Home অসম কংগ্ৰেছত আভ্যন্তৰীণ সংঘাত তীব্ৰতৰঃ হিমন্ত-ভুৱনেশ্বৰৰ পিছত গগৈ শিৱিৰৰ লক্ষ্য দেৱব্ৰত, একগোট হৈছে...

কংগ্ৰেছত আভ্যন্তৰীণ সংঘাত তীব্ৰতৰঃ হিমন্ত-ভুৱনেশ্বৰৰ পিছত গগৈ শিৱিৰৰ লক্ষ্য দেৱব্ৰত, একগোট হৈছে ৰিপুন-ৰকিবুল

29
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ এনআৰচিক কেন্দ্ৰ কৰি প্ৰদেশ কংগ্ৰেছৰ আভ্যন্তৰীণ কন্দল তীব্ৰতৰ হৈছে। ইয়াৰ পূৰ্বেও দলটোত চলি থকা সংঘাত চৰ্চাৰ বিষয় হৈছিল যদিও এনআৰচি প্ৰকাশৰ পিছৰে পৰা এই সংঘাত ৰাজহুৱাভাৱে পোহৰলৈ আহিছে। এইবাৰ কংগ্ৰেছৰ একাংশ নেতাৰ সমূহীয়া লক্ষ্য হৈছে বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া।

উল্লেখ্য যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সৈতে সংঘাতৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ পিছত ভুৱনেশ্বৰ কলিতাৰ দৰে জ্যেষ্ঠ নেতাই কংগ্ৰেছ ত্যাগ কৰিব লগা হ’ল। এইবাৰ গগৈ শিৱিৰৰ সমূহীয়া লক্ষ্য হৈছে দেৱব্ৰত শইকীয়া। তৰুণ গগৈয়ে নিজৰ পোন্ধৰ বছৰীয়া কাৰ্যকালত এনআৰচি উন্নীতকৰণৰ বাবে পদক্ষেপ লোৱা নাছিল। ২০০৫ চনতে সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ ত্ৰিপাক্ষিক বৈঠকত এনআৰচি উন্নীতকৰণৰ সিদ্ধান্ত লৈছিল।

কিন্তু তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে পিছৰ দহ বছৰলৈকে এনআৰচিৰ ক্ষেত্ৰত এটা খোজ আগনবঢ়ালে। যাৰ বাবে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশতহে ২০১৫ চনত এনআৰচিৰ বাবে প্ৰ-পত্ৰ বিতৰণ কৰিছিল। তৰুণ গগৈৰ গাফিলতিৰ বাবেই এনআৰচি উন্নীতকৰণ চৰকাৰীভাৱে অৱহেলিত হৈ ৰ’ল। এতিয়া চূড়ান্ত এনআৰচি প্ৰকাশৰ পিছত সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিবলৈ তৰুণ গগৈয়ে নিতৌ প্ৰতিক্ৰিয়া ব্যক্ত কৰি আছে।

তৰুণ গগৈয়ে নিযুক্তি দি যোৱা এনআৰচিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে মুখ্য ন্যায়াধীশলৈ নিজেই চিঠি লিখিছে। এনআৰচি পেলনীয়া কাগজ বুলি অভিহিত কৰি বিজেপিৰ সুৰত তৰুণ গগৈয়ে উজান দিছে। ইয়াৰ বিপৰীতে দেৱব্ৰত শইকীয়া, আব্দুল খালেক আদিয়ে এনআৰচিক আদৰণি জনোৱাৰ লগতে নাম বাদ পৰা ভাৰতীয় সকলক আইনী প্ৰক্ৰিয়াৰে নাম অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাইছে। দিল্লীত দেৱব্ৰত শইকীয়াৰ পক্ষত আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং।

কিন্তু তৰুণ গগৈয়ে নিজৰ ব্যৰ্থতা ঢাকি ৰাখি দেৱব্ৰত শইকীয়াক ডাঙৰ লিডাৰ নহয় বুলি ইতিকিং কৰাৰ লগতে দেৱব্ৰত শইকীয়াৰ ভোটেৰে তেওঁ মুখ্যমন্ত্ৰী হোৱা নাছিল বুলি মুকলিকৈ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে। গগৈক সমৰ্থন কৰিছে নিজৰ সমষ্টিত ভৰিৰ তলৰ মাটি হেৰুৱাই পেলোৱা ৰিপুন বৰা আৰু ৰকিবুল হুছেইনে। এনেকৈয়ে এনআৰচিয়ে এতিয়া প্ৰদেশ কংগ্ৰেছৰ ভিতৰুৱা কাজিয়াখন ৰাজহুৱা কৰাত সহায় কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here