Home অসম ৩৭০ অনুেচ্ছদ আছিল অস্থায়ী, ৩৭১ বৰ্তী থাকিব উত্তৰ-পূবতঃ ‘কেব’ৰ জৰিয়তে ক্ষতি নহয়...

৩৭০ অনুেচ্ছদ আছিল অস্থায়ী, ৩৭১ বৰ্তী থাকিব উত্তৰ-পূবতঃ ‘কেব’ৰ জৰিয়তে ক্ষতি নহয় উত্তৰ-পূবঃ অমিত শ্বাহ

23
0
Union Home Minister Amit Shah with chief ministers of northeastern states and other dignitaries at the 4th conclave of North East Democratic Allianes (NEDA) at Srimanta Sankardev Kalakhetra in Guwahati

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ কেন্দ্ৰীয় চৰকাৰে নতুনকৈ উপস্থাপন কৰিব নাগৰিকত্ব সংশোধনী বিধেয়ক। এই বিধেয়কৰ দ্বাৰা উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বৰ্তমানৰ স্থিতিৰ সাল-সলনি নহয় আৰু কোনোধৰণৰ ক্ষতিও নহয়। এই আশ্বাস প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে।

উত্তৰ-পূব ডেম’ক্ৰেটিক এলায়েন্স চমুকৈ নেডাৰ বৈঠকত অংশ গ্ৰহণ কৰি এই মন্তব্য প্ৰকাশ কৰিছে। উল্লেখ্য যে কালিৰে পৰা অসমত উপস্থিত আছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। দেওবাৰে উত্তৰ-পূব পৰিষদৰ চৰকাৰী বৈঠকত দিনজোৰা কাৰ্যসূচীৰে ব্যস্ত আছিল। কালিৰ কাৰ্যসূচী সম্পূৰ্ণ ৰাজনৈতিক।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত নেডাৰ বৈঠকত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু অন্যান্য শীৰ্ষ চৰকাৰী পক্ষৰ ৰাজনৈতিক নেতৃত্ব উপস্থিত আছিল। নিজৰ বক্তব্যত কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয় যে জম্মু-কাশ্মীৰত প্ৰৱৰ্তন কৰা সংবিধানৰ ৩৭০ অনুেচ্ছদ আছিল সাময়িক আৰু অস্থায়ী সেয়েহে এই অনুেচ্ছদ বাতিল কৰা হ’ল।

কিন্তু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবে সংবিধানৰ ৩৭১ অনুেচ্ছদ স্থায়ীভাৱে বলবৎ কৰা হৈছে। এই অনুেচ্ছদ বাতিল কৰাৰ প্ৰশ্নই নাহে। কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে কয় যে চৰকাৰে অচিৰইে ‘কেব’ ঘূৰাই আনিব। ইয়াৰ বাবে উত্তৰ-পূবৰ খিলঞ্জীয়া লোকসকলে সংকিত হ’ব নালাগে।

কাৰণ তেওঁলোকৰ ঐতিহ্য আৰু স্বকীয়তা বিনষ্ট হ’বলৈ দিয়া নহয়। নতুন ‘কেব’ৰ জৰিয়তে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰা সকলক নাগৰিকত্ব দিয়া হ’ব। প্ৰণিধানযোগ্য এয়ে যে কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছিল যে উত্তৰ-পূবৰ পৰা অবৈধ প্ৰব্ৰজনকাৰীক বিতাৰিত কৰা হ’ব।

এনআৰচিত অন্তৰ্ভুক্ত হোৱা অবৈধ বাংলাদেশীক চিনাক্ত কৰি বহিষ্কাৰ কৰা হ’ব। কিন্তু এদিনৰ পিছতে ‘কেব’ৰ প্ৰসংগ উত্থাপন কৰি ২০১৪ চনৰ শেষ দিনটোলৈকে দেশত পদাপৰ্ণ কৰা সকলক ভাৰতীয় নাগৰিকৰ মৰ্যদা দিব বুলি ঘোষণাই তাৎপৰ্য বহন কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here