Home গুৱাহাটী অসম দক্ষতা উন্নয়ন অভিযানৰ কাম-কাজৰ পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ

অসম দক্ষতা উন্নয়ন অভিযানৰ কাম-কাজৰ পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ

46
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত অসম দক্ষতা উন্নয়ন অভিযান আৰু নিয়োগ তথা কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়ৰ কাম-কাজৰ পৰ্যালোচনা কৰে। পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি মুখ্যমন্ত্ৰী সোণোৱালে ৰাজ্যখনৰ যুৱক-যুৱতীসকলৰ চফ্ট স্কীলৰ লগতে অন্যান্য দক্ষতাৰ প্ৰশিক্ষণ প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

মুখ্যমন্ত্ৰীয়ে কয় যে দক্ষতা প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পিছত নিজৰ উদ্যোগ তথা প্ৰতিষ্ঠান স্থাপনৰ বাবে প্ৰয়োজনীয় পঁুজি প্ৰাপ্তিৰ দিশত সমস্যাৰ সন্মুখীন হৈ আহিছে। সেয়েহে যুৱক-যুৱতীসকলে এই দিশত বিশেষ সমস্যাৰ যাতে সন্মুখীন হ’বলগীয়া নহয় সেই দিশটোৰ প্ৰতি গুৰুত্ব দিয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে ২০১৯ বৰ্ষত ৩ ডিচেম্বৰত আন্তঃৰাষ্ট্ৰীয় বিশেষবাৱে সক্ষম দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড়ৰ বৰবৰুৱাত স্থাপন কৰি থকা দিব্যাংগৰ ঔদ্যোগিত প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ শৈক্ষিক বৰ্ষ শুবাৰম্ভ কৰাৰ দিশত যাৱতীয় পদক্ষেপ ল’বলৈ নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ শৈক্ষিক বৰ্ষ শুভাৰম্ভ কৰাৰ দিশত যাৱতীয় পদক্ষেপ ল’বলৈ নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়ক নিৰ্দেশ দিয়ে।

এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে দিব্যাংগসকলৰ সৰ্বাংগীন উন্নয়নৰ দিশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে আৰু ভাৰতবৰ্ষৰ ভিতৰতে দিব্যাংগসকলৰ বাবে বৰবৰুৱাত স্থাপন কৰি থকা ঔদ্যোগিক প্ৰতিষ্ঠানখনে ৰাজ্য চৰকাৰৰ দিব্যাংগসকলৰ প্ৰতি থকা দায়িত্ব আৰু দায়বদ্ধতাৰ দিশটোকে উজ্বল ৰূপত প্ৰকট কৰিছে।

দক্ষতা সম্পন্ন শ্ৰমিকৰ শ্ৰমৰ মৰ্যাদা নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ফিটাৰ, মিস্ত্ৰি, প্লাম্বাৰ তথা অন্যান্য দক্ষতা সম্পন্ন শ্ৰমিকক উপযুক্ত মৰ্যাদা নিদিলে যুৱক-যুৱতীসকলে চৰকাৰে স্থাপন কৰা দক্ষতা উন্নয়ন কেন্দ্ৰসমূহত এই প্ৰশিক্ষণ লাভৰ দিশত উৎসাহিত নহ’ব। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ কৃষিৰ সৰ্বাংগীন উত্তৰণৰ বাবে কৃষকসকলক উপযুক্ত মৰ্যাদা প্ৰদানৰ ওপৰতো বিসেষভাৱে গুৰুত্ব আৰোপ কৰে।

অসম দক্ষতা উন্নয়ন অভিযানক ২০১৯-২০ বৰ্ষৰ ভিতৰত ২ লাখ দক্ষতা সম্পন্ন যুৱকক নিয়োগৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে নিয়োগ বিনিময় কেন্দ্ৰসমূহক আধুনিকীকৰণ কৰিবলৈ নিৰ্দেশ দি কয় যে যুৱকসকলে ইয়ালৈ আহি এক নতুন অনুভৱ লৈ যাবলৈ সক্ষম হোৱাৰ এক পৰিৱেশ সৃষ্টি কৰিব লাগিব।

মুখ্যমন্ত্ৰীয়ে কয় যে দেশৰ অসামৰিক খণ্ডই দ্ৰুত গতিত বিকশি উঠিছে আৰু এইক্ষেত্ৰত দক্ষতা সম্পন্ন যুৱকৰ প্ৰয়োজন যাতে এই খণ্ডটি আৰু অধিক বিকশি উঠিব ধৰে। বৈঠকত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষিকেশ গোস্বামী, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভড়ালী, দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ আয়ুক্ত সচিব আশুতোষ অগ্ৰিহোত্ৰী, দক্ষতা উন্নয়ন বিভাগৰ প্ৰকল্প সঞ্চালক এ পি তিৱাৰী, নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ বিভাগৰ সঞ্চালক মৃগেশ নাৰায়ণ বৰুৱা প্ৰমুখ্যে উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here