Home মুখ্য পৃষ্ঠা জামিনৰ সম্ভাৱনা নাই চিদাম্বৰমৰঃ চলিত মাহতে অভিযোগনামা দিব চিবিআইয়ে

জামিনৰ সম্ভাৱনা নাই চিদাম্বৰমৰঃ চলিত মাহতে অভিযোগনামা দিব চিবিআইয়ে

34
0

নতুন দিল্লীঃ তিহাৰ জেলত আৱদ্ধ কংগ্ৰেছৰ হেভিৱেট নেতা তথা ৰাজ্যসভাৰ সদস্য পি চিদাম্বৰমে অতিশীঘ্ৰে মুকলি আকাশৰ তললৈ ওলাই অহাৰ সম্ভাৱনা একেবাৰে নাই। কাৰণ আইএনএক্স মিডিয়া গোচৰৰ তদন্তকাৰী সংস্থা চিবিআইয়ে চলিত মাহতে অভিযোগনামা দাখিল কৰিব আদালতত।

বৰ্তমান ১৯ ছেপ্টেম্বৰলৈকে ন্যায়িক জিম্মাত থকা চিদাম্বৰমৰ জামিন এই সময়চোৱাত গ্ৰাহ্য হোৱাৰ সম্ভাৱনা নাই। সেয়েহে অভিযোগনামাত চিদাম্বৰমকে মুখ্য কৰি তেওঁৰ পুত্ৰ কাৰ্তি চিদাম্বৰম আৰু কেইবাটাও সংস্থাৰ লগতে দহজনক অভিযুক্ত হিচাপে গণ্য কৰি আদালতত দাখিল কৰা হ’ব।

তেতিয়া চিদাম্বৰমে জামিন লাভ কৰাৰ আশা ক্ষীণ হৈ পৰিব। যোৱা ২১ আগষ্টত চিবিআইয়ে গ্ৰেপ্তাৰ কৰা চিদাম্বৰমক পোন্ধৰ দিন নিজৰ জিম্মাত ৰাখিছিল। ২০০৭ চনতে আইএনএক্স মিডিয়ালৈ বৈদেশিক পুঁজি বিনিয়োগৰ বাবে অনুমতি প্ৰদান কৰাৰ বিনিময়ত উৎকোচ লোৱা বুলি তদানীন্তন স্বত্বাধিকাৰী ইন্দ্ৰাণী আৰু পিটাৰ মুখাৰ্জীয়ে ন্যায়ালয়ত স্বীকাৰৰোক্তি প্ৰদান কৰিছে।

ইতিমধ্যে চিদাম্বৰমক বিত্ত বিভাগৰ তেতিয়াৰ অতিৰিক্ত সচিব হিন্দুশ্ৰী ষোল্লাৰ আৰু সঞ্চালক প্ৰবোধ চাবসেনাৰ সৈতে মুখামুখিকৈ জেৰা কৰিছিল। চিদাম্বৰমক ৪৫০ টা প্ৰশ্ন সুধিছিল চিবিআইয়ে। অৱশ্যে প্ৰাক্তন গৃহ আৰু বিত্ত মন্ত্ৰীজনে নিজৰ উত্তৰত অন্য কোনো ব্যক্তি বা প্ৰতিষ্ঠানৰ নাম উচ্চাৰণ কৰা নাই।

হ’লেও ৩০৫ কোটি টকীয়া আইএনএক্স মিডিয়াৰ বৈদেশিক বিনিয়োগ কেলেংকাৰিত চিদাম্বৰমক মুখ্য অভিযুক্ত কৰি অভিযোগনামা দাখিল কৰাটো নিশ্চিত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here