Home Breaking ভুৱা বাতৰি পৰিৱেশনঃ বিহাৰত ৫ সাংবাদিকৰ বিৰুদ্ধে গোচৰ

ভুৱা বাতৰি পৰিৱেশনঃ বিহাৰত ৫ সাংবাদিকৰ বিৰুদ্ধে গোচৰ

69
0

গাজিয়াবাদঃ গোপাল বাল্মিকী আৰু তেওঁৰ পৰিয়ালৰ বিষয়ে অসত্য সংবাদ পৰিৱেশন কৰি গোচৰৰ সন্মুখীন হৈছে বিহাৰৰ পাঁচজন সাংবাদিক। উল্লেখ্য যে গোপাল বাল্মিকী আৰু তেওঁৰ পৰিবাৰ লোকেশ দেৱীয়ে গাজিয়াবাদৰ এটা অঞ্চলত বসবাস কৰে।

কিন্তু স্থানীয় ৰাইজে বাল্মিকীৰ পৰিয়ালটোক ৰাজহুৱা টিউবেলৰ পৰা পানী সংগ্ৰহত বাধা দিছিল বুলি এটা সংবাদ পৰিৱেশন কৰা হৈছিল। এনেদৰে পানী সংগ্ৰহত বাধা দিয়াৰ বাবে বাল্মিকী পৰিয়ালে নিজৰ ঘৰ-মাটি বিক্ৰী কৰিবলৈ গ্ৰাহক বিচৰা বুলি উক্ত বাতৰিটোত উল্লেখ কৰা আছে।

কিন্তু এই বাতৰিটো অসত্য বুলি অভিযোগ কৰি লোকেশ দেৱীয়ে স্থানীয় আৰক্ষী থানাত গোচৰ দিয়ে। উক্ত গোচৰত কোৱা হৈছে যে কেইজনমান সাংবাদিকে তেওঁলোকৰ ঘৰলৈ আহি বাসগৃহ বিক্ৰী কৰিব নেকি বুলি প্ৰশ্ন সুধিছিল। তাৰে এজনে কাঠৰ টুকুৰাত কয়লাৰে লিখি বাল্মিকীৰ ঘৰৰ বাহিৰত কাঠৰ টুকুৰাটো ওলোমাই ৰাখিছিল আৰু অন্য এজনে ইয়াৰ ফটো সংগ্ৰহ কৰিছিল।

কিন্তু লোকেশ দেৱী অনাখৰি হোৱাৰ বাবে উক্ত কাঠৰ টুকুৰাত কি লিখা আছিল সেয়া অৱগত নাছিল। পিছত সংবাদ মাধ্যমত বাতৰি প্ৰকাশৰ পিছত বিভিন্নজনে বাল্মিকী পৰিয়ালত ঘৰ-মাটি বিক্ৰীৰ বিষয়ে সোধ-পোছ কৰে। তেতিয়াই বিষয়টো পোহৰলৈ আহে আৰু তেওঁলোকে স্থানীয় আৰক্ষীত গোচৰ দিয়ে। এই গোচৰৰ ভিত্তিতে অসত্য সংবাদ পৰিৱেশনৰ অভিযোগত পাঁচজন সাংবাদিকক বিচাৰৰ আওতালৈ অনা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here