Home Breaking নিবিদা অবিহনেই ঠিকা লাভ কৰে বাণ্টি সিঙেঃ নিম্নমানৰ কামেৰে সৰকাই নিয়ে কোটি...

নিবিদা অবিহনেই ঠিকা লাভ কৰে বাণ্টি সিঙেঃ নিম্নমানৰ কামেৰে সৰকাই নিয়ে কোটি কোটি ৰাজহুৱা পুঁজি

67
0

প্ৰতিবেদন-২
দৈনন্দিন বাৰ্তা, ডিজিটেল প্ৰতিনিধিঃ অসম বিধানসভা সচিবালয়ত প্ৰায় তিনি দশক ধৰি অখণ্ড প্ৰতাপ চলাই থকা বহিৰাগত ঠিকাদাৰ বাণ্টি সিঙক নিৰন্ত্ৰণ কৰোতা একপ্ৰকাৰ নোহোৱাৰ দৰে হৈছে। বিধানসভা সচিবালয়ৰ অধিকাংশ বিষয়া-কৰ্মচাৰীয়ে বাণ্টি সিঙক ‘ছাৰ’ বুলি সম্বোধন কৰে আৰু ঠিকাদাৰৰ পৰা কমিছনৰ আশাতে এনেদৰে নিজৰ মান আৰু মৰ্যাদা অৱনমিত কৰা বুলি অভিযোগ আছে।

আনহাতে অন্যান্য ব্যৱসায়ী-ঠিকাদাৰৰ ক্ষেত্ৰত প্ৰযোজ্য নীতি বাণ্টি সিঙৰ বাবে শিথিল কৰি দিয়া হয়। টকাৰ জোৰত বাণ্টি সিঙে নিজৰ ইচ্ছা অনুসৰি প্ৰাক্কলন প্ৰস্তুত কৰে আৰু ইয়াৰ বিনিময়ত বিধানসভা সচিবালয়ে ধন মোকলাই দি আহিছে। অন্য এক গুৰুত্বপূৰ্ণ কথা এয়ে যে বাণ্টি সিঙে নিজে প্ৰস্তুত কৰা প্ৰাক্কলন আৰু পিছত নিজেই আঁচনি ৰূপায়ণ কৰে যদিও তেওঁৰ কাম-কাজৰ মান অতি নিম্নগামী হোৱা বুলি অভিযোগ আছে।

ইয়াৰ উপৰি বিধানসভাৰ সচিবালয়ৰ চৌহদত কোনো ধৰণৰ মাচুল নিদিয়াকৈ বাণ্টি সিঙে নিজৰ ঠিকাদাৰী কাম-কাজৰ বাবে বিদ্যুৎ ব্যৱহাৰ কৰি থকাৰ অভিযোগ আছে। ইমানেই নহয়, টেণ্ট হাউছৰ ব্যৱসায়ত জড়িত বাণ্টি সিঙে বৃহৎ বৃহৎ সভা গৃহৰ বাবে প্ৰয়োজন হোৱা লোহা-এলুমিনিয়াম আদিৰ ফ্ৰেমসমূহ অবৈধভাৱে বিধানসভাৰ সচিবালয়ৰ চৌহদতে নিৰ্মাণ কৰাৰ অভিযোগ আছে। ইয়াৰ বাবে প্ৰয়োজন হোৱা বিদ্যুৎ ব্যৱহাৰৰ বাবে বাণ্টি সিঙে নিজাকৈ কোনো ধৰণৰ অনুমতি নোলোৱা বুলিও একাংশই অভিযোগ কৰিছে।

অৰ্থাৎ বিধানসভা সচিবালয়ে বাণ্টি সিঙক ঠিকাৰ আবণ্টন দিয়াৰ লগতে বিনামূলীয়াকৈ বিদ্যুৎ ব্যৱহাৰৰ সুযোগ দি চৰকাৰী ধনৰ ব্যাপক অপপ্ৰয়োগ কৰা দেখা গৈছে। নক’লেও হয় যে বাণ্টি সিঙে পূৰ্বৰ প্ৰধান সচিব গৌৰাংগ প্ৰসাদ দাসৰ আমোলত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰাৰ অভিযোগ আছে। গৌৰাংগ প্ৰসাদক নিৰ্বাচনৰ টিকটৰ সময়ত আৰ্থিকভাৱে সহায় কৰা, নিৰ্বাচনী প্ৰচাৰৰ বাবে ধনৰ যোগান ধৰা আদি কামবোৰ বাণ্টি সিঙে কৰি গৈছিল বিধানসভা সচিবালয়ত ঠিকা কৰি সংগ্ৰহ কৰা পাহাৰসম পুঁজিৰ জৰিয়তে।

বৰ্তমানৰ প্ৰধান সচিবজনকো বাণ্টি সিঙে নিজৰ কমিছনভোগী এজেণ্ট হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ আছে। বিধানসভাৰ দৰে এটা মৰ্যাদাপূৰ্ণ প্ৰতিষ্ঠানৰ সচিবালয়ত কৰ্মৰত প্ৰধান সচিবে বাণ্টি সিঙৰ দৰে বহিৰাগত আৰু অনা-অসমীয়া ঠিকাদাৰৰ ইচাৰাত উঠা-নমা কৰি দৰাচলতে গোটেই অসমীয়া জাতিটোকে অপমাণিত কৰা বুলি অভিযোগ কৰা হৈছে। এইক্ষেত্ৰত বাণ্টি সিঙক সহায় কৰি থকাসকলে কেনেদৰে উপকৃত হৈছে, ইয়াৰে একাংশই কিয় বাণ্টি সিঙক ভয় কৰে, ইয়াৰ সবিশেষ পৰৱৰ্তী প্ৰতিবেদনত প্ৰকাশ পাব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here