৰ ৩০ জুলাইত চূড়ান্ত খচৰা প্ৰকাশ পাইছিল।

মুঠ ৩.২৯ কোটি লোকে আবেদন জনাইছিল আৰু চূড়ান্ত খচৰাত স্থান পাইছিল ২.৯ কোটিয়ে। বাদ পৰিছিল ৪০.৭ লাখৰ নাম। আনহাতে চলিত বৰ্ষৰ ২৬ জুনত প্ৰকাশ পাইছিল এখন অতিৰিক্ত তালিকা য’ত পূৰ্বে তালিকাভুক্ত হোৱা আৰু নথি পুনৰীক্ষণৰ জৰিয়তে ১.২ লাখৰ নাম খচৰাৰ পৰা কৰ্তন কৰা হয়।

চলিত বৰ্ষৰ ৩১ জুলাইত চূড়ান্ত তালিকা প্ৰকাশৰ দিন নিৰ্ধাৰণ কৰা হৈছিল যদিও ন্যায়ালয়ে এমাহ পিছুৱাই দি কাইলৈ অৰ্থাৎ ৩১ আগষ্টত চূড়ান্ত তালিকা প্ৰকাশৰ দিন ধায্য কৰে। এনেকৈয়ে এক দীঘলীয়া প্ৰক্ৰিয়াৰ জৰিয়তে অসমত চলি থকা এনআৰচি উন্নীতকৰণৰ কাম-কাজ সমাপ্তিৰ দিশত আগবাঢ়িছে আৰু কাইলৈ চূড়ান্ত তালিকা প্ৰকাশৰ পিছতে এই দিশটো পৰিস্কাৰ হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here