Home মুখ্য পৃষ্ঠা পাক সন্ত্ৰাসাবাদীৰ লক্ষ্য ভাৰতীয় সেনাঃ আক্ৰমণৰ আশংকা প্ৰকাশ কৰিলে সেনা বিষয়া ছাইনীয়ে

পাক সন্ত্ৰাসাবাদীৰ লক্ষ্য ভাৰতীয় সেনাঃ আক্ৰমণৰ আশংকা প্ৰকাশ কৰিলে সেনা বিষয়া ছাইনীয়ে

30
0

ডিজিটেল ডেস্ক, নতুন দিল্লীঃ পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ লক্ষ্য হৈছে ভাৰতীয় সেনা বাহিনী আৰু অৰ্ধসামৰিক বাহিনী। বিশেষকৈ জম্মু-কাশ্মীৰত স্থাপন কৰা শিৱিৰসমূহত আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। বিগত ফেব্ৰুৱাৰী মাহত পুলৱামাত সংঘটিত কৰা ধৰণৰ হত্যাকাণ্ড পুনৰাবৃত্তি আশংকা প্ৰকাশ পাইছে। ভাৰতীয় সেনাৰ জি অ’ চিৰ মুৰববী লেঃ জেঃ এছ কে ছাইনীয়ে কালি প্ৰকাশ কৰিছে এই গুৰুত্বপূৰ্ণ তথ্য।

সেনা বিষয়াজনে ব্যক্ত কৰে যে চোৰাংচোৱা সংস্থাই লাভ কৰা তথ্য আৰু পাকিস্তানী সেনা তথা সন্ত্ৰাসবাদীৰ জৰিয়তে বিয়পি পৰা বক্তব্যৰ জৰিয়তে এনে ষড়যন্ত্ৰৰ উমান পোৱা গৈছে। ইতিমধ্যে সীমান্তৰ সাগৰীয় অঞ্চলত পাকিস্তানৰ পতাকা সম্বলিত সন্দেহজনক নাৱৰ অৱস্থিতি ধৰা পৰিছে। এই নাওসমূহৰ জৰিয়তে দক্ষিণ ভাৰতত পাক্ সেনাই প্ৰৱেশ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। সেনা বিষয়াজনে ব্যক্ত কৰে যে এই কাৰ্যত লস্কৰ-ই-তৈবাৰ সদস্যসকল জড়িত হৈ আছে।

এহাতেদি দক্ষিণ ভাৰতত আক্ৰমণৰ ষড়যন্ত্ৰ আৰু অন্যহাতেদি জম্মু-কাশ্মীৰত বাহৰ পাতি থকা সেনা-অৰ্ধসামৰিক বাহিনীৰ শিৱিৰত আক্ৰমণৰ প্ৰচেষ্টা চলোৱা হ’ব। সেয়েহে দেশৰ সকলোবোৰ চোৰাংচোৱা সংস্থা আৰু সীমান্তৰ পহৰাৰত সেনাক সতৰ্ক কৰি দিয়া হৈছে। ইতিমধ্যে জলপথেৰে অৰ্ধশতাধিক সশস্ত্ৰ সন্ত্ৰাসবাদীয়ে ভাৰতত প্ৰৱেশৰ বাবে চেষ্টা চলাই থকাৰ খবৰ পোৱা গৈছে। পাকিস্তানী সেনাই এই সকলক ভাৰতত প্ৰৱেশৰ ক্ষেত্ৰত সহায় কৰা বুলিও খবৰ ওলাইছে। মুঠৰ ওপৰত ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ চৰকাৰ আৰু সন্ত্ৰাসবাদীয়ে একত্ৰিত হৈ আক্ৰমণৰ বাবে সাজু হোৱা বুলি লেঃ জেঃ ছাইনীয়ে মন্তব্য কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here