Home মুখ্য পৃষ্ঠা পুৱতি নিশা জোনবাইৰ বুকুত চন্দ্ৰযান-২, মধ্যনিশা ঐতিহাসিক ক্ষণৰ গৌৰৱৰ অধিকাৰী হ’ল দেশবাসীঃ...

পুৱতি নিশা জোনবাইৰ বুকুত চন্দ্ৰযান-২, মধ্যনিশা ঐতিহাসিক ক্ষণৰ গৌৰৱৰ অধিকাৰী হ’ল দেশবাসীঃ ভাৰতীয় মহাকাশ গৱেষণাৰ সফলতাৰ সাক্ষী হৈ ৰ’ল বিশ্ববাসী

109
0

আমাৰ বিজ্ঞানীৰ পৰীক্ষণৰ সফলতাক বিশ্বই বিস্মিতদৃষ্টিৰে লক্ষ্য কৰিছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
আমি এনে স্থানত অৱতৰণ কৰিছোঁ, য’ত ইয়াৰ পূৰ্বে আন কোনোৱে কৰিব পৰা নাছিলঃ ইছ’ৰ প্ৰধান

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ কাইলৈ পুৱতি নিশা চন্দ্ৰৰ বুকুত অৱতৰণ কৰিব চন্দ্ৰযান-২ য়ে। এই ঐতিহাসিক ক্ষণৰ বাবে দেশৰ ১৩০ কোটি জনতাৰ উৎকণ্ঠাৰ সাক্ষী হৈ পৰিছে বিশ্বৰ ৭০০ কোটিতকৈ অধিক বাসিন্দা।

ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে এই ক্ষণৰ বাবে উজাগৰে অপেক্ষা কৰিছে। তেওঁ পৰ্যৱেক্ষণৰ সময়ত সংগী কৰি লৈছে একাংশ ছাত্ৰ-ছাত্ৰী, বিজ্ঞানী আৰু অনুসন্ধিসু উল্লেখ্য যে যোৱা ২২ জুলাইত পৃথিৱী একমাত্ৰ উপগ্ৰহ চন্দ্ৰৰ অভিমুখে ভাৰতৰ মহাকাশ গৱেষণা সংস্থাই সম্পূৰ্ণ নিজা প্ৰযুক্তিৰে নিৰ্মিত চন্দ্ৰযান-২ উৎক্ষেপন কৰে। পৰ্যায়ক্ৰমে ইটো পিছত সিটো স্তৰ অতিক্ৰম কৰি আগুৱাই যোৱা চন্দ্ৰযান-২ কাইলৈ অৰ্থাৎ ৭ ছেপ্টেম্বৰ, শনিবাৰে পুৱতি নিশা ১.৩০ ৰ পৰা ২.৩০ বজাৰ ভিতৰত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব।

ইয়াৰ লগে লগে বিশ্বৰ মহাকাশ গৱেষণাৰ সফলতাৰ বুৰঞ্জীত ভাৰতৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ হোৱাৰ দিশত আগবাঢ়িছে। উল্লেখ্য যে ভাৰত হ’ল চতুৰ্থখন ৰাষ্ট্ৰ যিয়ে নিজৰ প্ৰযুক্তিৰে চন্দ্ৰলৈ বিশেষ যান প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে ৰাছিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনে এইধৰণৰ যান প্ৰেৰণ কৰিছিল।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই বিগত সময়ত ৭৫ টা অভিযানত অংশগ্ৰহণ কৰাৰ লগতে ১০৫ খন মহাকাশ যান নিৰ্মাণ কৰিছে। দহটা শৈক্ষিক কৃত্ৰিম উপগ্ৰহ আৰু ২৯৭ টা বৈদেশিক কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ উৎক্ষেপনত সফলতা অৰ্জন কৰিছে।

চন্দ্ৰযান-২ হ’ল চন্দ্ৰৰ বুকুত অৱতৰণ কৰিবলৈ ভাৰতে প্ৰেৰণ কৰা প্ৰথমটো মহাকাশ অভিযানৰ যান। এই যানখন চন্দ্ৰৰ বুকুত এবছৰলৈ সক্ৰিয় হৈ থাকিব আৰু সেই সময়চোৱাত উপগ্ৰহটোৰ বিভিন্ন তথ্য ইছৰ’ৰ কেন্দ্ৰলৈ প্ৰেৰণ কৰিব।

উল্লেখ্য যে এই মহাকাশ অভিযান উপলক্ষে ইছৰ’ৱে দেশৰ শিক্ষাৰ্থী সকলৰ মাজত অনলাইনৰ জৰিয়তে মহাকাশ বিষয়ত কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিছিল আৰু এই প্ৰতিযোগিতাত শীৰ্ষ স্থান লাভ কৰা ৬০ জন হাইস্কুল পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীক দেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে একেলগে চন্দ্ৰযান-২ অৱতৰণৰ দৃশ্য উপভোগৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here