Home Breaking নতুন এনআৰচিক লৈ তৎপৰ হিমন্ত বিশ্বঃ আছু-এপিডাব্লিউক চৰকাৰৰে আলোচনাৰ প্ৰস্তাৱ

নতুন এনআৰচিক লৈ তৎপৰ হিমন্ত বিশ্বঃ আছু-এপিডাব্লিউক চৰকাৰৰে আলোচনাৰ প্ৰস্তাৱ

51
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ অসমত চূড়ান্ত এনআৰচি প্ৰকাশৰ পিছৰ পৰা ৰাজনৈতিক ক্ষেত্ৰত সক্ৰিয় হৈ পৰিছে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এইখন এনআৰচিয়ে ৰাজ্যবাসীৰ মাজত বিভাজন সৃষ্টি কৰা বুলি উল্লেখ কৰি এনআৰচিত বহু পৰিমাণে সন্দেহযুক্ত বিদেশীৰ নাম সন্নিৱিষ্ট হোৱাৰ অভিযোগ কৰে।

ইয়াৰ বিপৰীতে উচ্চতম ন্যায়ালয়ৰ ওচৰত যৌথভাৱে এনআৰচিত পুনৰ নিৰীক্ষণৰ আবেদন দাখিলৰ প্ৰস্তাৱ দিয়ে। উল্লেখ্য যে যোৱা ৩১ আগষ্টত প্ৰকাশিত এনআৰচিত স্থান পাইছে ৩,১১,২১,০০৪ গৰাকী আৰু এনআৰচিৰ পৰা বাদ পৰিছে ১৯,০৬,৬৫৭ জন। এনেদৰে বাদ পৰা সকলৰ মাজত বহুতো ভাৰতীয় লোক থকা বুলি মন্ত্ৰী শৰ্মাই অভিযোগ কৰিছে।

একেদৰে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম পাব্লিক ৱৰ্কছৰ অসন্তুষ্টিৰ বিষয়টো অস্বাভাৱিক নহয় বুলি বিত্তমন্ত্ৰীয়ে উল্লেখ কৰে। সেয়েহে আছু পাব্লিক ৱৰ্কছ আৰু অসম চৰকাৰে একেলগে এনআৰচি পুনৰীক্ষণ তথা সংশোধনৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰিছে।

ইয়াৰ বাবে আছু আৰু এপিডাব্লিউ মন্ত্ৰী হিমন্তই আলোচনাৰ বাবেও আমন্ত্ৰণ জনাইছে। এনেকৈয়ে ৰাজ্যত এনআৰচিৰ বিৰুদ্ধে ক্ষুব্ধ হোৱা মূল সংগঠনসমূহক চৰকাৰৰ সৈতে একত্ৰিত কৰাৰ বাবে মন্ত্ৰী হিমন্তই গ্ৰহণ কৰা কৌশলে কিমান সফলতা লাভ কৰে সেয়া সময়হে নিৰ্ণয় কৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here