Home অসম নৰ্থ ইষ্ট ডেম’ক্ৰেটিক এলায়েঞ্চ (নেডা)ৰ চতুৰ্থ কনক্লেভঃ কৰ্মভূমিত নতুন মাৰ্গদৰ্শন প্ৰধানমন্ত্ৰী মোডীৰ

নৰ্থ ইষ্ট ডেম’ক্ৰেটিক এলায়েঞ্চ (নেডা)ৰ চতুৰ্থ কনক্লেভঃ কৰ্মভূমিত নতুন মাৰ্গদৰ্শন প্ৰধানমন্ত্ৰী মোডীৰ

24
0
Union Home Minister Amit Shah with chief ministers of northeastern states and other party chief at the 4th conclave of North East Democratic Allianes (NEDA) at Srimanta Sankardev Kalakhetra in Guwahati

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ নৰ্থ ইষ্ট ডেম’ক্ৰেটিক এলায়েঞ্চ (নেডা)ৰ চতুৰ্থ কনক্লেভ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয়। এই সন্মিলনত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শাসনভাৰ লোৱাৰ পিছৰে পৰা যি নিষ্ঠা আৰু ভক্তি ভাবনাৰে অঞ্চলটোৰ উন্নয়নৰ বাবে দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰিছে, ইয়াৰ ফলত উত্তৰ-পূৰ্বাঞ্চলে অকল ভাৰতৰে নহয়, সমগ্ৰ বিশ্বতে এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে।

মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ সহযোগী, শ্ৰেষ্ঠ ৰাজনীতিক অমিত শ্বাহে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ হিচাপে কাৰ্যভাৰ লৈয়ে পূৰ্বোত্তৰক কংগ্ৰেছ মুক্ত কৰাৰ কথা ঘোষণা কৰিছিল। বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ হিচাপে অমিত শ্বাহে ইয়াৰ বাবে যথেষ্ট কষ্ট স্বীকাৰ কৰাৰ উপৰি প্ৰতিগৰাকী ব্যক্তিৰ ওচৰলৈ যোৱাৰ আহবান জনাইছিল। পূৰ্বোত্তৰৰ বিকাশ সাধন কৰিবলৈ একেলগে জনোৱা আহবানৰ ফলতে অঞ্চলটোৰ আঠখন ৰাজ্যৰ ৰাজনৈতিক দলসমূহ একত্ৰিকৰণৰ ফলস্বৰূপে নেডাই জন্ম লাভ কৰিছে বুলিও তেওঁ কয়। আদৰ-স্নেহ, শ্ৰদ্ধা-ভক্তিৰ জৰিয়তে মানৱীয় গুণৰাশি বিকাশ সাধনৰ বাবে প্ৰধানমন্ত্ৰীয়ে অকল আহবান জনোৱাই নহয়, নিজেও কৰ্মভূমিত প্ৰতিফলন কৰি নতুন মাৰ্গ দৰ্শন দিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

মুখ্যমন্ত্ৰী সোণোৱালে কয় যে এই অঞ্চলটোত স্বাধীনতাৰ পিছত ৭০ বছৰৰো অধিক কাল কংগ্ৰেছে শাসন কৰিছিল যদিও উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশ সাধন নহ’ল। আনকি উত্তৰ-পূৰ্বাঞ্চলে স্বকীয়তাৰে উজলি উঠাৰ বাবেও সুযোগ নাপালে বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সকলো বিষয় নিষ্ঠাৰে অধ্যয়ন কৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ ফলত আজি প্ৰতিখন ৰাজ্যই আগবাঢ়ি যোৱাৰ বাবে সুযোগ লাভ কৰিলে। মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে যোগাযোগৰ উন্নয়নেৰে বিকাশৰ ভেটি গঢ়াৰ বাবে লোৱা পদক্ষেপৰ ফলত আজি পথ, জলপৰিবহণ, ৰে’লৱে, বিমান পৰিবহণ ইত্যাদি সকলো দিশতে বিকাশৰ এক নতুন ধাৰাৰ সূচনা কৰিছে। এতিয়া বিশ্বই নতুন দৃষ্টিভংগীৰে উত্তৰ পূৰ্বাঞ্চলক চাবলৈ আৰম্ভ কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। এই ক্ষেত্ৰত নেডাই এক উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিছে বুলি কৈ মুখ্যমন্ত্ৰীয়ে নেডাৰ আহবায়ক ড০ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত নেডাৰ মাধ্যমেৰে একত্ৰিত কৰাৰ বাবে লোৱা বলিষ্ঠ ভূমিকাৰো ভূয়সী প্ৰশংসা কৰে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক পথ প্ৰদৰ্শক বুলি উল্লেখ কৰি সংবিধানৰ ৩৭০ ধাৰা বাতিল কৰি এজন সঁচা অৰ্থত দেশপ্ৰেমীক হিচাপে অমিত শ্বাহে দেশবাসীৰ অন্তৰ জয় কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। যি পদবীতে নাথাকক কিয় সকলোৱে দেশক আটাইতকৈ পৱিত্ৰ আধ্যাত্মিক স্থান বুলি গণ্য কৰিলেহে এনেকুৱা শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। সংবিধানৰ ৩৭০ ধাৰা বাতিল কৰি জম্মু আৰু কাশ্মীৰক ভাৰতৰ অভিন্ন অংগ হিচাপে গঢ়ি তোলাৰ দিশত লোৱা শক্তিশালী সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ ৩ কোটি ৩০ লাখ জনসাধাৰণৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। দেশৰ অৰ্থনীতিৰ আকাৰ ২০২২ চনৰ ভিতৰত ৫ ট্ৰিলিয়ন কৰাৰ যি লক্ষ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লৈছে ইয়াক বাস্তৱায়িত কৰাৰ নিমিত্তে সকলোৱে ঐক্যবদ্ধ প্ৰচেষ্টা চলাব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ ফলশ্ৰুতিতে আজি ত্ৰিপুৰাৰ উৎপাদিত আনাৰস বিশ্ব বজাৰত সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে অসমৰ কৃষকৰ উৎপাদিত সামগ্ৰীয়েও হংকং, ডুবাই, আবুধাবি, লণ্ডনৰ দৰে বজাৰলৈ ৰপ্তানি কৰিব পৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। ই এক কঠোৰ পৰিশ্ৰম আৰু নিৰ্ধাৰিত লক্ষ্য আগত ৰাখি সেই লক্ষ্য পূৰণৰ এক উৎকৃষ্ট উদাহৰণ বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

