Home অসম ৰহাত পৰিয়ালে পাতিলে অকণি বৰুৱাৰ ১০৫ বছৰীয়া বৃদ্ধাৰ জন্মদিনঃ ৮৩ বছৰীয়া জোঁৱায়েকে...

ৰহাত পৰিয়ালে পাতিলে অকণি বৰুৱাৰ ১০৫ বছৰীয়া বৃদ্ধাৰ জন্মদিনঃ ৮৩ বছৰীয়া জোঁৱায়েকে কেক খুৱালে শতবছৰীয়া শাহুকঃ মানৱতাৰ এক বিৰল নিদৰ্শন

41
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, ৰহাঃ যিটো সময়ত নিজে জন্ম দিয়া পিতৃ-মাতৃক বয়স হ’লেই শিক্ষিত পুত্ৰ-বোৱাৰীয়ে ঘৰৰ পৰা উলিয়াই দিয়াৰ ঘটনাৰ লগতে চৰকাৰে আইন কৰি বৃদ্ধ পিতৃ-মাতৃক ভৰণ-পোষনৰ বাবে ব্যৱস্থা কৰিবলগীয়া হৈছে, সেই সময়তে সমাজৰ বাবে আহিছে এক ভাল বাৰ্তা। এগৰাকী বৃদ্ধাৰ জন্মদিন পালন। এই জন্মদিন পালন কৰিছে এটা বৃহৎ পৰিয়ালৰ সদস্যসকলে এগৰাকী ১০৫ বছৰীয়া বৃদ্ধাৰ।

ঘটনাটো ৰহাৰ পৰা তিনি কিলমিটাৰ দূৰত অৱস্থিত চাপৰমুখৰ। অঞ্চলটোৰ সকলোতকৈ বৃদ্ধাগৰাকীৰ পুত্ৰ, জীয়াৰী, জোঁৱাই, নাতি-নাতিনীসকলে পাতিলে বৃদ্ধাগৰাকীৰ এশ পাঁচ বছৰীয়া জন্মদিন। কেক কাটি পাতিলে এই জন্মদিন খুৱালে নিমন্ত্ৰণ কৰি অনা সকলক এসাজ ভাত। বৰ্তমান সময়ত মানৱ জীৱনৰ গড় আয়ুস যদিও ৫৬ বছৰ, এই সময়তে এগৰাকী বৃদ্ধাই হেলাৰঙে শতবছৰ অতিক্ৰম কৰি সুস্থ শৰীৰে বসবাস কৰি থকা ঘটনা অতি বিৰল। এনে এগৰাকী বৃদ্ধাৰ ১০৫ বছৰীয়া জন্মদিন উদযাপন কৰিলে পৰিয়ালে। মানুহগৰাকীৰ নাম অকণি বৰুৱা। বৰ্তমান বয়স ১০৫ বছৰ।

নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত চাপৰমুখ চকিয়াল গাঁৱৰ প্ৰয়াত মুক্তিযোদ্ধা মিনাৰাম বৰুৱাৰ সহধৰ্মীনি অকণি বৰুৱা ১০৫ সংখ্যক জন্মদিন আনুষ্ঠানিকভাৱে উদ্যাপন কৰিলে পৰিয়ালবৰ্গই। কালি বৃদ্ধাগৰাকীৰ চাপৰমুখ চকিয়াল গাঁওস্থিত বাসভৱনত পুত্ৰ-জী-জোঁৱায়েক আটায়ে মিলি স্থানীয় বহুসংখ্যক নিমন্ত্ৰিত অতিথিৰ উপস্থিতিত কেক্ কাটি জন্মদিন পালন কৰে।

উল্লেখ্য যে, বৃদ্ধা গৰাকীৰ ৮৩ বছৰীয়া জোঁৱায়েকেও কেক খুৱাই জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। মন কৰিবলগা বিষয় যে, ১৯১৪ চনত নগাঁৱৰ উৰিয়াগাঁৱত জন্মগ্ৰহণ কৰি অকণি বৰুৱাই মাত্ৰ ১৩ বছৰ বয়সতে চাপৰমুখ চকিয়াল গাঁৱৰ মিনাৰাম বৰুৱাৰ লগত বিবাহ পাশত আৱদ্ধ হয়। অতি কম বয়সতে সাংসাৰিক বান্ধোনত আৱদ্ধ হোৱা অকণি বৰুৱাৰ নাছিল কোনো আনুষ্ঠানিক শিক্ষা।

