Home অসম মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত ৰাজ্যিক বন্যপ্ৰাণী পৰিষদৰ বৈঠকঃ মানুহ-বন্যপ্ৰাণীৰ সংঘাত লাঘৱ কৰাৰ বাবে জনসাধাৰণক...

মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত ৰাজ্যিক বন্যপ্ৰাণী পৰিষদৰ বৈঠকঃ মানুহ-বন্যপ্ৰাণীৰ সংঘাত লাঘৱ কৰাৰ বাবে জনসাধাৰণক সক্ৰিয়কৈ জড়িত কৰিব লাগিবঃ মুখ্যমন্ত্ৰী সোণোৱাল

44
0
Chief Minister Sarbananda Sonowal in the 11th meeting of State Board for Wildlife, Assam at his conference room at Janata Bhawan on 04-09-19.pix by ub photos

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত কালি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত ৰাজ্যিক বন্যপ্ৰাণী পৰিষদৰ ১১ সংখ্যক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰাজ্যখনৰ বন্যপ্ৰাণী তথা জৈৱ বৈচিত্ৰৰ সংৰক্ষণৰ উপৰি মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত লাঘৱ কৰাৰ বিষয় সমূহ আলোচনা কৰা হয়।

বৈঠকত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ বৰ্তমানে থকা এলিফেণ্ট কৰিড’ৰসমূহৰ এক বিস্তৃত অধ্যয়ন হোৱাটো উচিত তথা হাতী আৰু মানুহৰ সংঘাত লাঘৱ কৰাৰ বাবে স্থানীয় জনসাধাৰণক সক্ৰিয়ভাৱে এই ক্ষেত্ৰত জড়িত কৰাৰ পদক্ষেপ ল’ব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

বৈঠকত মুখ্যমন্ত্ৰীক এইটো অৱগত কৰা হয় যে ৰে’লৰ কৰ্মচাৰী, বন বিভাগৰ কৰ্মচাৰী তথা স্থানীয় জনসাধাৰণৰ অন্তৰ্ভুক্তিৰে হোৱাটছএপ গ্ৰুপ সৃষ্টি কৰি ৰে’ল পথত হাতী মৃত্যুৰ ঘটনা লাঘৱ কৰাৰ বাবে ব্যৱস্থা লোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে এই পদক্ষেপক এক ইতিবাচক পদক্ষেপ বুলি কৈ এনেধৰণৰ আৰু অধিক সক্ৰিয় পদক্ষেপ লোৱাৰ বাবেও নিৰ্দেশ দিয়ে।

ৰাজ্যখনত হাতী জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে বন্যপ্ৰাণী আইন, ১৯৭২ ৰ সংশোধনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে হাতী অনিয়ন্ত্ৰিত জনসংখ্যা বৃদ্ধি আৰু পাৰিপাৰ্শ্বিকতাত মানুহৰ অত্যাধিক চাপ সৃষ্টিৰ ফলত হাতীৰ খাদ্য হ্ৰাস পাই আহিছে আৰু ইয়াৰ ফলশ্ৰুতিতে হাতীয়ে মানুহৰ জনবসতি অঞ্চল তথা খেতিপথাৰ তহিলং কৰাৰ দৰে ঘটনা বৃদ্ধি পাইছে।

মুখ্যমন্ত্ৰীয়ে সংৰক্ষিত বনাঞ্চল তথা অন্যান্য বনাঞ্চল সমূহত হাতীৰ প্ৰয়োজনীয় খাদ্য সামগ্ৰী বৃদ্ধিৰ বাবে কল গছ তথা অন্যান্য ঘাঁহ জাতীয় তৃণ ৰোপণৰ দৰে ব্যৱস্থা গ্ৰহণৰো পোষকতা কৰে। আন্তঃৰাজ্যিক হাতীৰ স্থানান্তৰকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে বিনিময়ৰে অন্য ৰাজলৈ হাতী স্থানান্তকৰণৰ পূৰ্বে হাতীৰ সময়োচিত স্বাস্থ্য পৰীক্ষা পশু চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰাৰ বাবেও বন বিভাগক নিৰ্দেশ দিয়ে।

ৰাজ্যখনৰ নৱ প্ৰজন্মৰ মাজত অসমৰ জৈৱ বৈচিত্ৰৰ প্ৰাৰ্চুযতা সম্বন্ধে সম্যক জ্ঞান আহৰণৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ জৈৱ বিবিধতাৰ বিভিন্ন দিশ সামৰি পুস্তিকা প্ৰকাশ কৰি সেই পুস্তিকাসমূহ বিদ্যালয় আৰু মহাবিদ্যালয়ত বিতৰণৰ ব্যৱস্থা ল’বলৈও বন বিভাগৰ নিৰ্দেশ দিয়ে। ৰাজ্য চৰকাৰে ইতিমধ্যে সমগ্ৰ ৰাজ্যজুৰি সেউজ আৱৰণ বৃদ্ধিৰ বাবে বৃক্ষৰোপণৰ বিস্ত´ত কাৰ্যসূচী চলাই আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে যুৱ প্ৰজন্মক পৰিবেশ সংৰক্ষণৰ দিশত আগবাঢ়ি অহাৰ বাবে সজাগতাৰ কাৰ্যসূচী গ্ৰহণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ পাহাৰ সমূহৰ সেউজ আৱৰণ বৃদ্ধি কৰাৰ বাবে পদক্ষেপ ল’বলৈও নিৰ্দেশ দিয়ে যাতে বন্যপ্ৰাণী আৰু মানুহৰ শান্তিপূৰ্ণ সহাৱস্থান বিঘ্নিত নহয়। কাজিৰঙাৰ মাজৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ইলেভেটেড ৰোড প্ৰজেক্ট তথা ৩৮.৮৪ কিলোমিটাৰ পথৰ ওপৰত ফ্লাই অভাৰ নিৰ্মাণ সম্পৰ্কেও আজিৰ বৈঠকত আলোচনা কৰা হয়।

মুখ্যমন্ত্ৰীয়ে ইয়াৰ বিস্ত´ত প্ৰকল্প প্ৰতিবেদন গড়কাপ্তানি (ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগক অক্টোবৰ মাহৰ ভিতৰত দাখিল কৰাৰ বাবেও নিৰ্দেশ দিয়ে। বৈঠকত বন বিভাগৰ ফিক্সড পেৰ কৰ্মীসকলৰ পাৰিতোষিক বৃদ্ধি, বন্যপ্ৰাণী আৰু মানুহৰ সংঘাতৰ বলি হোৱা সকললৈ ক্ষীপ্ৰভাৱে এককালীন সাহায্য প্ৰদান কৰ্তব্যত থকা অৱস্থাত বন্যপ্ৰাণীৰ আক্ৰমণৰ ফলত নিহত হোৱা ফৰেষ্ট গাৰ্ডৰ নিকতাত্মীয়লৈ প্ৰদান কৰা এককালীন সাহায্য বৃদ্ধি, বান্দৰৰ জন্ম নিয়ন্ত্ৰণৰ পদক্ষেপ ইত্যাদিৰ দৰে বিষয়সমূহো বিতংভাৱে আলোচনা কৰা হয়।

বৈঠকত পৰিবেশ আৰু বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিধায়কসকলক ক্ৰমে মৃণাল শইকীয়া, চক্ৰধৰ গগৈ, থানেশ্বৰ বসুমতাৰী, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, মুখ্য বন সংৰক্ষক এ এম সিঙৰ লগতে ৰাজ্যিক বন্যপ্ৰাণী পৰিষদৰ সদস্যসকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here