Home অসম মাৰ্ঘেৰিটাত ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ ওপজাত ‘আপকু’, ৰেডক্ৰছ ছচাইটীৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ...

মাৰ্ঘেৰিটাত ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ ওপজাত ‘আপকু’, ৰেডক্ৰছ ছচাইটীৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ সফল সমাপ্তিঃ স্থাপিত সুধাকণ্ঠৰ পূৰ্ণাঙ্গ প্ৰতিমূৰ্ত্তি

70
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, দিৰাক-সীমান্তঃ আসাম প্ৰেছ ক’ৰেছপ’ণ্ডেণ্টছ্ ইউনিয়ন (আপকু)ৰ মাৰ্ঘেৰিটা মহকুমা সমিতিৰ উদ্যোগত, ভাৰতীয় ৰেডক্ৰছ ছ’চাইটীৰ মাৰ্ঘেৰিটা শাখা আৰু মাৰ্ঘেৰিটা বাসী ৰাইজৰ সহযোগত ইংৰাজী ১, ৪, ৭ আৰু ৮ ছেপ্টেম্বৰ, ২০১৯ তাৰিখে চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ ওপজা দিন উদযাপনৰ কালি সফল সমাপ্তি ঘটে।

কাৰ্যসূচী অনুসৰি কালি পুৱা ৯-৩০ বজাত মাৰ্ঘেৰিটাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখৰ পথৰ কাষত সংৰক্ষিত স্থানত সুধাকণ্ঠৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰে বিশিষ্ট ভাষাবিদ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড০ নাহেন্দ্ৰ পাদুনে। ১০ বজাত পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি দেৱজিৎ বৰুৱাই।

দিনৰ ১ বজাত উদ্যাপন সমিতিৰ কাৰ্যকৰী সভাপতি দেৱজিৎ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হয় আলোচনা চক্ৰ আৰু মুকলি সভা। মুকলি সভাত ‘সুধাকণ্ঠৰ গীতত জনগোষ্ঠীয় সমন্বয়’ শীৰ্ষক বিষয়বস্তুৰ ওপৰত বক্তব্য প্ৰদান কৰাৰ উপৰিও হাজৰিকাৰ কেইবাটাও কালজয়ী গীতেৰে সন্মোহিত কৰে ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড০ শংকৰ পাটোৱাৰীয়ে।

অনুষ্ঠানত উপস্থিত থাকে ‘আপকু’ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য পল্লৱ শৰ্মা আপকু তিনিচুকীয়া জিলাৰ সভাপতি ৰবীন মৰাণ, সম্পাদক মনোৰঞ্জন নেওগ। মুকলি সভাতে পবিত্ৰ বৰগোহাঞিৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ উন্মোচন কৰে তিনিচুকীয়া জিলা
সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শৰৎ চন্দ্ৰ চিৰিং ফুকনে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here