Home উত্তৰ-পূব ১৩ ছেপ্টেম্বৰত মেঘালয় বিধানসভাৰ নতুন অধ্যক্ষ

১৩ ছেপ্টেম্বৰত মেঘালয় বিধানসভাৰ নতুন অধ্যক্ষ

49
0

শ্বিলংঃ মেঘালয় বিধানসভাৰ তদানীন্তন অধ্যক্ষ ডনকুপাৰ ৰয়ৰ আকস্মিক মৃত্যুৰ পিছত উক্ত পদটো বৰ্তমানলৈকে খালী হৈ আছে। যোৱা ২৮ জুলাইত মৃত্যুবৰণ কৰা অধ্যক্ষজনৰ এই খালী পদ পূৰণৰ বাবে অহা ১৩ ছেপ্টেম্বৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে।

এইক্ষেত্ৰত ৰাজ্যখনৰ বিধানসভাৰ উপাধ্যক্ষ তিমথি ডি ছিৰাই ঘোষণা কৰে যে অহা ১৩ ছেপ্টেম্বৰত নতুন অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। মেঘালয় চৰকাৰে ১২ ছেপ্টেম্বৰৰ পৰা শৰৎ কালীন অধিৱেশন অনুষ্ঠিত কৰিব আৰু ইয়াৰ দ্বিতীয় দিনাই স্থায়ী অধ্যক্ষ নিৰ্বাচিত কৰিব।

প্ৰাপ্ত তথ্য মতে শাসকীয় মেঘালয় ডেম’ক্ৰেটিক এলায়েন্স দলৰ বিধায়ক তথা বৰ্তমানৰ কেবিনেট মন্ত্ৰী মেটবাহ লিংডুক পৰৱৰ্তী অধ্যক্ষ হিচাপে মনোনীত কৰাৰ সম্ভৱনা আছে। বিধানসভাত এই দলটোৰ সদস্যৰ সংখ্যা ৪০ জন।

আনহাতে বিৰোধী কংগ্ৰেছ আৰু অন্যান্যই অধ্যক্ষ পদৰ বাবে প্ৰাৰ্থীত্ব প্ৰদান কৰিব কংগ্ৰেছৰ বিধায়ক উইনাৰছন দি চাংমাক। চালমানপাৰা সমষ্টিৰ পৰা দুবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হোৱা প্ৰাৰ্থীজনৰ সমৰ্থনত অৱশ্যে ১৯ জন বিধায়কহে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here