কিন্তু বিবাহৰ পিছত স্বামী মিনাৰাম বৰুৱাই ঘৰতে স্বৰ বৰ্ণ আৰু ব্যঞ্জন বৰ্ণবোৰ শিকাই দিছিল আৰু তেতিয়া নামমাত্ৰ চিনাকিৰে আখৰবোৰ পঢ়িব শিকিছিল। তথাপিও সাংসাৰিক হোৱাৰ পিছত তিনি পুত্ৰ আৰু চাৰিগৰাকী কন্যা সন্তান জন্ম হোৱাৰ পিছত আটায়বোৰ সন্তানকে উচ্চ শিক্ষাৰে শিক্ষিত কৰি তুলিছিল। পাছলৈ চাৰিগৰাকী সন্তানে শিক্ষকৰ চাকৰিও লাভ কৰে। উচ্চ শিক্ষাৰে শিক্ষিত নহ’লেও অকণি বৰুৱা আছিল এগৰাকী নিয়মানুৱৰ্তিতা আৰু আদৰ্শ মহিলা। সামাজিক ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আৰু মানৱীয় প্ৰমূল্যবোধৰ শিক্ষাৰে গঢ়ি তুলিছিল ঘৰখন আৰু সন্তানক।

স্বামী মিনাৰাম বৰুৱাও আছিল সমাজপ্ৰিয় আৰু জাতীয় চেতনাৰে উদ্বুদ্ধ এজন সাহসী ব্যক্তি। স্বাধীনতাৰ ভৰপক সময়ৰ পৰাই মুক্তিকামী আন্দোলনত নামি পৰি বহুবাৰ জেল পৰ্যন্ত যাব লগা হৈছিল। পাছলৈ স্বাধীনতাৰ পৰৱৰ্তী সময়ত চৰকাৰে মুক্তিযোদ্ধা হিচাপে স্বীকৃতি দি চৰকাৰী পেঞ্চন আদিও প্ৰদান কৰে। ১৯৮৫ চনত স্বামীৰ মৃত্যুৰ পিছত সাতোটাকৈ সন্তানক বুকুত বান্ধি জীৱননিৰ্বাহ কৰে। স্বাস্থ্যৰ প্ৰতি সদা সচেতন অকণি বৰুৱাৰ দেহত নাই কোনো ৰোগ। বৰ্তমান সময়লৈকে সযত্নে ৰাখিছে চকু, দাঁত, চুলি আদি। কিছুদিনৰ আগলৈকে গাঁও সমাজত ধৰ্মীয় কাম-কাজত ব্যস্ত আছিল যদিও বৰ্তমান সময়ত পৰিয়ালৰ বাধাৰ বাবে ঘৰতে থাকে অকণি বৰুৱা। উল্লেখ্য যে বৃদ্ধাগৰাকীৰ আজিৰ ১০৫ বছৰীয়া জন্মদিনত চাৰিওগৰাকীৰ জীয়েকৰ চাৰিওজন জোৱায়ক উপস্থিত আছিল আৰু এই জোৱায়েকসকলৰ ভিতৰত এজনে ৮৩, আন এজনে ৭৫ বছৰ বয়স অতিক্ৰম কৰিছে।

মাকণি বৰুৱাৰ তিনিপুত্ৰৰ ভিতৰত দুজনৰ মৃত্যু হৈছে জীৱিত আছে গজেন্দ্ৰ বৰুৱা (৬৮), চাৰিগৰাকী জীয়ৰী লাবন্য বৰুৱা (৭২), জোঁৱাই অশ্বিনী শৰ্মা (৮৩), ক্ষীৰ বৰুৱা (৭০), জোঁৱাই টিকেন্দ্ৰ বসুমতাৰী (৭৫), দীপ্তি বৰুৱা (৫৫), জোঁৱাই সমীৰণ বৰুৱা (৫৮), দুৰ্গা বৰুৱা (৫০), জোঁৱাই দীপ বৰুৱাই (৫২) পৰিয়াল পুত্ৰ বোৱাৰী, নাতি-নাতিনীসহ সকলো আহি চাপৰমুখত আয়োজন কৰিলে বৃদ্ধা অকণি বৰুৱাৰ জন্মদিন। জন্মদিনৰ লগত সংগতি ৰাখি এখন সভাও আয়োজন কৰে।

স্থানীয় ধৰ্মপ্ৰাণা মহিলা, ৰাষ্ট্ৰীয় কৃতি শিক্ষয়িত্ৰী বঁটাপ্ৰাপক প্ৰাক্তন শিক্ষয়িত্ৰী কদমী বৰাই আঁত ধৰা চমু সভাখনত পৰিয়াল বৰ্গই নিজৰ নিজৰ অনুভৱ ব্যক্তি কৰে। এই অনুষ্ঠানত স্থানীয় ৰাইজৰ লগতে ৰহাৰ স্থানীয় সাংবাদিক সুভাষ ডেকা, বুলন নাথ দীপক কুমাৰ শৰ্মা, পংকজ বৰা, ভৱজ্যোতি ডেকা, দীপক দাস, ৰমেশ নাথ, দিব্যজ্যোতি বৰঠাকুৰ, চোয়েল খৈতান, পলাশ হাজৰিকা, ফুনু শৰ্মা আদি উপস্থিত থাকে আৰু সাংবাদিক সন্থাৰ পৰা গামোচা আৰু ফুলৰ থোপাৰে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি সুস্থাস্থ্য কামনা কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here