Home অসম বিশ্ববৰেণ্য শিল্পী, সুধাকণ্ঠ ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাক সোঁৱৰণ

বিশ্ববৰেণ্য শিল্পী, সুধাকণ্ঠ ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাক সোঁৱৰণ

50
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ বিশ্ববৰেণ্য শিল্পী, সুধাকণ্ঠ, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত দলৰ কাৰ্যকৰ্তাসকলে পৱিত্ৰ দিনটোত তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছে।

এক প্ৰেছ বিজ্ঞপ্তিযোগে দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ কুমাৰ দাসে উল্লেখ কৰে যে ড০ ভূপেন হাজৰিকাই নিজৰ প্ৰতিভা আৰু সাধনাৰ জৰিয়তে অসমক কেৱল ভাৰতবৰ্ষতে নহয় সমগ্ৰ বিশ্বকে চিনাকি কৰাই দিলে। ড০ হাজৰিকা যদিও আজি আমাৰ মাজত নাই তেওঁৰ গীতৰ মাজেৰে যি বিশ্ব ভাতৃত্ববোধ জগাই তুলিছিল সেই আহবান বৰ্তমান আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে সদায় অনুকৰণীয় আৰু প্ৰাসংগিক হৈ ৰ’ব।

পৱিত্ৰ দিনটোত ড০ হাজৰিকাক মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ সন্মান ভাৰতৰত্ন প্ৰদান কৰাৰ বাবে ৰাজ্যিক সভাপতি দাসে পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ৰাজ্যখনৰ সমূহ জনসাধাৰণৰ হৈ ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ অনুষ্ঠানত দলৰ ৰাজ্যিক উপ-সভাপতিদ্বয় বিজয় কুমাৰ গুপ্ত আৰু ড০ প্ৰদীপ ঠুকাৰীয়া, ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁই, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ শৰ্মা, ৰাজ্যিক সম্পাদক ড০ অমিয় কুমাৰ ভূঞা প্ৰমুখ্যে নেতৃবৃন্দ উপস্থিত আছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here