Home অসম বিশিষ্ট সাহিত্যিক তথা বিদগ্ধ পণ্ডিত ড০ নগেন শইকীয়ালৈ সাহিত্য অকাডেমিৰ ফেলোশ্বিপ সন্মান

বিশিষ্ট সাহিত্যিক তথা বিদগ্ধ পণ্ডিত ড০ নগেন শইকীয়ালৈ সাহিত্য অকাডেমিৰ ফেলোশ্বিপ সন্মান

74
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, ডিব্ৰুগড়ঃ বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শইকীয়ালৈ সাহিত্য অকাডেমিৰ সৰ্বোচ্চ সন্মান ‘সাহিত্য অকাডেমি ফেলশ্বিপ’’  প্ৰদান কৰা হয় ।

সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবেই সাহিত্য অকাডেমিয়ে এই সন্মান প্ৰদান কৰে । এই উদ্দেশ্যে , বিয়লি এইচ এচ কানৈ মহাবিদ্যালয়ত অনুষ্ঠিত হয় বটাঁ   প্ৰদান অনুষ্ঠান ।

সাহিত্য অকাডেমিৰ সচিব কে শ্ৰীনিৱাসৰাও সন্মানপত্ৰ পাঠ কৰাৰ পিছতে ফেলোশ্বিপ বটাঁ প্ৰদান কৰে সাহিত্য অকাডেমি ৰ সভাপতি চন্দ্ৰশেষৰ কম্বৰে ।

বটাঁ লাভ কৰাৰ পিছত বিশিষ্ট গৰাকীয়ে নিজৰ অনুভৱ ব্যক্ত কৰে ।১৯৯৭ চনতে সাহিত্য অকাডেমি বঁটা লাভ  কৰা এইগৰাকী বিশিষ্ট সাহিত্যিকে এইবাৰ লাভ কৰিবলৈ সক্ষম হৈছে ‘সাহিত্য অকাডেমি ফেলশ্বিপ’ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here