Home Breaking বিশিষ্ট আইনজ্ঞ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাম জেঠ মালানিৰ মৃত্যুত বিজেপিৰ ৰাজ্যিক সভাপতি...

বিশিষ্ট আইনজ্ঞ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাম জেঠ মালানিৰ মৃত্যুত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ কুমাৰ দাসৰ শোক প্ৰকাশ

91
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সভাপতি ৰঞ্জিৎ কুমাৰ দাসে বিশিষ্ট আইনজ্ঞ তথা প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী ৰাম জেঠমালানিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। এটা বাৰ্তাত দাসে কয় যে জেঠ মালানিৰ মৃত্যু দেশৰ ৰাজনীতিৰ বাবে এটা অপূৰণীয় ক্ষতি।

এগৰাকী ৰাজনীতিবিদৰ লগতে আইনজ্ঞ হিচাপে আগবঢ়াই যোৱা অৱদানৰ বাবে দেশে তেওঁক সদায় স্মৰণ কৰিব বুলিও উল্লেখ কৰে। প্ৰয়াত জেঠমালানিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে দেওবাৰে হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন শোকসভা অনুষ্ঠিত হৈ যায়।

সভাত প্ৰয়াত আইনজ্ঞগৰাকীয়ে জটিল সময়ত দেশৰ বাবে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে সেৱৰাৰ লগতে তেওঁৰ বিদেহী আত্মাৰ শান্তিৰ বাবে এক মিনিট মৌনতা অৱলম্বন কৰা হয়। সভাত ৰাজ্যিক বিজেপিৰ উপ-সবাপতি ড০ প্ৰদীপ ঠাকুৰীয়াই প্ৰয়াত জেঠমালানিয়ে দেশৰ বাবে আগবঢ়াই যোৱা অৱদানৰ বিষয়ে বক্তব্য ৰাখে ৰাজ্যিক বিজেপিৰ সম্পাদক ড০ অমিয় কুমাৰ ভূঞাই আঁত ধৰা সভাত দলৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ লগতে কাৰ্যকৰ্তাসকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here