Home Breaking বেংগালুৰুত মৰাণৰ যুৱক নিৰুদ্দেশ

বেংগালুৰুত মৰাণৰ যুৱক নিৰুদ্দেশ

78
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, (দিবাকৰ দত্তঃ) ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ডোমৰদলং গাঁৱৰ লোকনাথ চুতীয়াৰ পুত্ৰ জিতুমণি চুতীয়া যোৱা ৩১ আগষ্টৰ পৰা বেংগালুৰু ৰেল ষ্টেচনৰ পৰা নিৰুদ্দেশ হৈ আছে ।

প্ৰায় ৪০ বছৰীয়া জিতুমণিয়ে ডিব্ৰুগড়ৰ পৰা বেংগালুৰুলৈ ৰে’লেৰে গৈ বেংগালুৰু ৰেল ষ্টেচনতে নামিছিল বুলি তেওঁৰ সতে মৰাণৰ পৰা যোৱা সহযাত্ৰীয়ে জিতুমণি পৰিয়ালক জানিবলৈ দিয়ে ।

জিতুমণিৰ পত্নী পদ্মা চুতীয়াই ইতিমধ্যে মৰাণ আৰক্ষী থানাত তেওঁৰ স্বামীৰ নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে । কোনো লোকে জিতুমণিৰ সন্ধান পালে ওচৰৰ পুলিচ থানা অথবা ৬০০৩৭৭৬০০২ এই ফোন নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here