Home অসম জটিল ৰোগত আক্ৰান্ত জামিৰা-গজাই গাঁৱৰ কংকনা, সহায়ৰ হাত আহ্বান পৰিয়ালৰ

জটিল ৰোগত আক্ৰান্ত জামিৰা-গজাই গাঁৱৰ কংকনা, সহায়ৰ হাত আহ্বান পৰিয়ালৰ

82
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, (দিবাকৰ দত্ত) ডিব্ৰুগড়ঃ জীৱনটোক সংগ্ৰামী পথ ৰূপে বাচি লোৱা এটা দুৰ্ভগীয়া পৰিয়াল। বহু ঘাট-প্ৰতিঘাতৰ মাজেৰে যেন অন্তিম পৰ্যায়ত উপনীত হৈছে- এটা পৰিয়াল, কিয়নো পৰিয়ালটোত আছেগৈ মাথোঁ ঘৰৰ ভেটিকন, পত্নীৰ চিকিৎসাৰ নামত ঘৰৰ মূল্যৱান সা-সম্পত্তি, গহনা-পাতি, মাটি-বাৰী, গোহাঁলীৰ গৰু হালো বিক্ৰী কৰি চিকিৎসাৰ বাবদ খৰচ কৰা দেখা গৈছে।

একমাত্ৰ পত্নীক আৰোগ্য কৰি তোলাই মূল উদ্দেশ্য আৰু লক্ষ্য হিচাপে সিদ্ধান্ত লৈছে। পৰিয়ালটোৱে ডিব্ৰুগড় জিলাৰ ১১৫ নং মৰাণ সমষ্টিৰ লৰুৱা মৌজাৰ বগীবিল গাঁও পঞ্চায়তৰ জামিৰা-গজাই গাঁৱৰ সুনিল সোনোৱালৰ পত্নী তথা দুটা কনমানিৰ মাতৃ- কংকনা সোনোৱাল (২৫) ৰ ২০১৫ বৰ্ষৰ পৰা বৃক্ক জনিত ৰোগত চিকিৎসা কৰি আহিছে যদিও অৰ্থৰ অভাৱৰ বাবে উন্নত চিকিৎসা সেৱা প্ৰদান কৰিব পৰা নাই।

অন্যহাতে দুবেলা-দুমুঠিৰ বাবে মহিলা গৰাকীৰ স্বামীয়ে আনৰ ঘৰত দৈনিক দিন হাজিৰা কৰি কোনোমতে পৰিয়ালটো পো-পাল কৰি জীৱন নিৰ্বাহ কৰি আহিছে । উন্নত চিকিৎসাৰ বাবে ধন খৰছ কৰিব নোৱাৰাৰ ফলত মহিলা গৰাকীৰ অসুখ ক্ৰমান্বয়ে বৃদ্ধি পাইছে । অন্যহাতে পত্নীৰ চিকিৎসাৰ বাবে যাৱতীয় অৰ্থ যোগাৰ কৰিব নোৱাৰ ফলত মহিলা গৰাকীৰ স্বামীয়ে শাৰীৰিক আৰু মানসিকভাৱে ভাগি পৰিছে ।

এইক্ষেত্ৰত অঞ্চলৰ কিছু সদাশয় ব্যক্তিয়ে চিকিৎসাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াইছে যদিও সেয়া পৰ্যাপ্ত হোৱা নাই । মহিলা গৰাকীৰ উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় জিলাৰ ট্ৰাইবেল সংঘৰ সম্পাদক ৰাজু সোনোৱালে সংঘৰ যোগেদি কিছু পৰিমাণে সহায়ৰ হাত আগবঢ়াইছে । অন্যহাতে মহিলা গৰাকীৰ স্বামীয়ে সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদত চিকিৎসাৰ বাবে সমষ্টিৰ সদস্যক আবেদন জনাবলৈ বিচাৰিছে যদিও আজি পৰ্যন্ত লগ পাবলৈ সক্ষম হোৱা নাই ।

মহিলা গৰাকীৰ স্বামী তথা অঞ্চলবাসী ৰাইজে কংকনাৰ উন্নত চিকিৎসাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী, স্বাস্থ্য মন্ত্ৰী আৰু স্থানীয় বিধায়কক কাতৰ অনুৰোধ জনাইছে যে চিকিৎসাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াবলৈ । ইয়াৰ উপৰিও অসমৰ কোনো সদাশয় ব্যক্তিয়ে দৰিদ্ৰ পৰিয়ালটোৰ মহিলা গৰাকীক উন্নত চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ বিচাৰিলে -যোগাযোগ কৰিব পাৰিব -৯৬৭৮৭৯৪৩৬৮ , নম্বৰত ইউকো বেংক, লেপেটকতা শাখাৰ, আই এফ চি নম্বৰ হৈছে – UCBA0002269 , ২২৬৯০১১০০৩৯৫৬৪ একাউণ্ট নম্বৰত সহায়ৰ হাত আগবঢ়াব পাৰিব

LEAVE A REPLY

Please enter your comment!
Please enter your name here