Home Breaking ডাঃ দেবেন দত্তৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক ক’ৰ্টৰ জৰিয়তে সম্পন্ন কৰাৰ...

ডাঃ দেবেন দত্তৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক ক’ৰ্টৰ জৰিয়তে সম্পন্ন কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰঃ বিত্ত বিভাগৰ আয়ুক্ত সচিব শ্যাম জগন্নাথনক ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

77
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ টীয়ক চাহ বাগিচাত এক অনাকাংক্ষিত পৰিস্থিতিৰ ফলশ্ৰুতিত নিহত হোৱা ডাঃ দেবেন দত্তৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক ক’ৰ্টৰ জৰিয়তে সম্পন্ন কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে।

তদুপৰি, এই ঘটনাৰ পুংখানুপুংখ তদন্ত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ আয়ুক্ত সচিব শ্যাম জগন্নাথক দায়িত্বভাৰ অৰ্পণ কৰিছে মুখ্যমন্ত্ৰীয়ে। আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি প্ৰয়াত দেবেন দত্তৰ পত্নীৰ সৈতে টেলিফোনযোগে বাৰ্তালপা কৰি হত্যাকাণ্ড ঘটনাত শোক প্ৰকাশ কৰাৰ উপৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

মুখ্যমন্ত্ৰীয়ে এক বিবৃতিৰ জৰিয়তে লগতে কয় যে আইন হাতত তুলি লোৱা এনে ধৰণৰ দুষ্কাৰ্যক ৰাজ্য চৰকাৰে কেতিয়াও সহ্য নকৰে। এই ঘটনাৰ লগত জড়িত দুস্কৃতিকাৰীসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে ইয়াৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট Îট্ৰক ক’ৰ্টৰ জৰিয়তে কাৰাৰ সিদ্ধান্ত লৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here