Home Breaking ১০ শতাংশ কমিচন লাগেঃ ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক গ্ৰেপ্তাৰৰ দাবী

১০ শতাংশ কমিচন লাগেঃ ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক গ্ৰেপ্তাৰৰ দাবী

25
0

আগৰতলাঃ ব্যৱসায়ীৰ পৰা ১০ শতাংশ কমিচন দাবী কৰি বিপদত পৰিছে ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য। ফলত স্থানীয় দল-সংগঠনে তেওঁক গ্ৰেপ্তাৰৰ দাবী জনাইছে।

উল্লেখ্য যে কলকাতাৰ এটা প্ৰিণ্টিং প্ৰেছক ৬০ লাখ টকাৰ ঠিকা আবণ্টন দিছিল। কিন্তু এই ঠিকাৰ ধন মোকলাই দিয়াৰ নামত ১০ শতাংশ কমিচন বিচাৰিলে উপায়ুক্তজনে।

প্ৰাপ্ত তথ্য মতে বজয় কুমাৰ লক্ষ্মীকান্ত ধাৰুৰকৰ নামৰ উপাচাৰ্যজনে উক্ত প্ৰিণ্টিং প্ৰেছৰ প্ৰতিনিধিৰ সৈতে নিজৰ বাসগৃহত এই কমিছনৰ বিষয়ে বাৰ্তালাপ কৰিছিল।

ইয়াৰ পিছত এই কথোপকথন আৰু ধনৰ লেনদেনৰ বিষয়ে ভিডিঅ’ হিচাপে সম্প্ৰচাৰিত হয় স্থানীয় ভেনগাৰ্ড নিউজ নামৰ টিভি চেনেলত। কলিকতাৰ উক্ত প্ৰিণ্টিং প্ৰেছৰ প্ৰতিনিধিৰ সৈতে ধনৰ বিনিময়ত ঠিকা আবণ্টন দিয়া আৰু পিছত ঠিকাৰ ধন মোকলাই দিয়া সম্পৰ্কত এনএছইউআই আৰু অন্যান্য দল-সংগঠনে উপাচাৰ্যজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁক বৰ্খাস্ত কৰিবলৈ দাবী জনাইছে।

আগন্তুক দুদিনৰ ভিতৰত তেওঁক গ্ৰেপ্তাৰ নকৰিলে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here