Home অসম অ’এনজিচিত ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৩ সংখ্যক জন্ম দিন উদযাপনঃ ভাৰতৰত্ন ড০...

অ’এনজিচিত ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৩ সংখ্যক জন্ম দিন উদযাপনঃ ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ নামত অ’এনজিচিৰ মুকলি বিহুমঞ্চ উছৰ্গাঃ মাৰ্চৰ ভিতৰত খাৰুৱা তেল উৎঘাটন ২৬০০ টনলৈ বৃদ্ধিৰ প্ৰস্তুতি

26
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, শিৱসাগৰঃ ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৩ সংখ্যক জন্ম দিনৰ লগত সংগতি ৰাখি শিৱসাগৰ অ’এনজিচি কলনিৰ ভিতৰত থকা নিগমৰ এটি বৃহৎ মুকলি বিহুমঞ্চ আজি নিগমৰ কাৰ্য্যবাহী সঞ্চালক তথা অসম এচেট মেনেজাৰ সঞ্জীৱ কাকৰাণে ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ নামত নামত উছৰ্গা কৰে।

অ’এনজিচিৰ সৰ্বভাৰতীয় অনুসুচিত জাতি জনজাতি কল্যাণ সংস্থাৰ উদ্যোগত আৰু অ’এনজিচিৰ অভ্যন্তৰিণ সংস্থা সমূহৰ সহযোগত অনুষ্ঠিত ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম দিন উৎযাপন আৰু বিহুমঞ্চ নামাকৰণ অনুষ্ঠানত উপস্থিত থাকি সঞ্চালক সঞ্জীৱ কাকৰাণে ভাষণ প্ৰসংগত এই মহান শিল্পী গৰাকীৰ জন্মদিনৰ প্ৰতি সন্মান জনায় নিগমৰ সকলো বিষয়া কৰ্মচাৰীক শিৱসাগৰত তেল-গেছ উৎঘাটনৰ সংখ্যা বৃদ্ধিত মনোনিবেশ কৰিবলৈ আহববান জনায়।

লগতে তেওঁ অহা মাৰ্চ মাহৰ ভিতৰত বৰ্তমানৰ খাৰুৱা তেল উৎঘাটন ২৩০৩ টনৰ পৰা ২৬০০ টনলৈ বৃদ্ধি কৰিবলৈ প্ৰস্তুতি চলোৱাৰ বিষয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে, প্ৰায় দহ বছৰ ধৰি নিগমৰ সংগঠন সমূহে দাবী কৰি আহিছিল এই মঞ্চ ড০ ভূপেন হাজৰিকাৰ নামত হ’ব লাগে।

কিন্তু কোনো এজন কাৰ্য্যবাহী সঞ্চালক তথা অসম এচেটৰ মেনেজাৰে এই কথাত সৈমান হোৱা নাছিল। কিন্তু নৱ নিযুক্ত কাৰ্য্যবাহী সঞ্চালক তথা অসম এচেট মেনেজাৰ সঞ্জীৱ কাকৰাণে তাৎক্ষনিক ভাৱে অনুমোদনদি ড০ ভূপেন হাজৰিকাৰ জন্ম দিনতেই উছৰ্গা কৰাৰ সিধান্ত গ্ৰহণ কৰা হয়। অ’এনজিচিৰ সৰ্বভাৰতীয় অনুসুচিত জাতি জনজাতি কল্যাণ সংস্থাৰ অধ্যক্ষ তথা বিশিষ্ট সমাজ সেৱক পোনাৰাম মিলিৰ পৰিচালনাত অনুষ্ঠিত এই অনুষ্ঠানটিৰ আৰম্ভনীতে অ’এনজিচিৰ নিজা গীত পৰিবেশন কৰাৰ পাছত নিগমৰ পূবালী মহিলা সমিতি, অ’এনজিচি অফিচাৰ্চ মহিলা সমিতি আৰু অ’এনজিচি ৱৰ্কাচ মহিলা সমিতিয়ে মিলি ড০ ভূপেন হাজৰিকাৰ ‘মানুহে মানুহে মানুহৰ বাবে….’ গীতটিৰ কোৰাছ পৰিবেশন কৰে।

অ’এনজিচিৰ সৰ্বভাৰতীয় অনুসুচিত জাতি জনজাতি কল্যাণ সংস্থাৰ অসমৰ সম্পাদক জগত হাজৰিকাই শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটিত বিশিষ্ট সংগীত শিল্পী বিশেষ ভাৱে সক্ষম হেম শইকীয়া আৰু বিশেষ ভাৱে সক্ষম প্ৰিয়ঙ্কা কোঁৱৰয়ে ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ কালজয়ী গীতসমূহ পৰিবেশন কৰি দৰ্শকক আপ্লোত কৰে। সভাত অ’এনজিচিৰ জি জি এম সঞ্জয় গোৱেল, জি জি এম ওমবীৰ সিং, জি জি এম অৰুণ মল্লিক আৰু নিগমৰ অভ্যন্তৰিণ সংন্থাৰ জয়ন্ত পাটৰ, সঞ্জীৱ বৰুৱা, ইভান হাজৰিকা, পুলিন হাজৰিকা, সীমান্ত গগৈকে ধৰি নিগমৰ বহু জেষ্ঠ বিষয়া কৰ্মচাৰী আৰু সংন্থা সমূহৰ বিষয়ববীয়া উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here