Home Breaking শীঘ্ৰেই নতুন আইন বলৱৎঃ কৰ্তব্যৰত চিকিৎসকক প্ৰহাৰ কৰিলে দহ বছৰ কাৰাবাস, দহ...

শীঘ্ৰেই নতুন আইন বলৱৎঃ কৰ্তব্যৰত চিকিৎসকক প্ৰহাৰ কৰিলে দহ বছৰ কাৰাবাস, দহ লাখ জৰিমনা

59
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ অসমৰ যোৰহাটত এজন বয়োজ্যেষ্ঠ আৰু অৱসৰপ্ৰাপ্ত চিকিৎসকক একাংশ চাহ বাগানৰ উদণ্ড বনুৱাই প্ৰহাৰ কৰি মৃত্যুমুখলৈ ঠেলি দিয়া কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

এই ঘটনাৰ প্ৰতিবাদত অসমত চিকিৎসকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। সমান্তৰালভাৱে চাহ বাগিচাসমূহত কৰ্মৰত কেইবাজনো চিকিৎসকে চাকৰি ইস্তফা দি গুচি অহা পৰিলক্ষিত হৈছে। ফলস্বৰূপে চিকিৎসকৰ কৰ্তব্যস্থলীত নিৰাপত্তাহীন বিষয়টোৱে চৰকাৰকো বিব্ৰত কৰা বুলিব পাৰি। যাৰ বাবে চিকিৎসকসকলক আইনী সুৰক্ষা প্ৰদানৰ লগতে তেওঁলোকক অপমান কৰা সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ অচিৰেই এখন কঠোৰ আইন প্ৰণয়ন কৰা হ’ব।

এইক্ষেত্ৰত এই আইনৰ খচৰা প্ৰস্তাৱৰ বিষয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰা হয়। সেই অনুসৰি কৰ্তব্যৰত এজন চিকিৎসক যদিহে অপদস্থ কৰা হয় তেনেহ’লে অভিযুক্তৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই শাস্তিৰ ভিতৰত আছে দহ বছৰ পৰ্যন্ত কাৰাবাস আৰু দহ লাখ টকাৰ জৰিমনা। এইক্ষেত্ৰত ৰাজ্যবাসীৰ পৰাও মতামত আৰু পৰামৰ্শ বিচৰা হৈছে।

যদিহে কোনো এজন ব্যক্তি চিকিৎসকক অপদস্থ কৰাৰ অভিযুক্ত, তেন্তে তেওঁ অতি কমেও ৫০ হাজাৰ টকা জৰিমনা আৰু ছয়মাহৰ কাৰাবাস খাতিব লাগিব। অপৰাধ গুৰুতৰ হ’লে পূৰ্বে উল্লেখ কৰা ধৰণে কঠোৰ শাস্তিৰ সন্মুখীন হোৱাটো নিশ্চিত। এনেকৈয়ে চাহ বাগানকে ধৰি ৰাজ্যৰ ভিতৰুৱা গ্ৰামাঞ্চলত কৰ্তব্যৰত চিকিৎসক এই আইনৰ জৰিয়তে সুৰক্ষা দিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here