Home Breaking আইন আৰু ন্যায় দপ্তৰৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাম জেঠ মালিনীৰ বিয়োগত মুখ্যমন্ত্ৰীৰ...

আইন আৰু ন্যায় দপ্তৰৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাম জেঠ মালিনীৰ বিয়োগত মুখ্যমন্ত্ৰীৰ শোক

75
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ আইন আৰু ন্যায়, নগৰ উন্নয়ন দপ্তৰৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিশিষ্ট আইনক্ষ ৰাম জেঠমালিনীৰ বিয়োগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে।

এক শোকবাৰ্তাত মুখ্যমন্ত্ৰী সোণাৱালে কয় যে দেশৰ ন্যায় ব্যৱস্থাটোক গতিশীল কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা বিশিষ্ট আইনজ্ঞ ৰাম জেঠমালিনীৰ বিয়োগ আমাৰ দেশৰ বাবে অপূৰণীয় ক্ষতি। এইগৰাকী বিশিষ্ট ৰাজনীতিকে ভাৰতৰ ন্যায় ব্যৱস্থাটোক জনমুখী কৰাৰ দিশটোত লৈছিল গুৰুত্বপূৰ্ণ ভূমিকা।

প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মন্ত্ৰী সভাত এইগৰাকী বিশিষ্ট ৰাজনীতিকে বহুকেইটা বিভাগ সূচাৰুৰূপে চলাই দেশলৈ অনবদ্য সেৱা আগবঢ়াই গৈছে। এইগৰাকী নেতাৰ বিয়োগত ৰাষ্ট্ৰই এগৰাকী অত্যন্ত তীক্ষ্ন মেধাসম্পন্ন, প্ৰত্যুৎপন্নমতি, দূৰদৰ্শী নেতাক হেৰুৱালে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে প্ৰয়াত ৰাম জেঠমালিনীৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ উপৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈও সমবেদনা জ্ঞাপন কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here