উত্তৰ-পূব গণতান্ত্ৰিক মৰ্চাৰ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ এক মঞ্চ হিচাপে গণ্য কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে আহবান জনায়। আগন্তুক দিনত উত্তৰ-পূৰ্বাঞ্চলৰ সকলোকেইখন ৰাজ্যই উমৈহতীয়া লক্ষ্য পূৰণৰ অৰ্থে একেলগে কাম কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে আহবান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৈচিত্ৰ্যতাক ভাৰতৰ অন্যতম শক্তি বুলি কৈছে।

কিন্তু কংগ্ৰেছে বিগত সুদীৰ্ঘ সময়ছোৱাত এই বৈচিত্ৰ্যতাক বিভিন্নজনৰ অন্যতম অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি ৰাজনীতিত লিপ্ত হৈছিল বুলিও মুখ্যমন্ত্ৰীয়ে কয়। পৃথক সংস্কৃতি, আধ্যাত্মিক পৰম্পৰা, সম্পদ আৰু সম্ভাৱনীয়তাই আমাক শক্তিশালী কৰাত বিশেষ ভূমিকা লৈ আহিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ দিশত বৰ্তমানৰ ড’নাৰ মন্ত্ৰালয়ে বিশেষ ভূমিকা লৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। কংগ্ৰেছৰ দিনত কমিছনৰাজ আঁতৰাই স্বচ্ছ প্ৰক্ৰিয়াৰে উন্নয়নৰ এক সুস্থ বাতাবৰণ ৰচনা কৰাৰ বাবে বৰ্তমানৰ ড’নাৰ মন্ত্ৰীয়ে লোৱা ভূমিকাৰো মুখ্যমন্ত্ৰীয়ে শলাগ লয়।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে উত্তৰ-পূৰ্বাঞ্চলক কংগ্ৰেছমুক্ত কৰাৰ লক্ষ্যৰে আৰু উত্তৰ-পূৰ্বাঞ্চলক একত্ৰিত কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই নেডাৰ জন্ম হৈছিল বুলি উল্লেখ কৰি আজি এক উমৈহতীয়া মএৰ তলতেই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ সৰু-বৰ ৰাজ্যসমূহক একত্ৰিত কৰাৰ অৰ্থে এই নেডাৰ জন্ম হৈছিল বুলিও কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয়। নেডাৰ উদ্দেশ্য আৰু লক্ষ্য বাস্তৱায়িত কৰি আজি উত্তৰ-পূৰ্বাঞ্চল কংগ্ৰেছ মুক্ত হৈছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়।

কংগ্ৰেছে বিভাজন তথা ভ্ৰষ্টাচাৰৰ ৰাজনীতিৰে ইমান দিনে অঞ্চলটোৰ উন্নয়নৰ কোনো বাস্তৱ পৰিকল্পনা কৰা নাছিল বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছৰ অদূৰদৰ্শী নীতিৰ বাবেই আজি উত্তৰ-পূৰ্বাঞ্চলে এক পৃথক অনুভৱ কৰি আহিছিল বুলিও কয়। এন ডি এ চৰকাৰে গ্ৰহণ কৰা সক্ৰিয় পদক্ষেপৰ ফলশ্ৰুতিত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে আজি ভাৰতৰ অভিন্ন অংগ হিচাপে ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়িছে বুলিও কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ-পূৰ্বাঞ্চলক সমগ্ৰ ভাৰতবৰ্ষৰ বিকাশৰ ‘নতুন ইঞ্জিন’ বুলি অভিহিত কৰি এই অঞ্চলটোৰ বিকাশৰ দিশত এক নতুন যুগৰ সূচনা কৰিছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়। এনডিএ চৰকাৰে লোৱা পদক্ষেপৰ ফলতে উত্তৰ-পূৰ্বাঞ্চলে আজি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বুলিও কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়।

কনক্লেভত ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিং, কেন্দ্ৰীয় ক্ৰীড়া দপ্তৰৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী কিৰেণ ৰিজিজু, কেন্দ্ৰীয় খাদ্য প্ৰস্তুতকৰণ আৰু সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, নেডাৰ আহবায়ক ড০ হিমন্ত বিশ্ব শৰ্মা, উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী, সাংসদ, বিধায়ককে ধৰি অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here